শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব EPFOৰ নতুন নিয়ম, এতিয়া সহজতে UPIৰ জৰিয়তে উলিয়াব পাৰিব ধন

এতিয়া EPFOৰ প্ৰায় ৮ কোটি সদস্যৰ বাবে আহিছে এক সুখবৰ। অহা এপ্ৰিল মাহৰ পৰা EPFO সদস্যসকলে নিজৰ ভৱিষ্য নিধিৰ ধন ইউপিআই (UPI) ব্যৱহাৰ কৰি পোনপটীয়াকৈ বেংক একাউণ্টলৈ উলিয়াই নিব পাৰিব।

এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব EPFOৰ নতুন নিয়ম, এতিয়া সহজতে UPIৰ জৰিয়তে উলিয়াব পাৰিব ধন
এপ্ৰিলৰ পৰা EPFOৰ নতুন নিয়মImage Credit source: Avishek Das/SOPA Images/LightRocket via Getty Images
Monjit Dutta
Monjit Dutta | Updated On: 17 Jan 2026 16:22 PM

ব্যক্তিগত খণ্ডত নিয়োজিত কৰ্মচাৰীসকলৰ বাবে জীৱনৰ সুৰক্ষা স্বৰূপ কৰ্মচাৰী ভৱিষ্য নিধি সংগঠন (EPFO)। কৰ্মচাৰীসকলৰ বাবে এই ধন হৈ পৰে বিপদৰ সময়ৰ আটাইতকৈ ডাঙৰ সকাহ। এতিয়া EPFOৰ প্ৰায় ৮ কোটি সদস্যৰ বাবে আহিছে এক সুখবৰ। অহা এপ্ৰিল মাহৰ পৰা EPFO সদস্যসকলে নিজৰ ভৱিষ্য নিধিৰ ধন ইউপিআই (UPI) ব্যৱহাৰ কৰি পোনপটীয়াকৈ বেংক একাউণ্টলৈ উলিয়াই নিব পাৰিব। এবাৰ তেওঁলোকৰ বেংক একাউণ্টত ধন জমা হ’লে ইলেক্ট্ৰনিক পেমেণ্ট, এটিএম, বা ডেবিট কাৰ্ডৰ জৰিয়তে ব্যৱহাৰ কৰিব পাৰিব।

বৰ্তমান PFৰ ধন উলিওৱাৰ বাবে আবেদন কৰাটো এটা দীঘলীয়া প্ৰক্ৰিয়া। যদিও অটোমেটিক চেটেলমেণ্ট প্ৰক্ৰিয়াৰ অধীনত তিনিদিনৰ ভিতৰত ধন একাউণ্টলৈ আহে, তথাপিও পূৰ্বে ইয়াৰ সীমা আছিল মাত্ৰ ১ লাখ টকা। কিন্তু এতিয়া চৰকাৰে এই সীমা ৫ লাখ টকালৈ বৃদ্ধি কৰিছে।

ইয়াৰ ফলত সদস্যসকলে জটিল ৰোগৰ চিকিৎসা, উচ্চ শিক্ষা, বিবাহ বা ঘৰ কিনাৰ দৰে জৰুৰী প্ৰয়োজনত মাত্ৰ তিনিদিনৰ ভিতৰতে ৫ লাখ টকা পৰ্যন্ত আৰ্থিক সহায় লাভ কৰিব পাৰিব। বিগত অক্টোবৰ মাহত কেন্দ্ৰীয় ন্যাসৰক্ষী মণ্ডলীয়ে PFৰ ধন উলিওৱাৰ নিয়মসমূহ অধিক সৰল কৰিবলৈ অনুমোদন জনাইছিল।

সেই অনুসাৰে ১৩টা জটিল বিধানক এতিয়া মাত্ৰ তিনিটা বিভাগত ভাগ কৰা হৈছে— অত্যাৱশ্যকীয় প্ৰয়োজন (চিকিৎসা, শিক্ষা আৰু বিবাহ), আৱাসিক প্ৰয়োজন আৰু বিশেষ পৰিস্থিতি। সদস্যসকলে এতিয়া নিজৰ জমা ধনৰ ১০০ শতাংশ পৰ্যন্ত উলিয়াব পাৰিব, কিন্তু মুঠ জমা ধনৰ ২৫ শতাংশ পুঁজিত সুৰক্ষিত হৈ থকাটো বাধ্যতামূলক।

ইয়াৰ উদ্দেশ্য হৈছে যাতে সদস্যসকলে চক্ৰবৃদ্ধি সূত আৰু বৰ্তমানৰ ৮.২৫ শতাংশ উচ্চ সূতৰ সুবিধা লাভ কৰি থাকে। চৰকাৰী সূত্ৰৰ তথ্য অনুসৰি, এই নতুন ব্যৱস্থাই PFৰ ধন উলিওৱাৰ প্ৰক্ৰিয়াটোক অধিক দ্ৰুত, সুৰক্ষিত আৰু সহজ কৰি তুলিব বুলি আশা কৰা হৈছে।

উল্লেখ্য যে প্ৰতিবছৰে EPFO-ই প্ৰায় ৫ কোটিৰো অধিক দাবী নিষ্পত্তি কৰিবলগীয়া হয়। UPI ব্যৱস্থাৰ সংযোজনে EPFO-ৰ কামৰ বোজা কম কৰাৰ লগতে কোনো অতিৰিক্ত নথি-পত্ৰ অবিহনে কৰ্মচাৰীসকলক আৰ্থিক স্বাধীনতা প্ৰদান কৰিব। EPFO-ৰ হাতত বেংকিং লাইচেন্স নাথাকিলেও চৰকাৰে ইয়াৰ সেৱাসমূহ বেংকৰ দৰেই উন্নত আৰু গ্ৰাহক উপযোগী কৰিবলৈ লক্ষ্য স্থিৰ কৰিছে।