শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Year End: ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা বছৰটোৰ শেষ সূর্যাস্ত

Year End: ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা বছৰটোৰ শেষ সূর্যাস্ত

barasha-misra
Barasha Misra | Published: 31 Dec 2025 20:56 PM

সময় নিজ গতিৰে গৈ আছে। পুৰণিক বিদায় দি নতুন বছৰৰ উৎসাহ ইতিমধ্যে সকলোৱে অনুভৱ কৰিবলৈ লৈছে। এতিয়া সকলোৱে নতুন বছৰটোত কেনেদৰে ভালদৰে উদযাপন কৰিব পাৰে তাৰ পৰিকল্পনা কৰিছে। ২০২৬ চনে যেন জীৱনত বহুত সুখ কঢ়িয়াই আনে।

আজি ২০২৫ বৰ্ষৰ অন্তিমটো দিন। এয়া ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা বছৰটোৰ শেষ সূর্যাস্ত। কাইলৈ নতুন বৰ্ষৰ প্ৰভাৱে আগুৰিব সকলোকে!  ২০২৫ বৰ্ষক বিদায় দি নতুন বছৰক আদৰিবলৈ সাজু হৈছে অসমবাসী। মাজত মাত্ৰ আৰু কেইটামান ঘণ্টা, তাৰ পাছতেই হ’ব নৱবৰ্ষৰ আগমন। কাইলৈ নতুন সম্ভাৱনা লৈ এটা নতুন বৰ্ষ আৰম্ভ হ’ব।

সময় নিজ গতিৰে গৈ আছে। পুৰণিক বিদায় দি নতুন বছৰৰ উৎসাহ ইতিমধ্যে সকলোৱে অনুভৱ কৰিবলৈ লৈছে। এতিয়া সকলোৱে নতুন বছৰটোত কেনেদৰে ভালদৰে উদযাপন কৰিব পাৰে তাৰ পৰিকল্পনা কৰিছে। ২০২৬ চনে যেন জীৱনত বহুত সুখ কঢ়িয়াই আনে। নৱবৰ্ষ সমগ্ৰ বিশ্বতে উদযাপন হয়। নতুন বছৰ মানেই যেন নতুন আশা, নতুন মানেই আৰম্ভণি, নতুন মানেই সম্ভাৱনা। পুৰণি বছৰৰ স্মৃতিবোৰ ৰক্ষা কৰি নতুন কৃতিত্বৰ দিশত আগবাঢ়ি যোৱাৰ এই সময়। সকলোৱে সুখ আৰু ইতিবাচকতাৰে নতুন বছৰটো আৰম্ভ কৰিব বিচাৰে। কাইলৈ নতুন প্ৰভাত হব আৰু আৰম্ভ হব ২০২৬ বৰ্ষ।