শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ওজন বৃদ্ধিক লৈ চিন্তিত নেকি? নিতে পুৱা খালী পেটত খাওক মাত্ৰ এইবিধ যাদুকৰী পানীয়, পাব সুফল

নিশ্চিতভাৱে প্ৰতিজন ব্যক্ত স্বাস্থ্য সচেতন হোৱাটো অতি প্ৰয়োজনীয়। ইয়াৰ দ্বাৰা মেদবহুলতাৰ লগতে সামগ্ৰিক স্বাস্থ্য অটুট ৰখা সম্ভৱপৰ হয়। কিছুমান সহজ প্ৰাকৃতিক উপায়েৰে আমি এনে উপকাৰিতা লাভ কৰিব পাৰোঁ।

ওজন বৃদ্ধিক লৈ চিন্তিত নেকি? নিতে পুৱা খালী পেটত খাওক মাত্ৰ এইবিধ যাদুকৰী পানীয়, পাব সুফল
ওজন হ্ৰাসত সহায়ক এইবিধ পানীয়Image Credit source: Unsplash
Monjit Dutta
Monjit Dutta | Published: 06 Jan 2026 14:56 PM

ওজন বৃদ্ধি তথা মেদবহুলতাৰ সমস্যা আজিৰ সময়ত বহু লোকৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। যুৱক-যুৱতীসকলো চিকাৰ হৈছে এই সমস্যাৰ। মেদবহুলতাৰ পৰা ৰক্ষা পৰিবলৈ অধিকাংশ লোকেই এতিয়া জিমৰ আশ্ৰয় লৈছে। নিশ্চিতভাৱে প্ৰতিজন ব্যক্ত স্বাস্থ্য সচেতন হোৱাটো অতি প্ৰয়োজনীয়। ইয়াৰ দ্বাৰা মেদবহুলতাৰ লগতে সামগ্ৰিক স্বাস্থ্য অটুট ৰখা সম্ভৱপৰ হয়। কিছুমান সহজ প্ৰাকৃতিক উপায়েৰে আমি এনে উপকাৰিতা লাভ কৰিব পাৰোঁ। এইক্ষেত্ৰত কিছুমান মছলা অতি উপকাৰী প্ৰমাণিত হয়।

সাধাৰণতে আমাৰ অধিকাংশ লোকৰ পাকঘৰতে উপলব্ধ এবিধ মছলা হৈছে জিৰা। এই মছলাবিধে যে কেৱল খাদ্যৰ সোৱাদহে বৃদ্ধি কৰে, এনে নহয়। জিৰা সামগ্ৰিক স্বাস্থ্যৰ বাবেও অত্যন্ত উপকাৰী। বিশেষকৈ মেদবহুলতা বা ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত ই যাদুকৰী সমাধান হৈ পৰিব পাৰে।

এনে চমকপ্ৰদ উপকাৰিতা লাভৰ বাবে জিৰা মাত্ৰ সঠিক উপায়েৰে ব্যৱহাৰ কৰিব লাগে। নিয়মিত পুৱা জিৰা আৰু মৌৰ মিশ্ৰণৰ পানীয় গ্ৰহণ কৰিলে আপোনাৰ ওজন হ্ৰাসৰ চেষ্টা সফল হৈ পৰিব। জিৰা পানীয়ই কিদৰে ওজন হ্ৰাসত সহায় কৰে, জানো আহক-

ডিটক্সৰ কাম কৰে

জিৰাই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ নিষ্কাষণ কৰাত সহায় কৰে। ইয়াৰ ফলত পেট ফুলা, পেটৰ বিষ, বমি আদি সমস্যা হ্ৰাস পায়। এই পানীয়ই বহু দেৰিলৈকে পেট ভৰাই ৰাখে, ফলত আমি অতিৰিক্ত খাদ্য খোৱাৰ পৰা বিৰত থাকোঁ।

অতি কম কেলৰি

এচামুচ জিৰাত মাত্ৰ ৮ কেলৰি থাকে। গতিকে জিৰা পানীয় খালে অতিৰিক্ত কেলৰিৰ চিন্তা নাথাকে, বৰঞ্চ ই ভোক নিয়ন্ত্ৰণ কৰি ওজন কমোৱাত সহায়হে কৰে।

বিপাকীয় ক্ৰিয়া উন্নত কৰে

পুষ্টিবিদসকলৰ মতে, জিৰা পানীয়ই শৰীৰৰ বিপাকীয় ক্ৰিয়া সক্ৰিয় কৰে, ই কেলৰি বাৰ্ণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। লগতে পাচন এনজাইমসমূহক সঠিকভাৱে কাম কৰাত সহায় কৰে, ফলত খাদ্য সোনকালে হজম হয়।

ব্লাড চুগাৰ নিয়ন্ত্ৰণ

জিৰাত ডায়েবেটিছ বিৰোধী গুণ থাকে। ই ইনচুলিনৰ সংবেদনশীলতা উন্নত কৰে আৰু ব্লাড চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে। ওজন কমাবলৈ ব্লাড চুগাৰ সন্তুলিত হৈ থকাটো অতি প্ৰয়োজনীয়।

এনে উপকাৰিতা লাভৰ বাবে নিশা এগিলাচ পানীত ১-২ চামুচ জীৰা তিয়াই থওক। পুৱা পানীখিনি চেকি লৈ তাত এচামুচ মৌ মিহলাই খালী পেটত খাব। অৱশ্যে কোনো সমস্যা থাকিলে এই অভ্যাস গঢ়াৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়।