শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাঙি পেলোৱা হ’ব বিমানবন্দৰৰ আশে-পাশে থকা ওখ অট্টালিকা! বিমান পৰিবহণ মন্ত্ৰালয়ৰ নিৰ্দেশনা

Aviation Rules: নতুন বিধেয়কখনত স্পষ্টকৈ উল্লেখ আছে যে এয়াৰড’ম জ’নৰ অধীনত থকা অট্টালিকা আৰু গছবোৰৰ বিৰুদ্ধে প্ৰশাসনে তাৎক্ষণিক ব্যৱস্থা ল’ব লাগিব, যিবোৰে উচ্চতাৰ সীমা উলংঘা কৰি আছে।  যাতে ভৱিষ্যতে বিমান পৰিবহণত কোনো বাধা নাহে।

ভাঙি পেলোৱা হ’ব বিমানবন্দৰৰ আশে-পাশে থকা ওখ অট্টালিকা! বিমান পৰিবহণ মন্ত্ৰালয়ৰ নিৰ্দেশনা
প্ৰতীকি ফটোImage Credit source: Meta AI
trishna-kalita
Trishna Kalita | Updated On: 19 Jun 2025 14:46 PM

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা হয়তো সকলোৰে বাবে এক ডাঙৰ শিক্ষা। ইয়াৰ পিছতে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ল’লে এটা ডাঙৰ সিদ্ধান্ত। আহমেদাবাদ বিমানবন্দৰৰ সমীপৰ বি জে হোষ্টেলত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ বিপৰীতে বিমানবন্দৰৰ আশে-পাশে থকা ওখ অট্টালিকাত বিমানে খুন্দা মৰাৰ বিষটোক লৈ আশংকা বৃদ্ধি পাইছে। যাৰ বাবে এইবাৰ এনে ওখ অট্টালিকাবোৰ নিৰ্মাণক লৈ এটা ডাঙৰ সিদ্ধান্ত লৈছে নাগৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ।

আহমেদাবাদৰ দুৰ্ঘটনাৰ পৰা শিক্ষা লৈ নাগৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে অনিছে এখন নতুন খচৰা বিধেয়ক। বিমান (demolish of obstructions) নিয়ম ২০২৫ শীৰ্ষক এই খচৰা বিধেয়কখনত বিমানবন্দৰৰ চাৰিওফালে থকা অট্টালিকাৰ উচ্চতা নিয়ন্ত্ৰণ কৰাৰ কথা কোৱা হৈছে। লগতে দুৰ্ঘটনাৰ সম্ভাৱনা বা দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা থকা অট্টালিকাবোৰ ভাঙি পেলোৱাৰ নিৰ্দেশ দিয়া হৈছে।

এই খচৰা বিধেয়কখন ১৮ জুনত প্ৰকাশ পাইছিল। অচিৰেই ইয়াক চৰকাৰী ৰাজপত্ৰ প্ৰকাশ কৰা হ’ব। তেতিয়াৰ পৰা কাৰ্যকৰী হ’ব এই নিয়ম। এই বিধেয়কখনত স্পষ্টকৈ উল্লেখ আছে যে এয়াৰড’ম জ’নৰ অধীনত থকা অট্টালিকা আৰু গছবোৰৰ বিৰুদ্ধে প্ৰশাসনে তাৎক্ষণিক ব্যৱস্থা ল’ব লাগিব, যিবোৰে উচ্চতাৰ সীমা উলংঘা কৰি আছে।  যাতে ভৱিষ্যতে বিমান পৰিবহণত কোনো বাধা নাহে।

খচৰা বিধেয়কখনত উল্লেখ কৰা হৈছে যে যদি বিমানবন্দৰ বা বিমানবন্দৰৰ ওচৰৰ কোনো অট্টালিকাই প্ৰস্তাৱিত উচ্চতাৰ সীমা উলংঘা কৰে তেন্তে বিমানবন্দৰৰ ভাৰপ্ৰাপ্ত বিষয়াই জাননী প্ৰেৰণ কৰিব। সেই অট্টালিকাৰ মালিকে পৰিকল্পনাৰ পৰা আৰম্ভ কৰি এলেকা আৰু উচ্চতালৈকে অট্টালিকাটোৰ সৈতে জড়িত সকলো তথ্য ৬০ দিনৰ ভিতৰত জমা দিব লাগিব। যদি কোনোবাই তেনে নকৰে তেন্তে অট্টালিকাৰ উচ্চতা কমি যাব পাৰে, আনকি গোটেই অট্টালিকাটোও ভাঙি পেলোৱা হ’ব পাৰে।

লগতে কোৱা হৈছে যে যদি ডিজিচিএ বা কোনো বিষয়াই উচ্চতাৰ সীমা উলংঘা কৰা দেখা পায় তেন্তে তেওঁলোকেও পোনপটীয়াকৈ ঘৰৰ মালিকক গছ কাটিবলৈ বা অট্টালিকা ভাঙিবলৈ নিৰ্দেশ দিব পাৰে। সেই আদেশ ৬০ দিনৰ ভিতৰত মানি চলিব লাগিব। যদি কোনো বৈধ কাৰণ দেখুওৱা হয়, তেন্তে ইয়াৰ বাবে সৰ্বাধিক ৬০ দিন দিয়া হ’ব পাৰে।

জনোৱা হৈছে যে বিষয়াসকলে দিনৰ ভাগত বিমানবন্দৰৰ ওচৰৰ যিকোনো অট্টালিকাৰ উচ্চতা পৰিদৰ্শন কৰিব পাৰে। তাৰ পিছত অট্টালিকাৰ মালিকক অৱগত কৰা হ’ব। যদি কোনোবাই অসহযোগ কৰে তেন্তে ডিজিচিএ আৰু জিলা দণ্ডাধীশে ৰিপৰ্ট দিব লাগিব। গছ কটা বা অট্টালিকা ভাঙি পেলোৱাৰ কাম জিলা দণ্ডাধীশে কৰিব। বিমানবন্দৰৰ ওচৰত যদি কোনো অবৈধ অট্টালিকা বা নিৰ্মাণকাৰ্য হয়, তেন্তে একে নিয়ম মানি সেই অট্টালিকাটো আঁতৰাই পেলোৱা বা ভাঙি পেলোৱা হ’ব।

যিসকলৰ অট্টালিকা ভাঙি পেলোৱা হ’ব বা গছ কাটি দিয়া হ’ব তেওঁলোকে ইয়াৰ বাবে ক্ষতিপূৰণ লাভ কৰিব। এই ক্ষেত্ৰত ভাৰতীয় বিমান আইনৰ ২২ নং ধাৰাত তেওঁলোকে বৈধ নথি-পত্ৰ আৰু প্ৰমাণৰ সৈতে ক্ষতিপূৰণৰ বাবে আবেদন কৰিব পাৰে। কিন্তু চৰকাৰী নিৰ্দেশনা জাৰি কৰাৰ পিছত যদি কোনো নতুন অট্টালিকা বা গঠন নিৰ্মাণ কৰা হয়, যিয়ে উচ্চতাৰ সীমা উলংঘা কৰে, তেন্তে তেওঁলোকে কোনো ক্ষতিপূৰণ নাপাব।