শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ব্যক্তিগত নাৰ্চিংহোমৰ মইমতালি ৰোধিবলৈ মুকলি হ'ব টোল ফ্ৰী নম্বৰ

ব্যক্তিগত নাৰ্চিংহোমৰ মইমতালি ৰোধিবলৈ মুকলি হ’ব টোল ফ্ৰী নম্বৰ

Barasha Sarma
Barasha Sarma | Published: 18 Jun 2025 20:51 PM

এতিয়াৰ পৰা ব্যক্তিগত চিকিৎসালয় বা নাৰ্ছিং হোমসমূহে টকাৰ বাবে ৰোগীৰ মৃতদেহ ৰাখি থ'ব নোৱাৰিব। শীঘ্ৰেই এই ক্ষেত্ৰত অসম চৰকাৰে গ্ৰহণ কৰিব ডাঙৰ সিদ্ধান্ত।

ব্যক্তিগত হাস্পাতাল সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ দিশে অসম চৰকাৰ। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, এতিয়াৰ পৰা ব্যক্তিগত চিকিৎসালয় বা নাৰ্ছিং হোমসমূহে টকাৰ বাবে ৰোগীৰ মৃতদেহ ৰাখি থ’ব নোৱাৰিব। ইয়াৰোপৰি টকা জমা দিব নোৱাৰা বাবে ৰোগীক অতিৰিক্ত দিন চিকিৎসালয়ত থকাৰ বাবে বাধ্য কৰাব নোৱাৰিব । শীঘ্ৰেই এই ক্ষেত্ৰত কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

শৰ্মাই কয় যে, ভাৰতৰ সংবিধানেও এনে কামত অনুমতি নিদিয়ে। সংবিধানৰ ২১ নং অনুচ্ছেদত উল্লেখ আছে যে সকলোৰে জীৱনৰ অধিকাৰ আছে। এই ক্ষেত্ৰত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব চৰকাৰে।