“এক বিধান, এক নিশান আৰু এক প্ৰধান”, শ্যামা প্ৰসাদ মুখাৰ্জীৰ শ্লোগান আওৰাই কি ক’লে উপ-ৰাষ্ট্ৰপতিয়ে ?
জম্মু-কাশ্মীৰৰ একত্ৰীকৰণৰ ক্ষেত্ৰত মুখাৰ্জীৰ অৱদানৰ কথা উল্লেখ কৰি ধনখড়ে ১৯৫২ চনত প্ৰচাৰৰ সময়ত উত্থাপিত শক্তিশালী শ্লোগানটোৰ ওপৰত আলোকপাত কৰে- "তেওঁৰ শ্লোগান আছিল যে, এক বিধান, এক নিশান আৰু এক প্ৰধান হগা দেশ মেইন, দো নাহি হংগে"।

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে বালিদান দিৱসৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে । তেওঁ কয় যে, আমাৰ দেশৰ ইতিহাসত আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ। আজি ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ মৃত্যু বাৰ্ষিকীত ‘বলিদান দিৱস’ পালন কৰিছে সমগ্ৰ দিশে। শ্যামা প্ৰসাদ মুখাৰ্জীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ধনখড়ে কয় যে, তেওঁ “এক বিধান, এক নিশান আৰু এক প্ৰধান হগা দেশ মেইন, দো নাহি হংগে” এটা ডাঙৰ শ্লোগান দিছিল। ১৯৫২ চনত জম্মু-কাশ্মীৰ আন্দোলনত এই শ্লোগান দিছিল শ্যামা প্ৰসাদ মুখাৰ্জীয়ে ।
জম্মু-কাশ্মীৰৰ একত্ৰীকৰণৰ ক্ষেত্ৰত মুখাৰ্জীৰ অৱদানৰ কথা উল্লেখ কৰি ধনখড়ে ১৯৫২ চনত প্ৰচাৰৰ সময়ত উত্থাপিত শক্তিশালী শ্লোগানটোৰ ওপৰত আলোকপাত কৰে- “তেওঁৰ শ্লোগান আছিল যে, এক বিধান, এক নিশান আৰু এক প্ৰধান হগা দেশ মেইন, দো নাহি হংগে”। ইয়াৰ লগতে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ৩৭০ অনুচ্ছেদৰ বাবে আমি দীৰ্ঘদিন ধৰি প্ৰভাৱিত হৈছিলো, যিয়ে আমাৰ লগতে জম্মু-কাশ্মীৰ ৰাজ্যৰ বহু দিশত ক্ষতি কৰিছিল।
It is a great day in the history of our nation. Today marks the बलिदान दिवस of one of the finest sons of our soil — Dr. Shyama Prasad Mookerjee. He gave the resounding slogan: एक विधान, एक निशान, और एक प्रधान ही होगा — देश में दो नहीं होंगे।
He said this during the campaign in… pic.twitter.com/GTuUBP3hmU
— Vice-President of India (@VPIndia) June 23, 2025
সামাজিক মাধ্যম এক্স হেণ্ডেলত শ্বেয়াৰ কৰা এটা পোষ্টত তেওঁ কয় য়ে, “৩৭০ নং অনুচ্ছেদৰ লগতে কঠোৰ অনুচ্ছেদ ৩৫এৰ কঠোৰ আইনখনে মানুহক মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰিছিল।”
তেওঁ কয় যে, আমাৰ ওচৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ আছে। আমাৰ সংবিধানত এতিয়া ৩৭০ অনুচ্ছেদ নাই। ২০১৯ চনৰ ৫ আগষ্টত ইয়াক বাতিল কৰা হৈছিল, আৰু এই সিদ্ধান্তৰ আইনী প্ৰত্যাহ্বান ২০২৩ চনৰ ১১ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ত বিফল হৈছিল বুলিও কয় উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ।