হৰমুজ জলদ্বীপ বন্ধ হ’লে ভাৰতত বৃদ্ধি পাব নেকি তেলৰ মূল্য! পেট্ৰ’লিয়াম মন্ত্ৰীয়ে ক’লে এইদৰে
আমেৰিকাই ইৰাণত আক্ৰমণ চলোৱাৰ পিছতে ইৰাণে হৰমুজ জলদ্বীপ বন্ধ কৰি দিয়াৰ ভাবুকি প্ৰদান কৰিছে। ইৰাণৰ এই ভাবুকিৰ পিছত বিশ্বজুৰি তেলৰ সংকটৰ সম্ভাৱনাই দেখা দিছে। এনে পৰিস্থিতিত তেলৰ মূল্য উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে। ভাৰততো হৰমুজ জলদ্বীপ বন্ধৰ প্ৰভাৱ পৰিব নেকি, সেই লৈ চলিছে ব্যাপক চৰ্চা।

মধ্য প্ৰাচ্যত এতিয়া যুদ্ধৰ দাবানল। ইৰাণ আৰু ইজৰাইলৰ যুদ্ধত আমেৰিকাই প্ৰৱেশ কৰাৰ লগে লগে যুদ্ধৰ ভয়াৱহতা অধিক বৃদ্ধি পাইছে। যোৱা শনিবাৰে আমেৰিকাই ইৰাণৰ তিনিটা পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ চলোৱাৰ পিছতে ইৰাণে ইজৰাইলসহ সমগ্ৰ বিশ্বক হৰমুজ জলদ্বীপ বন্ধ কৰি দিয়াৰ ভাবুকি প্ৰদান কৰিছে। ইৰাণৰ এই ভাবুকিৰ পিছত বিশ্বজুৰি তেলৰ সংকটৰ সম্ভাৱনাই দেখা দিছে। এনে পৰিস্থিতিত তেলৰ মূল্য উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে। ভাৰততো হৰমুজ জলদ্বীপ বন্ধৰ প্ৰভাৱ পৰিব নেকি, সেই লৈ চলিছে ব্যাপক চৰ্চা।
হৰমুজ জলদ্বীপ আকাৰৰ দিশৰ পৰা এক সংকীৰ্ণ জলপথ যদিও ইয়াৰ অত্যন্ত গুৰুত্ব আছে। এই জলদ্বীপৰ মাজেৰেই বিশ্বৰ প্ৰায় ৩০ শতাংশ তেল যোগান হয়। সেয়ে ইৰাণে হৰমুজ জলদ্বীপ বন্ধ কৰাৰ ভাবুকি দিয়াৰ পিছৰে পৰা ভাৰতত তেলৰ মূল্যৰ ব্যাপক উত্থান ঘটিব পাৰে বুলি জল্পনা-কল্পনা চলিছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা দুসপ্তাহ ধৰি মধ্যপ্ৰাচ্যৰ পৰিস্থিতি গভীৰভাৱে নিৰীক্ষণ কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত যোৱা কেইবছৰমানৰ পৰা ভাৰতৰ তেল আমদানিৰ পথ ব্যাপ্ত হৈ পৰিছে বুলি উল্লেখ কৰি হৰদীপ সিং পুৰীয়ে লগতে বৰ্তমান আমদানি কৰা তেলৰ বৃহৎ অংশ হৰমুজ জলদ্বীপৰ পৰা নাহে বুলিও স্পষ্ট কৰি দিয়ে।
ইফালে ইৰাণ আৰু ইজৰাইলৰ সংঘাতৰ বাবে ভাৰতত তেলৰ দাম বৃদ্ধি পাব নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ তেল বিপণন কোম্পানীসমূহৰ হাতত কেইবা সপ্তাহৰ বাবে ইন্ধনৰ মজুত আছে। আন কেইবাটাও পথৰ পৰা তেল আৰু শক্তি দেশত যোগান ধৰা হৈছে বুলি উল্লেখ কৰি হৰদীপ সিং পুৰীয়ে লগতে দেশৰ সৰ্বসাধাৰণ লোকে লাভ কৰাকৈ সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও আশ্বাস দিয়ে।
পেট্ৰ’লিয়াম মন্ত্ৰীগৰাকীৰ আশ্বাসৰ পিছতো অৱশ্যে তেল আৰু গেছৰ মূল্যবৃদ্ধিৰ ক্ষেত্ৰত বিশ্ব ৰাজনীতিৰ প্ৰভাৱ দেখা যায়। সামান্য সংকটেও তেলৰ মূল্যত ব্যাপক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয়। অৰ্থনৈতিক বিশেষজ্ঞসকলৰ মতে ইৰাণে যদি এসপ্তাহৰ বাবেও হৰমুজ জলদ্বীপ বন্ধ কৰে তেতিয়া ইয়াৰ প্ৰভাৱে সমগ্ৰ বিশ্বৰ অৰ্থনীতিক কঁপাই তুলিব। এনে পৰিস্থিতিৰ পৰা ভাৰতেও ৰেহাই নাপাব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।