শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গাখীৰ ফাটিলেও নাযায় অথলেঃ ঘৰতে প্ৰস্তুত কৰিব পাৰিব এই চাৰিবিধ সামগ্ৰী

গৰমত প্ৰায়ে গাখীৰ ফাটি যাব পাৰে। গাখীৰ ফাটিলে পেলাই দিয়াৰ পৰিৱৰ্তে বহু বস্তু বনাব পাৰি। ইয়াৰ পিছতো ৰৈ যোৱা পানীতো পুষ্টিকৰ উপাদান থাকে আৰু এই পানীয়ো ভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰে। ফাটি যোৱা গাখীৰৰ পৰা তৈয়াৰী পাঁচবিধ সোৱাদযুক্ত সামগ্ৰীৰ বিষয়ে জানো আহক।

monjit-dutta
Monjit Dutta | Published: 22 Jun 2025 20:36 PM
যদি গ্ৰীষ্মকালত অলপো গুৰুত্ব দিয়া নহয়, গাখীৰ সাধাৰণতে ফাটি যাব পাৰে। এইদৰে ফাটি যোৱা গাখীৰত পিছে প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে, গতিকে এই গাখীৰ পেলাই দিয়াৰ পৰিৱৰ্তে ইয়াৰ সহায়ত নতুন খাদ্যবস্তু প্ৰস্তুত কৰিব পাৰে।

1 / 5
ফাটি যোৱা গাখীৰ ব্যৱহাৰ কৰাৰ আটাইতকৈ উত্তম উপায় হ’ল পনীৰ প্ৰস্তুত কৰা। পানীখিনি নিষ্কাশন কৰি বাকী থকা গাখীৰখিনিৰে পনীৰ প্ৰস্তুত কৰিব পাৰে। পনীৰৰ সোৱাদ আমাৰ সকলোৰে জ্ঞাত। তদুপৰি ইয়াৰ স্বাস্থ্য উপকাৰী গুণো যথেষ্ট।

2 / 5
যদি গাখীৰ ফাটি গৈছে, তেতিয়া ঘৰতে ভেজ মেয়নেজ বনাব পাৰে। পানীখিনি পৃথক কৰি লোৱাৰ পিছত গাখীৰখিনিত আধা চামুচ ভিনেগাৰ, সৰিয়হৰ গুৰি, জালুক, সামান্য নিমখ, আৰু কিছু কাজু দিব। এই মিশ্ৰন ক্ৰীমৰ দৰে নোহোৱালৈকে ভালদৰে মিহলাই লওক। এই মেয়নেজ এটা বন্ধ পাত্ৰত সোমোৱাই ফ্ৰীজত ৰাখিব।

3 / 5
গাখীৰ ফাটিলে ৰসগুল্লা প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ বাবে গাখীৰ চেপি সকলো পানী উলিয়াই তাৰ পিছত ভালদৰে গুড়ি কৰি লওক আৰু এই সময়ছোৱাত তাত এচামুচ ঘিউ দি তাৰ পৰা সৰু সৰুকৈ ৰসগুল্লাৰ আকাৰ দি লওক। কেৰাহীত সোৱাদ অনুসাৰে চেনিৰ ৰস প্ৰস্তুত কৰি তাত এই ৰসগোল্লা পেলাই কিছু সময় উতলাব।

4 / 5
ফাটি যোৱা গাখীৰৰ পৰা ৰসমালাই বনাব পাৰে। প্ৰথমে গাখীৰখিনি কাপোৰ এখনত চেপি সকলো পানী পৃথক কৰি ভালদৰে গুড়ি কৰি লওক। তাৰ পিছত ইয়াৰ পৰা সৰু সৰুকৈ গোল কৰি ৰসমালাইৰ আকৃতি দি ল’ব। চেনিৰ ৰসত ৰসমালাই দি কিছু সময় উতলাই কেৰাহীত গাখীৰ গৰম কৰি তাত কিছু শুকান ফল আৰু কেশৰ দিব। প্ৰস্তুত কৰা ৰসমালাইখিনি চেনীৰ ৰসৰ পৰা উলিয়াই গাখীৰখিনিত দিব। এইদৰে সহজে ঘৰতে প্ৰস্তুত কৰিব পাৰিব সোৱাদযুক্ত ৰসমালাই।

5 / 5