ছালৰ সংক্ৰমণ হ'লে কি কি লক্ষণে দেখা দিয়ে?

19 June 2025

TV9 ASSAM

বৰষুণৰ দিনত ছালৰ সংক্ৰমণ বেছিকৈ হয়। ঘাম আৰু বৰষুণৰ পানীয়ে ছালত বেক্টেৰিয়াৰ সৃষ্টি কৰে। যাৰ ফলত বিভিন্ন প্ৰকাৰৰ ছালৰ সংক্ৰমণ হোৱা দেখা যায়।

ছালৰ সংক্ৰমণ

বৰষুণৰ দিনত ছালৰ সংক্ৰমণৰ আশংকা বাঢ়ি যায়।  এনে অৱস্থাত বিভিন্ন লক্ষণে দেখা দিয়ে। যাৰ বিষয়ে জনা দৰকাৰ। লগতে ইয়াৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰিব লাগে।

লক্ষণ

মেস্ক হাস্পাতালৰ ডঃ ৰোহিত কাপুৰে কয় যে, অনবৰতে খজুৱতি বা জলা-পোৰা অনুভৱ কৰা ছালৰ সংক্ৰমণৰ প্ৰথম লক্ষণ। এয়া শৰীৰৰ যিকোনো অংগত হ'ব পাৰে আৰু অন্য ঠাইলৈ বিয়পিব পাৰে।

খজুৱতি 

যি ঠাইত ছালৰ সংক্ৰমণ হয়,সেই ঠাই ৰঙা পৰিব পাৰে। লগতে সৰু সৰু পিম্পলৰ দৰে বস্তু ওলায়। ফংগাল সংক্ৰমণ হ'লে ই ঘূৰণীয়া হয়। ইয়াৰ পৰা কেতিয়াবা পানী ওলাই আৰু খজুৱায়।

ৰঙা পৰা 

যদি সংক্ৰমণ গম্ভীৰ হৈ পৰে তেতিয়া ফোঁহা হ'ব পাৰে। যৰ পৰা পূজ ওলাব পাৰে।  কেতিয়াবা বিষ হ'ব পাৰে। বাৰে বাৰে খজুৱালে ই অন্য ঠাইলৈ সহজে বিয়পি পৰে।

ফোঁহা

কিছুমান সংক্ৰমণত ছাল শুকুৱাবলৈ আৰম্ভ কৰে আৰু পাপৰৰ দৰে হৈ যায়। পাছত ছালখিনি উঠিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত ছাল শুকান, শেতা আৰু দুৰ্বল হৈ পৰে।

ছাল শুকোৱা

যদি সংক্ৰমণ বেছি বাঢ়ি যায় তেতিয়া তাত মৃত ছাল জমা হৈ যায়। ফলত দুৰ্গন্ধ ওলাবলৈ আৰম্ভ কৰে। ই বেক্টেৰিয়েল সংক্ৰমণৰ সংকেত। এনে লক্ষণ দেখা দিলে চিকিৎসৰ পৰামৰ্শ ল'ব লাগে।

দুৰ্গন্ধ

পঢ়িবলৈ ক্লিক কৰক 

চুলি সৰাৰ কাৰণ