Republic Day Wishes in Assamese: প্ৰেৰণাদায়ক উক্তিৰে সকলোকে জনাওক গণৰাজ্য দিৱসৰ শুভকামনা
গণৰাজ্য দিৱস (Republic Day) ভাৰতবৰ্ষৰ এক ৰাষ্ট্ৰীয় উৎসৱ। এই দিনটোতে ভাৰত চৰকাৰ আইন (১৯৩৫) ৰ সলনি ১৯৫০ চনত ভাৰতৰ সংবিধান গৃহীত হৈছিল আৰু ভাৰতৰ পৰিচালনাৰ নথিৰূপে পৰিগণিত হৈছিল। সেয়ে এই দিনটোত সকলোকে জনাওক শুভকামনা...
ভাৰতৰ সংবিধানখন ভাৰতৰ সংবিধান সভাই ১৯৪৯ চনৰ ২৬ নৱেম্বৰত অনুমোদন জনাইছিল। ১৯৫০ চনৰ ২৬ নৱেম্বৰত এইখন গৃহীত হোৱাৰ ফলত ভাৰত এখন স্বাধীন গণতান্ত্ৰিক দেশ হোৱাৰ প্ৰক্ৰিয়া সমাপ্ত হয়। ১৯৩০ চনৰ ২৬ জানুৱাৰীৰ দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছে পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ আগবঢ়োৱা বাবে গণৰাজ্য দিৱসৰ বাবে এই দিনটো বাছনি কৰা হয়।
প্ৰতি বছৰে গণৰাজ্য দিৱস উপলক্ষে সকলোৱে পৰিয়াল বা বন্ধু-বৰ্গৰ সৈতে কিবা নহয় কিবা পৰিকল্পনা কৰে। বহুসময়ত ব্যস্ত থাকিলেও আপোনজনক গণৰাজ্য দিৱসৰ সুকীয়াকৈ শুভেচ্ছা জনাব পাৰে।
- ভাৰতৰ গণৰাজ্য দিৱসে আমাক সোঁৱৰাই দিয়ে যে দেশৰ সেৱা কৰাটো প্ৰতিজন নাগৰিকৰ কৰ্তব্য। গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ
- আমাৰ সংবিধানত সন্নিৱিষ্ট ন্যায়, স্বতন্ত্ৰতা, সমতা আৰু ভাতৃত্ববোধৰ আদৰ্শক সাৰোগত কৰি এখন শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰত নিৰ্মাণৰ দিশত একেলগে আগুৱাই যাওঁ। গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
- গণৰাজ্য দিৱসৰ এই বিশেষ সময়ত নিজৰ দেশৰ ঐতিহ্য আৰু সংস্কৃতিক সন্মান কৰক। গণৰাজ্য দিৱসৰ শুভেচ্ছা থাকিল
- আহক আমি সকলোৱে মিলি এই মহান দেশৰ গণৰাজ্য দিৱস গৌৰৱ আৰু শ্ৰদ্ধাৰে উদযাপন কৰোঁ। জয় হিন্দ
- গণৰাজ্য দিৱসৰ বাৰ্তা হৈছে একতা, সততা আৰু ভাতৃত্ববোধ। সঁচা অন্তৰেৰে এই দিনটো উদযাপন কৰক। আপোনালোকলৈ গণৰাজ্য দিৱসৰ শুভেচ্ছা থাকিল
- গণৰাজ্য দিৱসে আমাৰ দায়িত্ব উপলব্ধি কৰায়। আহক আমি সকলোৱে মিলি নিজৰ কৰ্তব্য পালন কৰোঁ। গণৰাজ্য দিৱসৰ শুভেচ্ছা থাকিল
- আমাৰ ঐক্য আৰু বৈচিত্ৰ্যই আমাৰ দেশৰ আটাইতকৈ ডাঙৰ শক্তি। গণৰাজ্য দিৱসৰ শুভেচ্ছা থাকিল
- আহক আমি সকলোৱে মিলি আমাৰ প্ৰিয় দেশখনক সমৃদ্ধিশালী আৰু মহান কৰি তোলাৰ সংকল্প লওঁ। গণৰাজ্য দিৱসৰ শুভেচ্ছা থাকিল
- গণৰাজ্য দিৱসে আমাক সোঁৱৰাই দিয়ে যে ঐক্য আৰু ভাতৃত্ববোধ আমাৰ দেশৰ পৰিচয়। গণৰাজ্য দিৱসৰ শুভেচ্ছা থাকিল