International Yoga Day 2025 : যোগে নিয়ন্ত্ৰণ কৰিব PCOS ৰ সমস্যা, AIIMS-ৰ গৱেষণা
আজিকালি প্ৰায় মহিলাৰে হোৱা PCOS (পলিচিষ্টিক অভাৰী চিণ্ড্ৰম)ত যোগাসনে কেনেদৰে সহায় কৰিব পাৰে? ইয়াৰ বাবে এইমছ দিল্লীত গৱেষণা কৰা হৈছিল। গৱেষণাত অন্তৰ্ভুক্ত মহিলাসকলক ১২ সপ্তাহৰ বাবে ৫টা যোগাসনৰ ব্যায়াম কৰিবলৈ দিয়া হয়। ইয়াৰ ফলাফল আছিল আচৰিত ধৰণৰ।

Yoga For PCOS: আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস প্ৰতি বছৰে ২১ জুনত পালন কৰা হয় । ইয়াৰ উদ্দেশ্য হৈছে মানুহক যোগৰ বিষয়ে সজাগ কৰা। যোৱা কেইবছৰমানৰ পৰা মানুহৰ মাজত যোগৰ প্ৰতি সজাগতা যথেষ্ঠ বাঢ়িছে। বহুতো গৱেষণাত প্ৰমাণিত হৈছে যে যোগে ৰোগ নিয়ন্ত্ৰণৰ লগতে নিৰ্মূল কৰিব পাৰে। দিল্লী এইমছতো যোগ সন্দৰ্ভত গৱেষণা কৰা হৈছে। শেহতীয়াকৈ এইমছত কৰা এক গৱেষণাৰ পৰা জানিব পৰা গৈছে যে যোগাসন কৰিলে মহিলাৰ পিচিঅ’এছ (Polycystic Ovary Syndrome) ৰোগ সহজে নিয়ন্ত্ৰণ কৰিব পৰা যায়। এই গৱেষণাটো ইণ্টাৰনেশ্যনেল জাৰ্নেল অৱ যোগা (IJY)ত প্ৰকাশ পাইছে, যাৰ নাম হৈছে: Yogas effect on mitochondrial health in PCOS: A Randomized Controlled Trial।
PCOS হৈছে হৰম’নৰ সমস্যা। ইয়াত ডিম্বাশয়ত সৰু সৰু চিষ্ট (Cyst) গঠন হয় যাৰ ফলত হৰম’নৰ ভাৰসাম্যহীনতা হয়। পিচিঅ’এছ ৰোগত আক্ৰান্ত মহিলাসকলৰ প্ৰায়ে অনিয়মিত ঋতুস্ৰাৱ, অত্যধিক নোম গজা, ব্ৰণ আৰু বন্ধ্যাত্ব আদি সমস্যা হয়। এইমছৰ গৱেষণাৰ পৰা জানিব পৰা গৈছে যে ভাৰতৰ প্ৰতি ১০ গৰাকী মহিলাৰ ভিতৰত ১ গৰাকী পিচিঅ’এছ ৰোগত আক্ৰান্ত। এতিয়ালৈকে পিচিঅ’এছৰ চিকিৎসাৰ বাবে ঔষধ আৰু হৰম’ন থেৰাপী ব্যৱহাৰ কৰা হৈছে যদিও এতিয়া এইমছৰ গৱেষণাই প্ৰমাণ কৰিছে যে যোগাসনে কেৱল লক্ষণসমূহ উন্নত কৰাই নহয়, পিচিঅ’এছৰ মূল কাৰণ কোষৰ মাইট’কণ্ড্ৰিয়াকো সুস্থ কৰি তোলে।
কেনেকৈ কৰা হৈছিল গৱেষণা, তাৰ ফলাফল কি?
