শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
বছৰৰ শেষত চাওক কিমান শক্তি বাঢ়িল ভাৰতীয় সেনাৰ?

বছৰৰ শেষত চাওক কিমান শক্তি বাঢ়িল ভাৰতীয় সেনাৰ?

raj-saikia
Raj Saikia | Published: 31 Dec 2025 21:04 PM

দেশীয় প্ৰযুক্তিৰ এই বিজয়োল্লাসৰ আটাইতকৈ ডাঙৰ বিষয় হ'ল এই বিপুল পৰিমাণৰ ক্ৰয়ৰ ক্ষেত্ৰত জোৰ দিয়া হৈছে দেশীয় প্ৰযুক্তিৰ ওপৰত। থলুৱা প্ৰযুক্তিৰ অস্ত্ৰ ক্ৰয়ৰ ক্ষেত্ৰত টাটা, ভাৰত ফ'ৰ্জ আৰু এল এণ্ড টিৰ দৰে সংস্থাৰ ওপৰত ভৰসা ৰাখিছে কেন্দ্ৰীয় চৰকাৰে।

২০২৫ বৰ্ষই আজি মেলানি মাগিলে আমাৰ পৰা। বছৰৰ এই অন্তিম ক্ষণত এক ডাঙৰ সিদ্ধান্ত ল’লে কেন্দ্ৰীয় চৰকাৰে। ভাৰতীয় সেনাৰ আধুনিকীকৰণৰ বাবে প্ৰায় ৭৯,০০০ কোটি টকাৰ অস্ত্ৰ ক্ৰয়ত সেউজ সংকেত কেন্দ্ৰৰ। ইয়াৰ সিংহভাগ খৰচ কৰা হ’ব সেনাৰ ফায়াৰপাৱাৰ বা আগ্ৰাসী ক্ষমতা বৃদ্ধিত। চীন আৰু পাকিস্তান দুয়োটা সীমান্ততেই ব্যাপক প্ৰভাৱ পেলাব এই নতুন ৰণসজ্জাই।

দেশীয় প্ৰযুক্তিৰ এই বিজয়োল্লাসৰ আটাইতকৈ ডাঙৰ বিষয় হ’ল এই বিপুল পৰিমাণৰ ক্ৰয়ৰ ক্ষেত্ৰত জোৰ দিয়া হৈছে দেশীয় প্ৰযুক্তিৰ ওপৰত। থলুৱা প্ৰযুক্তিৰ অস্ত্ৰ ক্ৰয়ৰ ক্ষেত্ৰত টাটা, ভাৰত ফ’ৰ্জ আৰু এল এণ্ড টিৰ দৰে সংস্থাৰ ওপৰত ভৰসা ৰাখিছে কেন্দ্ৰীয় চৰকাৰে। এইখিনিতে এটা প্ৰশ্ন স্বাভাৱিকতেই উত্থাপন হয়, বিদেশৰ পৰা অস্ত্ৰ আমদানিৰ দিন অন্ত পৰিল নেকি?

অপাৰেচন সেন্দূৰৰ পাছত ভাৰতীয় সেনা বাহিনীয়ে গুৰুত্ব প্ৰদান কৰিছে নিজৰ শক্তি বৃদ্ধিত। আৰু এই ক্ষেত্ৰত বাজি মাৰিবলৈ সাজু DRDO ৰ এটেকছ (ATAGS) গান ছিষ্টেম। ১৫৫ এমএম/৫২ কেলিবাৰৰ এই কামানে ৪৮ কিলোমিটাৰ পৰ্যন্ত নিখুঁত লক্ষ্যত আঘাত হানিব পাৰে। ইমানদিনে সীমান্তত দূৰলৈ নিক্ষেপ কৰিব পৰা কামানৰ যি অভাৱ আছিল সেয়া এইবাৰ পূৰণ হ’ব। ইয়াৰ লগতে মেকানাইজড ইনফেণ্ট্ৰিৰ বাবে অনা হৈছে আৰু অধিক K-9 বজ্ৰ, যাক যিকোনো ধৰণৰ ভূপৃষ্ঠৰে দ্ৰুতভাৱে কঢ়িয়াব পাৰি।