শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
উচ্ছেদ, গো মাংস আৰু শ্বুট এট চাইট অৰ্ডাৰ...মুখ্যমন্ত্ৰীয়ে কি কয়?

উচ্ছেদ, গো মাংস আৰু শ্বুট এট চাইট অৰ্ডাৰ…মুখ্যমন্ত্ৰীয়ে কি কয়?

barasha-sarma
Barasha Sarma | Published: 18 Jun 2025 18:42 PM

ৰাজ্যৰ ৰাজনীতি গো মাংসকেন্দ্ৰিক বিতৰ্কই উত্তাল কৰি ৰাখিছে। ইয়াৰ মাজতে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গো মাংস, উচ্ছেদ সন্দৰ্ভত মত প্ৰকাশ কৰে।

আৰ এছ এছৰ লোকে গো মাংস মন্দিৰৰ আগত পেলোৱা বুলি কংগ্ৰেছে অভিযোগ কৰিছে। এই সন্দৰ্ভত শৰ্মাই কয় যে, এয়া ৰাহুল গান্ধীৰ বেয়া মানসিকতা। যদি হিন্দুই থয়, গাহৰি মাংস থ’ব। বিজেপি, আৰ এছ এছৰ মানুহে গৰুৰ মূৰটো মন্দিৰত পেলালে, কিন্তু বাকী মাংসখিনি কি কৰিব বুলি প্ৰশ্ন শৰ্মাৰ। উল্লেখ্য যে, গো মাংসকেন্দ্ৰিক বিতৰ্কই ৰাজ্যৰ ৰাজনীতি উত্তাল কৰি ৰখাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে।

ইয়াৰোপৰি উচ্ছেদ সন্দৰ্ভতো মত প্ৰকাশ কৰে শৰ্মাই। তেওঁ কয় যে, আৰু উচ্ছেদ হ’ব। দখল কৰি ৰখা ঠাইসমূহ বেদখল কৰা হ’ব। এইসমূহ লোকে অসমৰ প্ৰকৃতি বিনষ্ট কৰি পেলাইছে।