শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Gold Price Today: মধ্যপ্ৰাচ্যৰ উত্তেজনাৰ মাজতে হ্ৰাস পালে সোণৰ মূল্য, কিনিম বুলি ভাবিছে যদি খৰধৰ কৰক

Gold Price Today: মধ্যপ্ৰাচ্যৰ উত্তেজনাৰ মাজতে হ্ৰাস পালে সোণৰ মূল্য, কিনিম বুলি ভাবিছে যদি খৰধৰ কৰক

Barasha Misra
Barasha Misra | Published: 18 Jun 2025 22:45 PM

Gold Price: যুদ্ধৰ উত্তেজনাৰ মাজতে ১৮ জুনত সোণৰ মূল্য হ্ৰাস পায়। গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰাম ১০,০৯১, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰাম ৯,২৫০ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰামত ৭,৫৬৯ টকা।

পুনৰ সলনি হৈছে সোণ-ৰূপৰ দাম। সোণৰ মূল্য হ্ৰাস পোৱাৰ খবৰটোৱে বহু লোকক উৎসাহিত কৰিছে। বিশেষকৈ বিনিয়োগকাৰী আৰু গ্ৰাহকসকলৰ বাবে এয়া এক ভাল খবৰ। যদি আপুনি সোণ কিনিবলৈ বিচাৰি আছে, তেন্তে এয়াই উপযুক্ত সময় হ’ব পাৰে।

মধ্যপ্ৰাচ্যৰ ভূ-ৰাজনৈতিক উত্তেজনাৰ মাজতে সোণৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাব বুলি ভবা হৈছিল। কিন্তু সেয়া ওলোটা হ’ল! ১৮ জুনত হ্ৰাস পালে সোণৰ দাম।

গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি, আজি সোণ-ৰূপৰ মূল্যৰ ডাঙৰ পৰিৱৰ্তন হৈছে। সোণৰ মূল্য হ্ৰাস পোৱাৰ বিপৰীতে ৰূপৰ দাম বৃদ্ধি পাইছে। আজি ভাৰতত ৰূপৰ মূল্য এক কেজিত ১,১০,১০০ টকা। আজি ২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৯১,৯৯০ টকা আৰু ১৮ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৭৫,২৭০ টকা হৈছে। সোণৰ দাম হ্ৰাসৰ পিছত সোণ কিনাৰ পৰিকল্পনা কৰাসকলৰ বাবে এইটোৱেই উপযুক্ত সময়।

আজি গুৱাহাটীত ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ১০,০৯১ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,২৫০ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰামত ৭,৫৬৯ টকা। ইফালে গুৱাহাটীত ৰূপৰ মূল্য ১১১ টকা আৰু প্ৰতি কিলোগ্ৰাম ১,১১,০০০ টকা।

যদি আপুনি ক’ৰবাত বিনিয়োগ কৰিব বিচাৰে তেন্তে সেই বিষয়ত সঠিক গৱেষণা আৰু বিশ্লেষণ কৰক। এই লেখাটো কেৱল শিক্ষাৰ উদ্দেশ্যে। TV9 অসমে-এ কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে।

বিশেষ টোকা: যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে। গতিকে বিনিয়োগৰ সিদ্ধান্ত লোৱাৰ আগতে সকলো বিনিয়োগৰ নথি-পত্ৰ ভালদৰে পঢ়ক।