শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ পুনৰাবৃত্তি! বিয়াৰ এমাহ নৌহওঁতেই তেজেশ্বৰৰ মৃতদেহ উদ্ধাৰ…

ৰাজা ৰঘুবংশী দৰে হত্যাৰ বলি হ'ল নেকি অন্ধ্ৰ প্ৰদেশৰ এজন যুৱক ? বিয়াৰ এমাহৰ পাছত উদ্ধাৰ যুৱকজনৰ মৃতদেহ। ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ পাছতে আন এক ঘটনাই সমগ্ৰ দেশত চৰ্চা লাভ কৰিছে।

ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ পুনৰাবৃত্তি! বিয়াৰ এমাহ নৌহওঁতেই তেজেশ্বৰৰ মৃতদেহ উদ্ধাৰ…
অন্ধ্ৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ উদ্ধাৰ !Image Credit source: X Handle
manas-borah
Manas Borah | Updated On: 23 Jun 2025 22:18 PM

ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ পুনৰাবৃত্তি! ৰাজা ৰঘুবংশী দৰে হত্যাৰ বলি হ’ল নেকি অন্ধ্ৰ প্ৰদেশৰ এজন যুৱক ? বিয়াৰ এমাহৰ পাছত উদ্ধাৰ যুৱকজনৰ মৃতদেহ। ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ পাছতে আন এক ঘটনাই সমগ্ৰ দেশত চৰ্চা লাভ কৰিছে। ইতিমধ্যে নৱবিবাহিতা আৰু তেওঁ মাতৃৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে যুৱকজনৰ পৰিয়ালে। আৰক্ষীয়েও দুয়োগৰাকীক আটক কৰিছে বুলি জানিব পৰা গৈছে ।

অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুলৰ(Kurnool) বাসিন্দা যুৱকজনৰ নাম তেজেশ্বৰ। যুৱকজনৰ বয়স ৩২ বছৰ। ১৮ মে’ত পত্নী ঐশ্বৰ্যৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল তেজেশ্বৰ । বিয়া হোৱাৰ এমাহ নৌহওঁতেই ১৭ জুনত নিৰুদ্দেশ হৈছিল তেজেশ্বৰ। চাৰি দিনৰ পাছত আজি এটা খাৱৈত উদ্ধাৰ হয় তেজেশ্বৰৰ মৃতদেহ।

জনা গৈছে যে, তেজেশ্বৰে ভূমি জৰীপৰ কাম কৰিছিল। তেওঁ এগৰাকী নৃত্যৰ প্ৰশিক্ষকও আছিল। ঐশ্বৰ্যৰ লগত তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছিল। যোৱা ফেব্ৰুৱাৰী মাহত দুয়োৰে বিয়া হ’ব লাগিছিল যদিও বিয়াৰ আগতে হঠাতে ঐশ্বৰ্য নোহোৱা হৈ যায়।

কিছুদিন পিছত ঐশ্বৰ্য উভতি আহে। তেজেশ্বৰৰ পৰিয়ালে বাৰে বাৰে তেওঁক ঐশ্বৰ্যক বিয়া নকৰাবলৈ কৈছিল যদিও তেজেশ্বৰে ঐশ্বৰ্যক বিয়া কৰাব বুলি জোৰ দিছিল। যোৱা মে’ মাহত দুয়োটা পৰিয়ালে জোৰ-জবৰদস্তি কৰি বিবাহৰ বাবে সন্মতি প্ৰকাশ কৰিছিল।

১৭ জুনত হঠাৎ নিৰুদ্দেশ হৈ থকা তেজেশ্বৰৰ মৃতদেহ আজি কুৰ্ণুলৰ এটা খাৱৈৰ পৰা উদ্ধাৰ কৰা হয় । তেজেশ্বৰৰ পৰিয়ালৰ দাবী, ঐশ্বৰ্য আৰু তেওঁৰ মাতৃ সুজাতাই তেজেশ্বৰক হত্যা কৰিছিল। মৃত যুৱকজনৰ পৰিয়ালৰ দাবী, ঐশ্বৰ্যৰ মাতৃয়ে বেংকত কাম কৰিছিল। সেই বেংকৰ এজন কৰ্মচাৰীৰ সৈতে ঐশ্বৰ্যৰ সম্পৰ্ক আছিল। একে সময়তে দুটা সম্পৰ্ক ৰাখিছিল ঐশ্বৰ্যই। পিছত তাই বলপূৰ্বকভাৱে তেজেশ্বৰক বিয়া কৰায়। বৰ্তমান আৰক্ষীয়ে ঐশ্বৰ্য আৰু তেওঁৰ মাতৃ সুজাতাক আটক কৰি জেৰা অব্যাহত ৰাখিছে।