সফলতা লাভৰ বাবে ঘৰলৈ আনক এইসমূহ বস্তু...

31 Dec 2025

TV9 ASSAM

হিন্দু ধৰ্মত বাস্তু শাস্ত্ৰত বিশেষ গুৰুত্ব দিয়া হয়। কোৱা হয়, যদি বাস্তুৰ নিয়ৰ ভালদৰে পালন কৰা যায় তেন্তে জীৱনত সমস্যাৰ সম্ভাৱনা কম হৈ পৰে।

ঘৰ

 ধনৰ সম্পৰ্ক মা লক্ষ্মীৰ লগত আছে। বাস্তু অনুসৰি, ঘৰত কিছুমান বস্তু ৰখা অত্যন্ত শুভ। এনে বস্তু ৰাখিলে আৰ্থিক উন্নতি হয় আৰু জীৱনত সফলতা আহে। বিশেষকৈ  ৫ বিধ বস্তুয়ে শুভ দিন আনিব পাৰে।

বস্তু

বাস্তু শাস্ত্ৰ অনুসৰি, ঘৰত পিৰামিড ৰখা অত্যন্ত শুভ। ইয়াৰ ফলত মানুহৰ চাকৰিৰ যোগ আহে আৰু জীৱনত সফলতা লাভ কৰে। ভাগ্যই লগ দিয়ে।

পিৰামিড

মান্যতা অনুসৰি, ঘৰত গণেশৰ মূৰ্তি ৰখা অত্যন্ত শুভ।  এনে ঘৰত কেতিয়াও কোনো কাম ৰৈ নাথাকে। এটা পৰিয়ালৰ সকলোৰে উন্নতি হয় আৰু সফলতা লাভ কৰে।

গণেশ

ৰামভক্ত হনুমান কলিযুগৰ জাগ্ৰতা ভগৱান বুলি কয়। আৰ্থিক দিশ মজবুত কৰাৰ বাবে ঘৰত পঞ্চমুখী হনুমানৰ ফটো লগাব পাৰে। দক্ষিণ-পশ্চিম দিশত এই ফটো লগালে ধনৰ সমস্যা নহয়।

হনুমান

বাস্তু শাস্ত্ৰ অনুসৰি, ভগৱান কুবেৰক ধনৰ দেৱতা বুলি কোৱা হয়। কুবেৰ ভগৱানৰ কৃপা থাকিলে টকা-পইচাৰ কেতিয়াও সমস্যা নহয়। ধন থোৱা ঠাইত কুবেৰৰ ফটো ৰাখিব লাগে।

কুবেৰ

ইয়াৰোপৰি আপুনি নাৰিকল, ৭টা ঘোঁৰাই দৌৰি থকা ফটো, মা লক্ষ্মীৰ ফটো, বাঁহী আদি ঘৰত ৰাখিব পাৰে। এনে কৰিলে জীৱনত উন্নতিৰ বাট মুকলি হয়।

আৰু কি কি

পঢ়িবলৈ ক্লিক কৰক 

সূৰ্যাস্তৰ পাছত কি দান নকৰে?