ৰাজাক দিছিল ১০ মিনিট, বিট্টুৰ সৈতে কথা পাতিছিল ঘন্টাৰ পাছত ঘন্টা! সোণম কাণ্ডৰ নতুন তথ্য…
ৰাজা ৰঘুবংশী কাণ্ডৰ বৰ্তমান তদন্ত চলি আছে। ৰাজা ৰঘুবংশীৰ বন্ধুয়ে জনাই যে, সোণমে বিয়াৰ পূৰ্বে ৰাজাক সময় দিয়া নাছিল। দিনটোত মাত্ৰ ১০ মিনিট সময়হে ৰাজাৰ সৈতে কথা পাতিছিল।

ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ তদন্ত চলাই আছে শ্বিলং আৰক্ষীয়ে। এই সময়চোৱাত এই হত্যাকাণ্ডৰ সৈতে জড়িত বহু নতুন নতুন তথ্য পোহৰলৈ আহিছে। কেৱল মেঘালয়তে নহয়, ইন্দোৰতো আৰক্ষীয়ে চলাইছে তদন্ত। ইয়াৰ মাজতে সঞ্জয় বৰ্মা নামৰ এজন মানুহৰ নাম পোহৰলৈ আহিছে। ২১ দিনত এই লোকজনৰ সৈতে সোণমে ২৩২ বাৰ কথা পাতিছিল। আৰক্ষীয়ে সঞ্জয় বৰ্মাক বিচাৰি থাকোতে পোহৰলৈ আহে যে, ফোনত কথা পতা এই লোকজন আচলতে ৰাজ কুছৱাহা।
সঞ্জয় বৰ্মাৰ নাম পোহৰলৈ অহাৰ পাছত এই কাণ্ডই নতুন মোৰ লৈছিল। কিন্তু পাছত পোহৰলৈ আহে যে সোণম আৰু ৰাজে ভুৱা নামেৰে চিম লৈছিল। সঞ্জয় বৰ্মাৰ নামত সেই চিমখন ৰাজে লৈ সোণমৰ সৈতে কথা পাতিছিল। দুয়ো হত্যাৰ ষড়যন্ত্ৰ কৰিবলৈয়ে এই চিমখন ব্যৱহাৰ কৰিছিল। এক কথাত, ৰাজে যিটো মোবাইল নম্বৰৰে সোণমৰ সৈতে কথা পাতিছিল সেইটো ভুৱা আছিল।
ইফালে ৰাজা ৰঘুবংশীৰ বন্ধুয়ে জনাই যে, সোণমে বিয়াৰ পূৰ্বে ৰাজাক সময় দিয়া নাছিল। দিনটোত মাত্ৰ ১০ মিনিট সময়হে ৰাজাৰ সৈতে কথা পাতিছিল। উল্লেখ কৰা প্ৰয়োজন যে, ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ তদন্তৰ সময়ত আৰক্ষীয়ে সোণম আৰু ৰাজাৰ বন্ধু, পৰিয়ালৰ সৈতেও কথা পাতে। তেতিয়াই এই সমগ্ৰ কথা পোহৰলৈ আহে।
আৰক্ষীয়ে কয় যে, ২১ দিনত সঞ্জয়ৰ নম্বৰৰ পৰা সোণমৰ নম্বৰত ২৩২ টা ফোন কৰা হয়। এই নম্বৰটো ‘সোণম বিট্টু‘ বুলি সোণমে চেভ কৰিছিল। আৰক্ষীয়ে ট্ৰুকলাৰৰ নম্বৰটো পৰীক্ষা কৰি দেখা পাই যে নম্বৰটো সঞ্জয় বৰ্মা বুলি আছে। কিন্তু যেতিয়া আৰক্ষীয়ে ইয়াৰ তদন্ত চলাই তেতিয়া গম পাই যে এই নম্বৰটো আচলতে সোণমৰ কথিত প্ৰেমিক ৰাজৰ।
উল্লেখ্য যে, বিগত মে’ মাহৰ ১১ তাৰিখে ৰাজা আৰু সোণমৰ বিয়া হৈছিল। তাৰ পাছতো দুয়ো হানিমুনৰ বাবে শ্বিলঙলৈ আহিছিল। ইয়াৰ পাছতে ২৩ মে’ত নিৰুদ্দেশ হৈ পৰিছিল ৰাজা-সোণম, আৰু ২ জুনত উদ্ধাৰ হৈছিল ৰাজাৰ মৃতদেহ। প্ৰথম অৱস্থাত সোণম নিৰুদ্দেশ হৈ আছিল যদিও ৮ জুনত উত্তৰ প্ৰদেশৰ গাজিপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে। লগতে বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ হয় সোণমৰ প্ৰেমিক ৰাজৰ লগতে অন্য ৩ অভিযুক্ত চুপাৰি কিলাৰ। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। বৃহস্পতিবাৰে মেঘালয়ৰ আদালাতত আটাইকেইজনক হাজিৰ কৰি আৰক্ষীয়ে পুনৰ জিম্মাত বিচৰাৰ সম্ভাৱনা আছে। গতিকে তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ আহিব।
অন্য খবৰ পঢ়কঃ ফোনত কথা পাতিছিল ২৩৪ বাৰ! ৰাজা ৰঘুবংশী কাণ্ডত সঞ্জয় বৰ্মাৰ এন্ট্ৰি, কি সংযোগ সোণমৰ সৈতে…