কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিবলৈ কি খাব, কি নাখাব ?

January 23, 2026

TV9 ASSAM

যদি খাদ্যৰ যোগেদি আপুনি কৰ্কট ৰোগৰ আশংকা অলপ কম কৰিব বিচাৰে তেন্তে দুই-এবিধ খাদ্য তালিকাত ৰাখিব পাৰে।

কৰ্কট ৰোগ

কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰিবলৈ আপুনি কেনেধৰণৰ খাদ্য খাব বা কেনেধৰণৰ খাদ্য খাব নালাগে? জানোঁ আহক।

খাদ্য

নিয়মিতভাৱে শাক-পাচলিৰ প্ৰটিন অৰ্থাৎ ফাইলোটেক্সিছ খাব লাগে। এই সকলোবোৰ খাদ্যতে আঁহ থাকে। ই কলন কেন্সাৰৰ দৰে ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

শাক-পাচলি

অত্যধিক চেনি বা মিঠা খাদ্য পৰিহাৰ কৰিব লাগে। ইয়াৰ ফলত মেদবহুলতাৰ সমস্যা হ’ব পাৰে। ই একাধিক কৰ্কট ৰোগৰ আশংকা সৃষ্টি কৰে।

চেনি বা মিঠা খাদ্য

মদ্যপান আৰু ধূমপান এৰিলে কিছুমান কেন্সাৰ ৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে। এই অভ্যাস আছে যদি আজিয়ে পৰিহাৰ কৰক।

মদ্যপান আৰু ধূমপান 

প্ৰটিন নিয়মিতভাৱে খাব লাগে, কিন্তু পৰিমাপটো জানিব লাগে। যদি সঘনাই ৰঙা মাংস খায় তেন্তে ই চৰ্বিযুক্ত যকৃতৰ সম্ভাৱনাৰ সৃষ্টি কৰে। তাৰ পৰাই কেন্সাৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।

প্ৰটিন

সঠিক আৰু সীমিত পৰিমাণত সুষম আহাৰ গ্ৰহণ কৰিলে কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে। কিন্তু কোনো নিৰ্দিষ্ট খাদ্যৰ কৰ্কট ৰোগ প্ৰতিৰোধৰ ক্ষমতা নাই।

সুষম আহাৰ

পঢ়িবলৈ ক্লিক কৰক

হঠাতে ৰক্তচাপ বৃদ্ধিৰ লক্ষণবোৰ জানক