শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰাজহাড় ভাঙি পত্নীক দিলে তিনি তালাক…যৌতুকত গাড়ী নোপোৱাৰ বাবে দানৱ হৈ পৰিল চিকিৎসক স্বামী

যৌতুকত গাড়ী নোপোৱাৰ বাবে এগৰাকী মহিলাক তিনি তালাক দিয়াৰ অভিযোগ উত্থাপন হৈছে এগৰাকী চিকিৎসক স্বামীৰ বিৰুদ্ধে । কেৱল সেয়াই নহয় স্বামীৰ ভায়েকৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ মহিলাগৰাকীৰ ।

ৰাজহাড় ভাঙি পত্নীক দিলে তিনি তালাক…যৌতুকত গাড়ী নোপোৱাৰ বাবে দানৱ হৈ পৰিল চিকিৎসক স্বামী
প্ৰতীকী ফটো
manas-borah
Manas Borah | Updated On: 23 Jun 2025 21:33 PM

যৌতুক হিচাপে লাগে বিলাসী বাহন। বিচৰামতে যৌতুক নোপোৱাৰ বাবেই তিনি তালাক ! যৌতুকত গাড়ী বিচৰাজন কেৱল এজন সাধাৰণ নাগৰিক নহয়। নহয় কোনো উদণ্ড স্বভাৱৰ যুৱক। তেওঁ হৈছে এজন চিকিৎসক। উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ পৰা পোহৰলৈ আহিছে এগৰাকী মহিলাক যৌতুকৰ বাবে হাৰাশাস্তি কৰাৰ এক চাঞ্চল্যকৰ গোচৰ। অভিযোগ অনুসৰি, চিকিৎসক স্বামী আৰু শহুৰেকে যৌতুকত গাড়ী নোপোৱাৰ বাবে অত্যাচাৰ কৰিছিল মহিলাগৰাকীক। লগতে মহিলাগৰাকীক কৰিছিল মাৰপিট। ফলত ৰাজহাড়ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মহিলাগৰাকী।

ইফালে, কেৱল মাৰপিটতে ক্ষান্ত থকা নাছিল চিকিৎসক স্বামী। বিতৰ্কিত ট্ৰিপল তালাক দি মহিলাগৰাকীক ঘৰৰ পৰাও খেদি পঠিয়াইছে স্বামীয়ে। ইতিমধ্যে এই গোচৰত ভুক্তভোগী মহিলাগৰাকীয়ে যৌতুক হাৰাশাস্তিকে ধৰি বিভিন্ন ধাৰাত স্বামী আৰু শহুৰেকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। ভায়েকৰ বিৰুদ্ধেও নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে ।

ভুক্তভোগী মহিলাগৰাকী সাদাতগঞ্জ আৰক্ষী থানা এলেকাৰ নিবাসী। তেওঁ ২০২১ চনৰ মাৰ্চ মাহত কেম্পবেল ৰোডৰ দন্ত চিকিৎসক ছাদাব আখতাৰ ছিদ্দিকীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা বুলি জানিবলৈ দিছে মহিলাগৰাকীয়ে।

খবৰ অনুসৰি, বিয়াৰ সময়ত মহিলাগৰাকীৰ পিতৃ-মাতৃয়ে নগদ পাঁচ লাখ টকা, গহনা আৰু অন্যান্য সামগ্ৰী যৌতুক হিচাপে দিছিল। ইয়াৰ পিছতো তেওঁৰ স্বামী আৰু শহুৰেকে বিয়াৰ পিছৰে পৰা গাড়ী এখনৰ দাবী জনাইছিল বুলি অভিযোগ কৰিছে মহিলাগৰাকীয়ে। এই বিষয়টোক লৈ প্ৰতিদিনে মহিলাগৰাকীক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰিছিল। মহিলাগৰাকীক বেয়া খাদ্য খুৱাই ঠাট্টা-মস্কৰা কৰিছিল শাহুৱেকে।

ইফালে, ভুক্তভোগীয়ে কয় যে, স্বামীৰ ভায়েকে তেওঁৰ সৈতে বহুবাৰ শৰীৰিক সম্পৰ্কৰ চেষ্টা কৰিছিল । প্ৰতিবাৰতে বাধা প্ৰদান কৰি পলাই গৈছিল মহিলাগৰাকী। এই বিষয়ে তেওঁ স্বামী আৰু শাহুৱেকৰ ওচৰত অভিযোগ দিছিল। কিন্তু তেওঁলোকে মহিলাগৰাকীক মনে মনে থাকিবলৈ পৰামৰ্শ দিয়ে। নহ’লে বিবাহ বিচ্ছেদৰ ভাবুকি দিয়া বুলি অভিযোগ কৰিছে মহিলাগৰাকীয়ে।

অভিযোগ কৰা হৈছে যে, ইয়াৰ পিছত তেওঁক আৰু তেওঁৰ কণমানি কন্যাক ঘৰৰ পৰা বাহিৰ কৰি দিয়া হৈছিল। মাক-দেউতাকৰ ঘৰত থকাৰ সময়তে স্বামীয়ে পুনৰ গাড়ী বিচাৰি মাক-দেউতাকৰ ঘৰলৈ গৈছিল। পৰিয়ালে তেওঁক পতিয়ন নিয়াবলৈ চেষ্টা কৰাৰ পিছতো তেওঁ মান্তি নহ’ল আৰু তিনিবাৰ তালাক কৈ গুচি আহিল। মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এই বিষয়ত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।