শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বাৰ্মাৰ পৰা আহি অসমত প্ৰৱেশৰ চেষ্টা! আটক ৩ ৰোহিংগীয়া…

পুনৰ আটক তিনি ৰোহিংগীয়া। জানিব পৰা মতে, তিনিজনকৈ বাৰ্মাৰ নাগৰিকে সীমান্ত পাৰ হৈ দেশত প্ৰৱেশ কৰিছিল। পাছত তেওঁলোকে অসমত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল। তাৰ মাজতে তিনিওকে ত্ৰিপুৰা আৰক্ষীয়ে আটক কৰে।

বাৰ্মাৰ পৰা আহি অসমত প্ৰৱেশৰ চেষ্টা! আটক ৩ ৰোহিংগীয়া…
আটক ৩ জন
barasha-sarma
Barasha Sarma | Updated On: 18 Dec 2025 12:03 PM

ত্ৰিপুৰা ধৰ্মনগৰত আটক তিনি ৰোহিংগীয়া নাগৰিক। আই এছ বি টি (ISBT) এলেকাৰ পৰা ত্ৰিপুৰা আৰক্ষীয়ে আটক কৰিছে এই তিনিগৰাকীকৈ ৰোহিংগীয়া নাগৰিকক। জানিব পৰা মতে, আই এছ বি টিত চালকৰ সহায়ত ত্ৰিপুৰা আৰক্ষীয়ে তেওঁলোকক আটক কৰিবলৈ সক্ষম হয়। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে বুধবাৰে দিনৰ ভাগত তেওঁলোকক আটক কৰে।

প্ৰাপ্ত খবৰ অনুসৰি, কালি দিনৰ ভাগত ধৰ্মনগৰ ৰাজবাৰীৰ আই এছ বি টিত দুজন পুৰুষ আৰু এগৰাকী মহিলাক দেখা পাই স্থানীয় বাহন চালকসকলে সন্দেহ প্ৰকাশ কৰে। তিনিওজন যাত্ৰী ত্ৰিপুৰা হৈ অসমৰ শ্ৰীভূমি জিলাৰ বদৰপুৰলৈ যাবলৈ এখন গাড়ী ৰিজাৰ্ভ কৰিব বিচাৰিছিল। সেই সময়ত আই এছ বি টিৰ চালকসকলে সন্দেহ প্ৰকাশ কৰি বি এছ এফক খবৰ দিয়ে।

লগে লগে সেই স্থানত উপস্থিত হয় বি এছ এফৰ জোৱান। তাৰ পিছত চালকসকলে তিনিওজন ৰহিংগীয়াক বি এছ এফক গতাই দিয়ে। পিছত বি এছ এফে তেওঁলোকক ধৰ্মনগৰ থানালৈ লৈ যায়। পাছত ৰোহিংগীয়া তিনিজনক ধৰ্মনগৰ আৰক্ষীক গতাই দিয়া হয়। আটকাধীন লোককেইজনৰ জেৰাৰ সময়ত আৰক্ষীয়ে জানিব পাৰে যে তিনিওজন বাৰ্মাৰ। তেওঁলোকৰ নাম আব্দুল ৰহিম, জেচমিন বেগম আৰু ৰামি আলী। সম্প্ৰতি ধৰ্মনগৰ আৰক্ষী থানাত বন্দীসকলক জেৰা অব্যাহত ৰাখিছে।

উল্লেখ্য যে, এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও ত্ৰিপুৰা আৰক্ষীয়ে কেইবাগৰাকী ৰোহিংগীয়াক এনেকৈ আটকৰ কৰিছে। একাংশই সীমান্ত পাৰ হৈ দেশত প্ৰৱেশৰ চেষ্টা চলায়। কিন্তু ইয়াৰ বিৰুদ্ধে আৰক্ষী তথা নিৰাপত্তাৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি ৰাখিছে। অসমৰ সীমান্ততো বিভিন্ন সময়ত এনে অবৈধ অনুপ্ৰৱেশকাৰী আটক হয়।

 

অন্য খবৰ পঢ়কঃ জুবিনৰ স’তে সেইদিনা কি কি কৰিছিল ৪ অভিযুক্তই? চাৰ্জশ্বীটত ভয়ংকৰ তথ্য, জানক সকলো…