এইমছ দিল্লীৰ অধ্যাপিকা ড০ ৰীমা দাদাই টিভি৯ক জনোৱা মতে এই গৱেষণাত ৭৫ গৰাকী মহিলাক অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰে ৩২ গৰাকী মহিলাই ১২ সপ্তাহ ধৰি নিয়মিতভাৱে যোগাসন কৰিছিল আৰু বাকী ২৯ গৰাকী মহিলাই কোনো বিশেষ যোগাসন কৰা নাছিল। যোগ অধিবেশনত আসন, প্ৰাণায়াম আৰু ধ্যান-ধাৰণাৰ আয়োজন কৰা হয়। গৱেষণাৰ পৰা দেখা গৈছে যে যোগাসন কৰা মহিলাসকলৰ টেষ্টষ্টেৰনৰ মাত্ৰা হ্ৰাস পায় আৰু অক্সিডেটিভ ষ্ট্ৰেছ হ্ৰাস পোৱা দেখা গৈছে। এই মহিলাসকলৰ শৰীৰত প্ৰাকৃতিক এন্টিঅক্সিডেন্ট (TAC) বৃদ্ধি হোৱা দেখা গৈছিল। কোষৰ ডি এন এৰ ক্ষতি কমি আহিল।
ডি এন এ পৰ্যায়তো যোগাসন উপকাৰী
ডাঃ ৰীমাই কয় যে এইবাৰ প্ৰথমবাৰৰ বাবে কোনো গৱেষণাই পিচিঅ’এছ আৰু মাইট’কণ্ড্ৰিয়াল স্বাস্থ্যৰ সম্পৰ্ক স্থাপন কৰিছে। যোগাসনে কেৱল হৰম’নৰ মাত্ৰা উন্নত কৰাই নহয়, ডি এন এ স্তৰতো লাভৱান হয়। যোগে শৰীৰৰ আভ্যন্তৰীণ তন্ত্ৰ শক্তিশালী কৰে, যিয়ে দীৰ্ঘকালীনভাৱে বন্ধ্যাত্ব, হৰম’নৰ ভাৰসাম্যহীনতা আৰু মেদবহুলতা প্ৰতিৰোধ কৰাত সহায় কৰে।
পৰিৱৰ্তিত জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ দুৰ্বলতাৰ বাবে মহিলাসকলে পিচিঅ’এছ (Polycystic Ovary Syndrome) ৰোগৰ সমস্যাৰ সন্মুখীন হৈছে। বৰ্তমান ইয়াৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই। কিন্তু চিকিৎসকৰ মতে জিনীয় আৰু জীৱনশৈলীৰ দুৰ্বলতাৰ বাবেই ইয়াৰ সৃষ্টি হয়। ইয়াৰ পৰা হাত সাৰিবলৈ জীৱনশৈলীৰ উন্নতি সাধন কৰিব লাগিব। ইয়াত যোগাসন অতি সহায়ক হ’ব পাৰে। যোগাসনৰ জৰিয়তে PCOS (Polycystic Ovary Syndrome) বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰি।
এইদৰে যোগে সহায় কৰে
যোগ হৈছে শাৰীৰিক গতি আৰু উশাহ-নিশাহৰ ভাৰসাম্য ৰক্ষাৰ এক প্ৰক্ৰিয়া, যিয়ে স্বাভাৱিকতে মন আৰু শৰীৰক শান্ত কৰি মানসিক চাপৰ পৰা উপশম দিয়ে। ই হতাশা, উদ্বেগ আৰু অন্যান্য মানসিক স্বাস্থ্যজনিত সমস্যা হ্ৰাস কৰাত সহায় কৰে। নিয়মীয়া যোগাসনৰ অভ্যাসে পিচিঅ’এছ (পলিচিষ্টিক অভাৰী চিণ্ড্ৰম)ৰ সমস্যা হ্ৰাস কৰে।
কোনবোৰ যোগাসন উপকাৰী
- বদ্ধ কোণাসন
- ধনুৰাসন
- ভূজংগাসন
- ধ্যান