ডুবাইত অনুষ্ঠিত হ’ব টিভি৯ নেটৱৰ্কৰ দ্বিতীয়খন আন্তঃৰাষ্ট্ৰীয় শীৰ্ষ সন্মিলন…
জাৰ্মানীত অনুষ্ঠিত হোৱা প্ৰথমখন সন্মিলনৰ পিছত ডুবাইত অনুষ্ঠিত হ'ব নিউজ৯ গ্ল’বেল ছামিট ( News9 Global Summit), য'ত দ্ৰুতগতিত সম্প্ৰসাৰিত ভাৰত-ইউএইৰ অংশীদাৰিত্বৰ মূল দিশসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।

অহা ১৯ জুনত ডুবাইত অনুষ্ঠিত হ’ব টিভি৯ নেটৱৰ্কৰ দ্বিতীয়খন আন্তঃৰাষ্ট্ৰীয় শীৰ্ষ সন্মিলন। যোৱা বছৰৰ নৱেম্বৰ মাহত জাৰ্মানীত অনুষ্ঠিত হোৱা প্ৰথমখন সন্মিলনৰ পিছত ডুবাইত অনুষ্ঠিত হ’ব নিউজ৯ গ্ল’বেল ছামিট ( News9 Global Summit), য’ত দ্ৰুতগতিত সম্প্ৰসাৰিত ভাৰত-ইউএইৰ অংশীদাৰিত্বৰ মূল দিশসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। এই সন্মিলনে পুনৰ এবাৰ নীতি নিৰ্ধাৰক, বাণিজ্যিক জগতৰ নেতা,কাৰিকৰী বিশেষজ্ঞ, জনপ্ৰিয় ব্যক্তি,তাৰকাৰ লগতে প্ৰভাৱশালী লোকসকলক একত্ৰিত কৰিব।
এই সন্মিলনে দুয়োখন দেশৰ মাজত বহনক্ষম অগ্ৰগতি, উদ্ভাৱন, আৰু সাংস্কৃতিক আৰু অৰ্থনৈতিক সম্পৰ্ক গভীৰ কৰাৰ বাবে এক বিশেষ দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। ইউএইত অনুষ্ঠিত হ’বলগীয়া নিউজ৯ গ্ল’বেল ছামিট সন্দৰ্ভত বুধবাৰে ঘোষণা কৰে টিভি৯ নেটৱৰ্কে।“ভাৰত-ইউএই: সমৃদ্ধি আৰু প্ৰগতিৰ বাবে অংশীদাৰিত্ব”(“India-UAE: Partnership for Prosperity and Progress”) শীৰ্ষক শীৰ্ষ সন্মিলনখন ২০২৫ চনৰ ১৯ জুনত তাজ ডুবাইত অনুষ্ঠিত হ’ব। য’ত নীতি নিৰ্ধাৰক, ব্যৱসায়িক নেতা, কাৰিকৰী ক্ষেত্ৰৰ বিশেষজ্ঞ, বলীউডৰ চেলিব্ৰিটি, আৰু ভাৰতীয় আৰু ডুবাইৰ প্ৰভাৱশালী লোকসকল উপস্থিত থাকিব।
এই সন্মিলনত কেন্দ্ৰীয় তেল আৰু গেছ মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীয়ে শীৰ্ষ সন্মিলনৰ মূল ভাষণ প্ৰদান কৰিব। লগতে বিএপিএছ স্বামীনাৰায়ণ সংস্থাৰ ব্ৰহ্মবিহাৰী স্বামীয়ে দুয়োখন দেশৰ মাজত থকা অনন্য আধ্যাত্মিক সংযোগৰ ওপৰত ভাষণ দিব। ইউ এ ইত ভাৰতৰ ৰাষ্ট্ৰদূত সুঞ্জয় সুধীৰেও ভাৰত-ইউ এ ইৰ অংশীদাৰিত্বৰ তাৎপৰ্য সন্দৰ্ভত ভাষণ প্ৰদান কৰিব। যোৱা বছৰ নৱেম্বৰত অনুষ্ঠিত হোৱা সন্মিলনৰ সফলতাৰ ওপৰত আধাৰ কৰি এই দ্বিতীয় সংস্কৰণৰ আয়োজন কৰা হৈছে। ভাৰতৰ বাণিজ্যিক আৰু মূল দেশসমূহৰ সৈতে কৌশলগত সম্পৰ্ক শক্তিশালী কৰাৰ উদ্দেশ্য আগত ৰাখি এই সন্মিলনৰ আয়োজন কৰা হৈছে।
টিভি৯ নেটৱৰ্কৰ এমডি, চিইঅ বৰুণ দাসে কয় যে, “জাৰ্মানীত অনুষ্ঠিত প্ৰথম সন্মিলনৰ সফলতাৰ পাছত উদ্ভাৱন আৰু বাণিজ্যৰ এক সমৃদ্ধিশালী ৰাষ্ট্ৰ ইউ এ ইত নিউজ৯ গ্ল’বেল ছামিট অনুষ্ঠিত কৰাৰ বাবে আগবাঢ়িছো। এই মঞ্চই বহনক্ষম অগ্ৰগতিৰ সূচনা কৰা অৰ্থপূৰ্ণ, সীমা অতিক্ৰম কৰা অংশীদাৰিত্ব সৃষ্টিৰ আমাৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰে”।
এই সন্মিলনত উচ্চস্তৰীয় কেইবাখনো বৈঠক অনুষ্ঠিত হ’ব। য’ত দ্বিপাক্ষিক সম্পৰ্কৰ দৰে বিষয়সমূহৰ ওপৰত আলোচনা হ’ব। এই সন্মিলনত উপস্থিত থাকিব লগা তাৰকাসকলৰ ভিতৰত আছে সুনীল চেট্টী, প্ৰযোজক একতা কাপুৰ, অভিনেত্ৰী নাৰ্গিছ ফাখৰী আদি। এই সন্মিলন বিভিন্নজনৰ সমৰ্থনত অনুষ্ঠিত কৰা হৈছেয ইউ এ ইৰ বুইমেৰ্ক শীৰ্ষ সন্মিলনৰ পৃষ্ঠপোষক, আনহাতে ডি বিয়েৰ্ছ, টাটা এ আই জি বীমা, আৰু ৰাষ্ট্ৰীয় কণী সমন্বয় সমিতি সহযোগী পৃষ্ঠপোষক হিচাপে যোগদান কৰিছে।
অংশীদাৰ হিচাপে এই সন্মিলনক সমৰ্থন কৰিছে- ক্লাছমেট, হেনোক, জেকে চুপাৰ চিমেন্ট, উইমেনপ্ৰেনিউৰ মেগাজিন আদিয়ে। লগতে ট্ৰেভেল পাৰ্টনাৰ হিচাপে যোগদান কৰিছে SKIL Travels য়ে। আনহাতে SOIL আৰু Sita Vatika feature ই চেলিব্ৰেশ্যন পাৰ্টনাৰ হিচাপে সমৰ্থন আগবঢ়াইছে।
অন্য খবৰ পঢ়কঃ ইৰাণক বিশ্বাসঘাটকতা পাকিস্তানৰ! পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ ক্ষেত্ৰত ডাঙৰ মন্তব্য…