হৈ পৰিব ধুনীয়া স্বাস্থ্যবান, নতুন বছৰত খাবলৈ আৰম্ভ কৰক এই ৫ বিধ পানীয়…
Morning Healthy Drink: পুৱাৰ সময়খিনি আমাৰ সকলোৰে বাবে গুৰুত্বপূৰ্ণ। পুৱা কিছুমান বস্তু খালে শৰীৰটো ভালে থাকে। ইয়াৰোপৰি আপুনি দিনটোত যদি কিছুমান বিশেষ পানীয় গ্ৰহণ কৰে তেন্তে উপকাৰ লাভ কৰিব।
শীতকালত মানুহে শৰীৰৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে। কিয়নো এই সময়চোৱাত বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। খাদ্যভাস আৰু বেয়া জীৱনশৈলীয়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰিব পাৰে। এনে অৱস্থাত বিভিন্ন ৰোগ হোৱাৰ আংশকা বৃদ্ধি পায়। গতিকে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখা প্ৰয়োজন। এই সন্দৰ্ভত হেলথ কোচ নিকোল এবাৰ্টে নিজৰ ইনষ্টাগ্ৰাম একাউন্টত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত তেওঁ পানীয় (Healthy Drink)ৰ কথা উল্লেখ কৰিছে।
তেওঁ কয় যে, নতুন বছৰত ভাল জীৱনশৈলী আৰম্ভ কৰক, যাতে বছৰটো ভাল যায়। মানসিক চাপ, বেয়া টোপনি, চুগাৰৰ সমস্যা, অস্বাস্থ্যকৰ খাদ্য, সুৰা আদিৰ বাবে স্নায়ুতন্ত্ৰই ক্ৰমান্বয়ে বহু ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। এনে অৱস্থাত প্ৰতিদিনে বিশেষ পানীয় সেৱন কৰিব পাৰে যিয়ে শৰীৰ ভাল ৰাখে।
কি ৫ বিধ পানীয়
আদা-নেমু পানীঃ আদা আৰু নেমু পানী স্বাস্থ্যৰ বাবে উপকাৰী। আদা আৰু নেমুৰ মিশ্ৰণে আমাৰ শৰীৰক গৰম আৰু শক্তি প্ৰদান কৰে। ই পাচনতন্ত্ৰ মজবুত কৰি ৰাখে।
হালধি-গাখীৰঃ হালধি-গাখীৰক গোল্ডেন মিল্ক বুলি কয়। ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ইয়াৰ ফলত চৰ্দি, কাহৰ পৰা উপশম, টোপনি ভাল হয় আৰু ছালত উজ্বলতা আহে। ইয়াৰোপৰি শৰীৰক সংক্ৰমণৰ পৰা ৰক্ষা কৰে।
চফৰ চাহঃ চফৰ চাহ এক প্ৰকাৰৰ হাৰ্বল টি। চফৰ গুটি পানীত উতলাই ল’ব লাগে। ২৫০ মিলিলিটাৰ গৰম পানীত ১ চামুচ চফ দি গৰম কৰিব লাগে। ইয়াক সেৱন কৰিলে পেট ফুলাৰ সমস্যা কম হয়। পাচনতন্ত্ৰ ভাল হয়। ইয়াৰোপৰি ওজন কম কৰাত ই সহায় কৰে।
ডালচেনি পানীঃ ডালচেনিৰ পানীয়ে হজম শক্তি ভাল কৰে। ইয়াৰোপৰি ই ব্লাড চুগাৰ নিয়ন্ত্ৰণ, ওজন হ্ৰাস, ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ কাম কৰে। এয়া সেৱন কৰিলে গেছৰ সমস্যা, এচিডিটি, কলেষ্টেৰল, চৰ্দি-কাহ আদিৰ সমস্যাৰ পৰা সকাহ পোৱা যায়।
গ্ৰীণ টিঃ গ্ৰীণ টিয়ে আমাৰ শৰীৰক গৰম আৰু শক্তি প্ৰদান কৰে। ই মানসিক চাপ কম কৰে। ইয়াৰোপৰি বিপাকীয় ক্ৰিয়া ভল কৰে পাচনপ্ৰক্ৰিয়া মজবুত কৰে। ইয়াত এন্টিঅক্সিডেন্ট থাকে, যিয়ে শৰীৰক ডিটক্স কৰে আৰু বেমাৰৰ পৰা ৰক্ষা কৰে।
(স্পষ্টীকৰণঃ ওপৰোক্ত লেখাটোত কিছুমান সাধাৰণ দিশ উল্লেখ কৰা হৈছে। যদি আপোনাৰ কোনো শাৰীৰিক সমস্যা আছে তেন্তে যিকোনো বস্তু সেৱন কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।)
অন্য খবৰ পঢ়কঃ আৰ্থিক সংকট দূৰ আৰু সফলতা লাভৰ বাবে ঘৰলৈ আনক এইসমূহ সামগ্ৰী…