New Year Party: ৩১ ডিচেম্বৰৰ খানাত এইদৰে লওক হাঁহৰ সৈতে কোমোৰাৰ জুতি!
কোমোৰাৰ সৈতে হাঁহৰ মাংসৰ জুটি প্ৰত্যেকজন অসমীয়াই ভাল পায়। অসমীয়াৰ প্ৰায় বিভিন্ন অনুষ্ঠাত এইখন ব্যঞ্জন থাকে।
আজি ৩১ ডিচেম্বৰ। ২০২৫ বৰ্ষক বিদায় জনাবলৈ সাজু সকলো। পুৰণি বছৰটোক বিদায় দি নতুন বছৰক আদৰাৰ প্ৰস্তুতি চৌদিশে। এতিয়া সকলোৱে নতুন বছৰটোক আদৰিব। নতুন বৰ্ষটোক আদৰাৰ পূৰ্বে সকলোৱে এসাজ খাবলৈ সাজু হৈছে। গতিকে ৩১ ডিচেম্বৰৰ খানাত এইদৰে লওক হাঁহৰ সৈতে কোমোৰাৰ জুতি…
কোমোৰাৰ সৈতে হাঁহৰ মাংসৰ জুটি প্ৰত্যেকজন অসমীয়াই ভাল পায়। অসমীয়াৰ প্ৰায় বিভিন্ন অনুষ্ঠাত এইখন ব্যঞ্জন থাকে। কোমোৰা এনে এবিধ পাচলি যাক কুমলীয়াৰ পৰা পূৰঠ, আনকি শুকান অৱস্থাতো খাব পাৰি। কোমোৰাত থকা দুবিধ বিশেষ উপাদান- Alunsenol আৰু Multiflorenolৰ বাবে ৰুগীয়া কোষত সুস্থ আৰু সবল কৰি ৰখাৰ ক্ষমতা থাকে বুলি পোহৰলৈ অহাৰ পিছত ইয়াৰ ব্যৱহাৰিক গুৰুত্বও ভালেখিনি বৃদ্ধি পাইছে।
গৱেষণাত পোৱা তথ্যনুসৰি, বগা কোমোৰাই আইৰণৰ অভাৱ দুৰ কৰাৰ উপৰিও ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ কাম কৰে। কেৱল এয়াই নহয়, ইয়াত মেদবহুলতা-প্ৰতিৰোধী আৰু এণ্টিঅক্সিডেণ্ট গুণাগুণ আছে। এইবোৰৰ উপৰি কোমোৰাৰ উপকাৰিতা সন্দৰ্ভত আৰু ভালেখিনি তথ্য পোৱা গৈছে।
কোমোৰাৰ সৈতে হাঁহ
অসমীয়া মানুহে হাঁহৰ মাংস খাই যথেষ্ঠ ভাল পায়। যেতিয়া ইয়াক কোমোৰাৰ সৈতে প্ৰস্তুত কৰা হয় তেতিয়া তাৰ সোৱাদ দুগুন হৈ পৰে। আজি জানক ইয়াক ৰন্ধাৰ সহজ উপায়-
আমাক উপকৰণত লাগিব- সৰিয়হ তেল আধা কাপ, কটা হাঁহৰ মাংস ৪০০ গ্ৰাম, সৰু কোমোৰা এটাৰ আধা ফাল, আদা,পিয়াজ সৰু দুটা,কেঁচা জলকীয়া, নহৰু ৮ ফুট, তেজপাত এখিলা, জিৰা গুৰি দুচামুচ, জালুক গুৰি এচামুচ,গৰম মচলা পেষ্ট এচামুচ, হালধি আৰু নিমখ সোৱাদ অনুসৰি।
ৰন্ধন প্ৰণালী:
- ধুই লৈ পানী আঁতৰাই লোৱা মাংসখিনি হালধি নিমখ সানি ৰঙচুৱা হোৱাকৈ ভাজি লওক।
- কোমোৰা টুকুৰাবোৰো সেই তেলতে ভাজি লৈ উঠাই থলোঁ।
- এতিয়া তেলত প্ৰথমে তেজপাত দি পেষ্ট কৰি থোৱা পিয়াজ, আদা, নহৰু, জলকীয়াখিনি ঢালি কম জুইত খুব ভালদৰে ভাজি লৈ তাত আগতে ভাজি উঠাই থোৱা মাংস আৰু কোমোৰাখিনি দি জোখ মতে নিমখ আৰু হালধি আৰু গৰম মচলা খিনিৰ বাহিৰে বাকীখিনি দি ভালদৰে ভাজি লওক।
- ভালদৰে ভজা হোৱাৰ পিছত পানী দি ঢাকনি লগাই ১৫ মিনিট মান সিজিলৈ এৰি দিব। আকৌ গৰম মচলাৰ পেষ্ট খিনি মিহলাই ঢাকনি লগাই ৫ মিনিট উতলাই নমাই দিয়ক।
- এইদৰে কম সময়তে প্ৰস্তুত হৈ পৰিব হাঁহ কোমোৰাৰ এখন সোৱাদলগা ব্য়ঞ্জন।