শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
স্তব্ধ বিমান সেৱা, ইৰাণত আবদ্ধ ভাৰতীয়ক কিদৰে কৰা হ'ব উদ্ধাৰ?

স্তব্ধ বিমান সেৱা, ইৰাণত আবদ্ধ ভাৰতীয়ক কিদৰে কৰা হ’ব উদ্ধাৰ?

barasha-sarma
Barasha Sarma | Published: 18 Jun 2025 22:47 PM

বৰ্তমান অব্যাহত আছে ইৰাণ-ইজৰাইলৰ মাজত উত্তেজনা। এনে যুদ্ধময় পৰিস্থিতিত বৰ্তমান ইৰাণত মুঠ ১০ হাজাৰ ভাৰতীয় নাগৰিক আছে। ইয়াৰে অধিকাংশই ছাত্ৰ-ছাত্ৰী।

অব্যাহত আছে ইৰাণ-ইজৰাইলৰ মাজত উত্তেজনা। ইৰাণৰ পাৰমাণৱিক ঘাটিত ইজৰাইলে আক্ৰমণ কৰাৰ পাছতে ইৰাণেও কৰে প্ৰত্যাক্ৰমণ। ইজৰাইলে দাবী কৰে যে, ‘এয়া তেওঁলোকৰ অস্তিত্ব বজাই ৰখাৰ যুঁজ।’  ইজৰাইলে ঘোষণা কৰিছে যে ইৰাণৰ চুপ্ৰিম লিডাৰৰ মৃত্যু হ’লেহে এই যুদ্ধ শেষ হ’ব। যোৱা কেইবাদিন ধৰি এই যুদ্ধ চলি আছে।

এনে যুদ্ধময় পৰিস্থিতিত বৰ্তমান ইৰাণত মুঠ ১০ হাজাৰ ভাৰতীয় নাগৰিক আছে। ইয়াৰে অধিকাংশই ছাত্ৰ-ছাত্ৰী। প্ৰতি বছৰে দেশৰ তিনিটা অঞ্চল হায়দৰাবাদ, লক্ষ্ণৌ আৰু জম্মু-কাশ্মীৰৰ বাসিন্দা ইৰাণলৈ যায়। মূলতঃ সস্তীয়া চিকিৎসা শিক্ষা আৰু তেল শোধনাগাৰত লাভজনক চাকৰিকে ধৰি বিভিন্ন কাৰণত ভাৰতীয়সকলৰ মধ্যপ্ৰাচ্যৰ এই দেশখনলৈ যোৱাৰ প্ৰৱণতা দেখা গৈছে।

১৯২০ চনত দেশৰ স্বাধীনতাৰ প্ৰাকক্ষণত মুঠ ১৮০ টা ভাৰতীয় পৰিয়াল ইৰাণলৈ গৈছিল। আজি সেই সংখ্যা ১০ হাজাৰ হৈছেগৈ।ইতিমধ্যে ইৰাণত থকা ভাৰতীয় দূতাবাসে তাত বসবাস কৰা ভাৰতীয়সকলৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছে। ইটোৰ পিছত সিটোকৈ জাৰি কৰিছে কেইবাটাও নিৰ্দেশনা। ইৰাণত থকা ভাৰতীয় দূতাবাসে নিজৰ ছ’চিয়েল মিডিয়াত জনাইছে যে তেহৰাণত বসবাস কৰা সকলো ভাৰতীয়ই এতিয়াই দূতাবাসৰ সৈতে যোগাযোগ কৰি নিজৰ ঠিকনা আৰু ফোন নম্বৰ দূতাবাসত জমা দিব লাগে।