তেজপাতৰ উপকাৰী গুণৰ বিষয়ে জানক...

23 Jan 2026

TV9 ASSAM

ভাৰতীয় পাকঘৰত বিভিন্ন ধৰণৰ মচলা ব্যৱহাৰ কৰা হয়। পাকঘৰৰ বহু মচলাই বহু ৰোগৰ ঘৰুৱা উপায় হিচাপে কাম কৰে। তাৰ ভিতৰত তেজপাত অন্যতম।

ভাৰতীয় মচলা

তেজপাতৰ বহু উপকাৰী গুণ আছে।  ইয়াত কেলছিয়াম, কপাৰ, ভিটামিন চি, আয়ৰন, ভিটামিন এ, জিংক, ৰাইবোফ্লেবিনৰ লগতে বহু উপাদান আছে। যি শৰীৰৰ বাবে ভাল।

উপকাৰী গুণ

তেজপাত চাহ, খাদ্য আদি বিভিন্ন দিশত ব্যৱহাৰ কৰা হয়। ইয়াৰ উপকাৰী গুণো আছে। ই ছালৰ লগতে ব্লাড চুগাৰ নিয়ন্ত্ৰণ, হজম শক্তি ভাল আদিৰ কাম কৰে।

উপকাৰিতা

তেজপাত জ্বলাই ইয়াৰ ধোঁৱা ঘৰৰ চাৰিওফালে দিলে মানসিক চাপ কম হয়। তেজপাত জ্বলালে যি কেমিকেল বাহিৰ হয় সেয়াই মুড ভাল কৰাত সহায় কৰে।

মানসিক চাপ

তেজপাতৰ পানী পুৱা খালী পেটত খালে পাচন প্ৰক্ৰিয়া ভাল হয়। ইয়াৰোপৰি ই ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাৰ লগতে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰাত সহায় কৰে।

পানী

তেজপাত পানীত উতলাই সেয়া ঠাণ্ডা কৰি টোনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে। ই ছালৰ দাগ, শালমইনা আদি সমস্যা নোহোৱা কৰিব পাৰে। ইয়াৰোপৰি ই ছাল উজ্বল কৰে।

ছাল

তেজপাতে মহ আঁতৰ কৰাত সহায় কৰে। ৪-৫টা তেজপাত এটা পাত্ৰত লৈ তাত অলপ সৰিয়হ তেজ, অলপ কপুৰ, লং দি জ্বলাই দিব লাগে। এনে কৰিলে মহ দূৰ হয়।

মহ

পঢ়িবলৈ ক্লিক কৰক 

ব্লাড চুগাৰ হ্ৰাসৰ লক্ষণ