Hangover Cure: বেছিকৈ সুৰাপান কৰাৰ পাছত হেংঅভাৰ! উপশমৰ ৫টা ঘৰুৱা উপায়…
Hangover Solution: নতুন বছৰৰ আৰম্ভণি বুলি ক'লে বহুতে পাৰ্টি কৰে, সুৰাপান কৰে। এনে অৱস্থাত পুৱা হেং অভাৰ হোৱা দেখা যায়। এনে অৱস্থাত বহু সমস্যা হয়। গতিকে ঘৰুৱা উপায়ে হেংঅভাৰ দূৰ কৰিব পাৰে।
মাত্ৰ কিছু সময় পাছতেই আহিব নতুন বছৰ ২০২৬ (New Year 2026)। নতুন বছৰ বুলি ক’লে প্ৰায় সকলোৰে নিজা নিজা প্ৰস্তুতি। নতুনক আদৰিবলৈ বিভিন্নজনে বন্ধু-বান্ধৱ বা আত্মীয়-স্বজনৰ সৈতে পাৰ্টি কৰে। এনে পাৰ্টিত বহুতে সুৰাপান কৰা দেখা যায়। কিন্তু বেছি সুৰাপান কৰাৰ পাছত যদি হেং অভাৰ হয় তেন্তে বহুত অশান্তি অনুভৱ হ’ব পাৰে। এনে অৱস্থাত মূৰৰ বিষ, দুৰ্বলতা, বুকু জলা-পৰা,ভাগৰ আদি হ’ব পাৰে। ইয়াৰ ফলত আপোনাৰ বছৰৰ প্ৰথম দিনটো অশান্তি লাগি থাকিব পাৰে।
যদি আপুনিও নতুন বছৰ উপলক্ষে সুৰাপান কৰে আৰু হেং অভাৰ (Hangover) হয় তেন্তে ইয়াক ঘৰুৱা উপায়েৰে দূৰ কৰিব পাৰে। তলত কেইটামান ঘৰুৱা উপায় উল্লেখ কৰা হ’ল-
পানীঃ এলকহলে শৰীৰক ডিহাইড্ৰেট কৰে। গতিকে পুৱা সাৰ পোৱাৰ লগে লগে পানী খাব, যাতে শৰীৰৰ পৰা বেয়া পদাৰ্থ বাহিৰ হৈ যায়। হেলথ লাইনৰ মতে, সুৰাৰ বেছিকৈ সেৱন কৰিলে শৰীৰত পানীক অভাৱ হয় আৰু ডিহাইড্ৰেশ্যন হয়। গতিকে পৰ্যাপ্ত পৰিমাণে পানী খাব পাৰে।
নেমু আৰু মৌঃ যদি আপোনাৰ হেং অভাৰ হৈ থাকে তেন্তে নেমু পানী আৰু মৌ উপকাৰী হ’ব পাৰে। ইয়াৰ বাবে এক গিলাচ নেমু পানীত নেমু চেপি তাত এক চামুচ মৌ মিহলাই লওক। নেমুত ভিটামিন চি থাকে আৰু মৌৱে শৰীৰৰ চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে। গতিকে এয়া খোৱাৰ ফলত সামান্য সকাহ পোৱা যায়। ইয়াৰোপৰি নেমুৰ টেঙাই হেং অভাৰ ঠিক কৰাত সহায় কৰে।
নাৰিকল পানীঃ হেংঅভাৰ ঠিক কৰাৰ ক্ষেত্ৰত নাৰিকল পানীও উপকাৰী। নাৰিকলত ইলেক্ট্ৰোলাইটছ থাকে, যিয়ে শৰীৰক হাইড্ৰেট কৰে। গতিকে হেং অভাৰ দূৰ কৰিবলৈ নাৰিকল পানী খাব পাৰে।
আদা পানীঃ ইয়াৰোপৰি আপুনি আদা পানী বা আদা চাহ খাব পাৰে। ই বমি বমি ভাব নোহোৱা কৰিব পাৰে আৰু মূৰৰ বিষত কিছু সকাহ আনিব পাৰে। ইয়াৰোপৰি খাদ্য গ্ৰহণ কৰা প্ৰয়োজন।
আৰামঃ যদি আপোনাৰ মূৰ বিষাই থাকে আৰু শৰীৰ দুৰ্বল লাগি থাকে তেন্তে আৰামৰ প্ৰয়োজন। অলপ ব্যায়াম কৰিব পাৰে, যাতে তেজৰ চলাচল ভাল হয়।
(স্পষ্টীকৰণঃ সুৰা শৰীৰৰ বাবে বেয়া। ই স্বাস্থ্যৰ বাবে হানিকাৰক। কিন্তু আপুনি যদি সুৰাপান কৰে আৰু কিবা সমস্যা হয় তেন্তে এই ক্ষেত্ৰত অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব পাৰে।)
অন্য খবৰ পঢ়কঃ শীতকালত পুৱা খোজ কাঢ়িলে বৃদ্ধি হয় নেকি হাৰ্ট এটেকৰ সম্ভাৱনা,জানক…