Himant Biswa Sarma: চিকিৎসক নিযুক্তিৰ পৰা জি-৭ সন্মিলনলৈ দিনটোৰ শীৰ্ষ খবৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত ৪০০ গৰাকী নৱনিযুক্ত চিকিৎসকক নিযুক্তি পত্ৰ বিতৰণ কৰে। ২০২১ চনৰ পৰা ৰাজ্য চৰকাৰে ১২৮৩ গৰাকী চিকিৎসকক নিযুক্তি দিছিল । এতিয়া এই ৪০০ গৰাকী চিকিৎসকৰ সৈতে মুঠ চিকিৎসক নিযুক্তিৰ সংখ্যা ১৬৮৩ লৈ বৃদ্ধি পাইছে ।
আজিৰ দিনটোত বহুকেইটা বাতৰিয়ে শীৰ্ষ স্থান দখল কৰিছে। পলকতে চাও আহক অসমৰ লগতে দেশ বিদেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ-
A. ধুবুৰীৰ গো-মাংস বিতৰ্ক সন্দৰ্ভত পুনৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । হিন্দুৱে মন্দিৰত গো-মাংস ৰাখিব বুলি ভবাটো ৰাহুল গান্ধীৰ চিন্তা বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ। তেওঁ লগতে কয় যে হিন্দুৱে ৰাখিলে গাহৰিৰ মাংস ৰাখিব । কোনো বিশেষ সম্প্ৰদায়ৰ লোকৰ এনে কাৰ্যক সেই সম্প্ৰদায়ৰ মানুহেও সমৰ্থন নকৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ধুবুৰীত বিশেষ সম্প্ৰদায়ৰ মানুহেই এনে দুস্কৃতিকাৰীক গুলীয়াবলৈ অনুৰোধ জনাইছিল।
B. গৌৰৱ গগৈৰ আগে-পাছে আছে বিজেপি । তেওঁৰ গাড়ীতো আনকি বিজেপিৰ মানুহ আছে । এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । বুধবাৰে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে কালি গৌৰৱ গগৈয়ে কি কি কথা পাতিছে সেয়াও তেওঁ জানে।
C. ব্যক্তিগত নাৰ্চিংহোমৰ ক্ষেত্ৰত কঠোৰ হ’ব ৰাজ্য চৰকাৰ । কোনো ব্যক্তিগত হাস্পতালত ৰোগীক ধনৰ বাবে ৰাখি থ’ব নোৱাৰিব । এই ক্ষেত্ৰত সহায়ৰ বাবে মুকলি কৰা হব টোল ফ্ৰী নম্বৰ । সেই নম্বৰত ফোন কৰিলেই সমস্যাত পৰা লোকক উদ্ধাৰ কৰিব আৰক্ষীয়ে । এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
D. মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত ৪০০ গৰাকী নৱনিযুক্ত চিকিৎসকক নিযুক্তি পত্ৰ বিতৰণ কৰে। ২০২১ চনৰ পৰা ৰাজ্য চৰকাৰে ১২৮৩ গৰাকী চিকিৎসকক নিযুক্তি দিছিল । এতিয়া এই ৪০০ গৰাকী চিকিৎসকৰ সৈতে মুঠ চিকিৎসক নিযুক্তিৰ সংখ্যা ১৬৮৩ লৈ বৃদ্ধি পাইছে ।
E. ২০২৫ বৰ্ষৰ সাহিত্য অকাডেমী যুৱ বঁটা আৰু শিশু সাহিত্য অকাডেমী ঘোষণা। সুৰেন্দ্ৰ মোহন দাসলৈ শিশু সাহিত্য অকাডেমী বঁটা। গল্পকাৰ সুপ্ৰকাশ ভূঞালৈ সাহিত্য অকাডেমী যুৱ বঁটাৰ সন্মান। তাৰোপৰি বড়ো ভাষাৰ ‘খান্থি বাউছন আৰ আখো ডানাই’ গ্ৰন্থৰ বাবে বিনয় কুমাৰ ব্ৰহ্মলৈ আগবঢ়োৱা হৈছে শিশু সাহিত্য বঁটা। বড়ো ভাষাৰ অমৰ খুংগুৰ বড়োলৈ আং অসুৰ নামৰ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমীৰ যুৱ বঁটা আগবঢ়োৱা হৈছে।
F. আজিও শিৱসাগৰ জিলাৰ ভটিয়াপাৰৰ ONGC ৰ RDS-147 ৰীগৰ পৰা নিৰ্গত হৈ আছে গেছ । যোৱা ৭ দিন ৰীগটোৰ পৰা গেছ নিৰ্গমনৰ ঘটনাকলৈ আতংকিত হৈ পৰিছে স্থানীয় লোকসকল। বৰ্তমান গেছ নিৰ্গমণ নিয়ন্ত্ৰণৰ অধীনলৈ আহিছে যদিও সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই । প্ৰচেষ্টা অব্যাহত ৰাখিছে ONGC কৰ্তৃপক্ষই।
G. কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে বুধবাৰে কয় যে চৰকাৰে ব্যক্তিগত বাহনৰ বাবে ফাষ্টটেগৰ বাৰ্ষিক পাছ প্ৰদান কৰিব, যাৰ বাবে ৩ হাজাৰ টকা খৰচ হ’ব। এই পাছ ব্যৱস্থা ২০২৫ চনৰ ১৫ আগষ্টৰ পৰা আৰম্ভ হ’ব। এই পাছৰ জৰিয়তে ব্যক্তিগত বাহনৰ মালিকসকলে কম খৰচত আৰু চাপমুক্তভাৱে ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰা কৰিব পাৰিব। এই পাছৰ অধীনত বাহনৰ মালিকসকলে এবছৰত সৰ্বাধিক ২০০ বাৰ টোল গেটৰ মাজেৰে পাৰ হ’ব পাৰিব।
H. আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে ফোন যোগে বাৰ্তালাপ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । প্ৰায় ৩৫ মিনিট সময় কথা পাতে ট্ৰাম্প আৰু মোদীয়ে । প্ৰধানমন্ত্ৰী মোদীয়ে ট্ৰাম্পক পুনৰ স্পষ্টকৈ কয় যে, পাকিস্তানৰে যুদ্ধ বিৰতিৰ ক্ষেত্ৰত ভাৰতে কেতিয়াও আমেৰিকাৰ মধ্যস্থতা গ্ৰহণ কৰা নাই, সেই দাবী ভাৰতে মানি লোৱা নাই আৰু কেতিয়াও সেই মধ্যস্থতা গ্ৰহণ নকৰে।
I. পুনৰ বিশ্বৰ নেতাৰ আগত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি স্পষ্ট কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰী মোদীয়ে জি-৭ৰ নেতাসকলক সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্বব্যাপী পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । ইয়াৰ লগতে সন্ত্ৰাসবাদক “প্ৰচাৰ আৰু সমৰ্থন” কৰাসকলৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।