‘মুখ্যমন্ত্ৰীয়ে মনোযোগেৰে অসমৰ বুৰঞ্জী অধ্যয়ন কৰাৰ প্ৰয়োজন আছে’ -লুৰীণজ্যোতি গগৈ
আজি এই সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে, 'মুখ্যমন্ত্ৰীয়ে মনোযোগেৰে অসমৰ বুৰঞ্জী অধ্যয়ন কৰাৰ প্ৰয়োজন আছে। অসমৰ সমাজ জীৱনৰ সম্প্ৰীতিক বিঘ্নিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সত্যৰ অপলাপ কৰিছে।'
“অসম শংকৰ-মাধৱৰ দেশ, শংকৰ-আজানৰ নহয়”। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে আৰম্ভ হৈছে বিতৰ্কৰ। বৰ্তমান সময়খিনি অসমীয়া জাতিটোৰ দূৰ্ভাগ্যৰ সময় বুলিও একাংশ বিৰোধীয়ে মত প্ৰকাশ কৰিছে।
আজি এই সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে, ‘মুখ্যমন্ত্ৰীয়ে মনোযোগেৰে অসমৰ বুৰঞ্জী অধ্যয়ন কৰাৰ প্ৰয়োজন আছে। অসমৰ সমাজ জীৱনৰ সম্প্ৰীতিক বিঘ্নিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সত্যৰ অপলাপ কৰিছে।’
