শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰত-UAE ৰ সম্পৰ্কৰ শক্তিশালী স্তম্ভ দেশখনত থকা ৩৫ লাখ ভাৰতীয়ঃ NEWS9 গ্ল’বেল ছামিটত হৰদ্বীপ সিং পুৰী…

ডুবাইত অনুষ্ঠিত হৈছে TV9 নেটৱৰ্কৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন। যোৱা বছৰৰ নৱেম্বৰ মাহত জাৰ্মানীত অনুষ্ঠিত হোৱা প্ৰথমখন সন্মিলনৰ পিছত ডুবাইত অনুষ্ঠিত হ’ব নিউজ৯ গ্ল’বেল ছামিট ( News9 Global Summit)।

ভাৰত-UAE ৰ সম্পৰ্কৰ শক্তিশালী স্তম্ভ দেশখনত থকা ৩৫ লাখ ভাৰতীয়ঃ  NEWS9 গ্ল’বেল ছামিটত হৰদ্বীপ সিং পুৰী…
হৰদ্বীপ সিং পুৰীImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 19 Jun 2025 13:23 PM

আজি ডুবাইত অনুষ্ঠিত হৈছে টিভি৯ নেটৱৰ্কৰ দ্বিতীয়খন নিউজ ৯ গ্ল’বেল ছামিট ( News9 Global Summit)। বৃহস্পতিবাৰৰ অনুষ্ঠিত হোৱা এই সন্মিলনত ৰাজনীতিবিদ, নীতি নিৰ্ধাৰক, ব্যৱসায়ী, টেক জগতৰ বিশেষজ্ঞৰ উপৰিও চলচ্চিত্ৰ জগতৰ চেলিব্ৰিটিসকলেও অংশগ্ৰহণ কৰিব। আজি এই সন্মিলনত ভাষণ দিয়ে ভাৰতৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ পৰিক্ৰমা মন্ত্ৰী হৰদীপ সিং পুৰীয়ে। ভাৰ্চুৱেলী এই সন্মিলনত অংশ গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, আমি জানো যে বৰ্ধিত ব্যৱহাৰ, ৰপ্তানি আৰু উৎপাদনৰ বাবে ভাৰত বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। ভাৰতৰ শক্তিৰ প্ৰয়োজনীয়তা অতি দ্ৰুতগতিত বৃদ্ধি পাইছে।

তেওঁ কয় যে, ভাৰত আৰু ইউ এ ইৰ মাজত ক্ৰমবৰ্ধমান সহযোগিতা আৰু অংশীদাৰিত্বৰ মাজতে এই সন্মিলন অতি গুৰুত্বপূৰ্ণ। দুয়োখন দেশ ইতিহাস, সংস্কৃতি আৰু আন বহু কাৰণত একেলগে সংযুক্ত হৈ আছে। ভাৰত আৰু ইউ এ ইৰ সম্পৰ্ক খাৰুৱা তেল বা অন্যান্য প্ৰয়োজনতকৈ বহু ওপৰত।

তেওঁ আৰু কয়, দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্ব ৩ বছৰ সম্পূৰ্ণ হ’বলৈ গৈ আছে। এই অংশীদাৰিত্ব দুয়োখন দেশৰ জনসাধাৰণৰ মাজত। এই সময়চোৱাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইউ এ ইত নিৰ্মিত মন্দিৰ তথা স্থাপনা অতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে। তেওঁ কয় যে, ইউ এ ইৰ ধৰ্মনিৰপেক্ষ মনোভাৱৰ বাবেহে সেয়া সম্ভৱ হৈছে। ইয়াৰোপৰি ইউ এ ইত থকা ৩৫ লাখ ভাৰতীয় দুয়োখন দেশৰ সম্পৰ্কৰ শক্তিশালী স্তম্ভ বুলি তেওঁ কয়।

hardeep singh puri

হৰদ্বীপ সিং পুৰী

২০৭০ চনৰ ভিতৰত নেট কাৰ্বনৰ বাবে দেশৰ অভিলাষী লক্ষ্য আৰু জৈৱ ইন্ধন, নবীকৰণযোগ্য শক্তি আৰু সেউজ হাইড্ৰজেনৰ জৰিয়তে সেউজ শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰা সময়তে পুৰীয়ে এই মন্তব্য কৰিছে। লগতে ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ (IMEC)ৰ দৰে পদক্ষেপৰ জৰিয়তে ভাৰতে আঞ্চলিক সংযোগ আৰু স্বচ্ছ শক্তিৰ আন্তঃগাঁথনিৰ সহায় আগবঢ়াইছে।

উল্লেখ্য যে, যোৱা বছৰ নৱেম্বৰ মাহত জাৰ্মানীত অনুষ্ঠিত হৈছিল নিউজ৯ ৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় সন্মিলন। ইয়াৰ পাছতে এইবাৰ ডুবাইত অনুষ্ঠিত হৈছে ইয়াৰ দ্বিতীয় সংস্কৰণ। এইবাৰৰ ডুবাই সংস্কৰণৰ বিষয়বস্তু হৈছে – ইণ্ডিয়া-ইউ এ ই পাৰ্টনাৰশ্বিপ ফৰ প্ৰস্পেৰিটি এণ্ড প্ৰগ্ৰেছ। এই সন্মিলন দুয়োখন দেশৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব বুলি আশা কৰা হৈছে।

 

অন্য খবৰ পঢ়কঃ ডুবাইত অনুষ্ঠিত হ’ব টিভি৯ নেটৱৰ্কৰ দ্বিতীয়খন আন্তঃৰাষ্ট্ৰীয় শীৰ্ষ সন্মিলন…