শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কংগ্ৰেছক চাফা কৰিবলৈ সবাতোকৈ লেতেৰা গান্ধী পৰিয়ালক দলৰ পৰা আঁতৰ কৰিব লাগিবঃ মুখ্যমন্ত্ৰী

গান্ধী পৰিয়ালক কংগ্ৰেছৰ পৰা আঁতৰ কৰি দিলে চাফা হৈ যাব দল- এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ইয়াৰোপৰি শৰ্মাই বিভিন্ন দিশৰ ওপৰত মন্তব্য কৰি কংগ্ৰেছক কটাক্ষ কৰে।

কংগ্ৰেছক চাফা কৰিবলৈ সবাতোকৈ লেতেৰা গান্ধী পৰিয়ালক দলৰ পৰা আঁতৰ কৰিব লাগিবঃ মুখ্যমন্ত্ৰী
হিমন্ত বিশ্ব শৰ্মাImage Credit source: Facebook (himanta biswa sarma)
barasha-sarma
Barasha Sarma | Published: 19 Jun 2025 17:46 PM

পুনৰ কংগ্ৰেছ দলক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছ দলৰ পৰা গান্ধী পৰিয়াল আঁতৰিলে দল চাফা হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। লগতে কয় যে, তেওঁ, মন্ত্ৰী পিযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা আদিও কংগ্ৰেছৰ পৰা বিজেপিলৈ আহিছে। কিন্তু বিজেপিয়ে তেওঁলোকক ভালকৈ ৰাখিছে। গতিকে কংগ্ৰেছৰ পৰা আৰু মানুহ বিজেপিলৈ আহিলে ভাল বুলি কয় শৰ্মাই। বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত এই মন্তব্য কৰে শৰ্মাই।

নিজৰ দলৰ সৈতে সম্পৰ্কহীন প্ৰশ্নৰ উত্তৰ দিবলৈ অস্বীকাৰ কৰি শৰ্মাই কয় যে, “আমাক কেৱল ভেল্যু থকা কথাহে সুধিব।কংগ্ৰেছৰ বিষয়ে বিজেপিয়ে কেনেকৈ উত্তৰ দিব? কংগ্ৰেছক কংগ্ৰেছ সম্পৰ্কীয় প্ৰশ্ন সুধিব”।

ইয়াৰ পাছতে কংগ্ৰেছে বাৰে বাৰে সংস্কাৰ কৰাৰ চেষ্টা কৰা সন্দৰ্ভত তেওঁ কয় যে, “কংগ্ৰেছ চাফা কেনেকৈ হ’ব? আটাইতকৈ লেতেৰা গান্ধী পৰিয়াল তাত আছে। যদি উৎস অপবিত্ৰ হয়, তেন্তে তাৰ পৰা অপবিত্ৰ পানীয়ে ওলাব। যিদিনা কংগ্ৰেছ দলৰ পৰা গান্ধী পৰিয়াল আঁতৰিব সেইদিনা কংগ্ৰেছ দললৈ কিছু পবিত্ৰতা আহিব পাৰে। কংগ্ৰেছ কিয় অপবিত্ৰ সেয়া মই যোৱা কেইটামান দিনত কৈ আহিছো। গতিকে উৎস নিকা কৰিব লাগে, তেতিয়াহে সম্ভৱতঃ কংগ্ৰেছ নিকা হ’ব। অন্যথা একেই থাকিব”।

বিজেপিয়ে ভালদৰে ৰখা বুলি মন্তব্য প্ৰদান  কৰি শৰ্মাই কয় যে, “মই কংগ্ৰেছৰ পৰা আহিছো। পিযুষ হাজৰিকা, জয়ন্ত মল্লও কংগ্ৰেছৰ পৰা আহিছে। কিন্তু বিজেপিয়ে আমাক ভালদৰে ৰাখিছে। গতিকে কংগ্ৰেছৰ পৰা আৰু যদি মানুহ আহে তেওঁলোককো বিজেপিয়ে ভালকৈ ৰাখিব। গুৱাহাটী চাফা কৰা দৰকাৰ”। ইয়াৰোপৰি শৰ্মাই কয় যে, ভূপেন বৰা, জীতেন্দ্ৰ সিং, ৰিপুণ বৰা আদিয়েও কংগ্ৰেছ চাফা কৰাৰ চেষ্টা কৰিছিল। কিন্তু নোৱাৰিলে।

এই সময়চোৱাত শৰ্মাই কংগ্ৰেছক চিকেন নেক, কাশ্মীৰ, সিন্ধু জলচুক্তি আদিকে ধৰি কেইবাটাও বিষয় সামৰি কংগ্ৰেছক সমালোচনা কৰে। তেওঁ কয় যে, এনে কামসমূহে দলটোৰ নেতৃত্বত শিপাই থকা দীৰ্ঘম্যাদী নীতিগত বিফলতাৰ ইংগিত দিয়ে। উল্লেখ্য যে, এয়াই প্ৰথম নহয়। যোৱা সময়চোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰি আহিছে।

যোৱা সময়চোৱাত শৰ্মাই খাতিয়ান দাঙি ধৰিছিল যে, কেনেকৈ কংগ্ৰেছে ভাৰতৰ সৈতে বিশ্বাসঘাটকতা কৰিছিল। শৰ্মাই অভিযোগ কৰিছিল পিঅকে এৰি দিয়া, ১৯৭২ চনৰ যুদ্ধৰ পিছত আত্মসমৰ্পণ,১৯৬২ – চীনৰ আকছাই চিনলৈ ৱাকঅভাৰ,১৯৯৫ আমেৰিকাৰ হেঁচাত পাৰমাণৱিক পৰীক্ষা পিছুৱাই দিয়া আদিকে ধৰি বিভিন্ন দিশত ভাৰতক বিশ্বাসঘাটকতা কৰিছে।

 

অন্য খবৰ পঢ়কঃ কংগ্ৰেছে ভাৰতৰ সৈতে কেতিয়া আৰু কি বিশ্বাসঘাটকতা কৰিছিল? মুখ্যমন্ত্ৰী শৰ্মাই দিলে প্ৰতিটো হিচাপ…