Morning News: দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…
আজি ১৮ ডিচেম্বৰ, বৃহস্পতিবাৰ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...
পুৱাৰ খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- অৰুণাচল প্ৰদেশত প্ৰাণ হেৰুওৱা অসমৰ শ্ৰমিকসকলৰ পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বুধবাৰে তিনিচুকীয়াৰ গেলাপুখুৰীত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰাৰ লগতে নিহতসকলৰ আত্মীয়লৈ ৫ লাখ টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰে।
- আজি জাতীয় চেতনা দিৱস। অসম আৰু অসমীয়াৰ জাতীয় চেতনা জাগ্ৰত কৰা ‘অসম কেশৰী’ অম্বিকাগিৰী ৰায়চৌধুৰীৰ ওপজা দিনৰ প্ৰতি সন্মান জনাই প্ৰতিবছৰে ১৮ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ পালন কৰা হয় ‘অসমীয়া জাতীয় জীৱন সংগঠন পষেক’।
- জামুগুৰিহাটৰ বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী বলেৰ’ বাহনৰ খুন্দা নিহত স্কুটী আৰোহী। নিহত সৰুভগীয়াৰ প্ৰিন্সীপালকি বৰুৱা নামৰ যুৱতীগৰাকী। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন বলেৰ’ বাহনখনৰ।
- ২০, ২১ ডিচেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত ভাগ ল’ব প্ৰধানমন্ত্ৰীগৰাকীয়ে। বৰঝাৰ বিমান বন্দৰৰ নতুন টাৰ্মিনেলৰ শুভ উদ্বোধন কৰিব মোদীয়ে। মোদীৰ অসম ভ্ৰমণৰ পূৰ্বে গুৱাহাটীত ৰাজ্যিক বিজেপিৰ ব্যাপক ব্যস্ততা।
- লক্ষ্ণৌত প্ৰচণ্ড কুঁৱলীৰ বাবে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা চতুৰ্থ টি-২০ খেল বাতিল কৰিবলৈ বাধ্য হয়। ১৭ ডিচেম্বৰত একনা ষ্টেডিয়ামত টছ কৰাটোও সম্ভৱ নহ’ল। তিনি ঘণ্টীয়া অপেক্ষাৰ অন্তত আম্পায়াৰসকলে খেলখন বাতিল কৰে। পাঁচখন খেলৰ শৃংখলাত ২-১ত আগবাঢ়ি আছে ভাৰত। অহা ১৯ ডিচেম্বৰত আহমেদাবাদত অনুষ্ঠিত হ’ব চূড়ান্ত খেলখন।
- ইথিওপিয়াৰ ৰাজধানী আদিছ আবাবাত সংসদৰ যুটীয়া অধিৱেশনত ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এইখন বিশ্বৰ ১৮ সংখ্যক সংসদত প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ প্ৰদান কৰিছে। ইথিওপিয়াৰ সাংসদসকলে তেওঁক উষ্ম আদৰণি জনায়। ভাৰত-ইথিওপিয়াৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত এই ভ্ৰমণ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।
- এইবাৰ ভিক্ষাৰ অভিযোগত প্ৰায় ৫১ হাজাৰ পাকিস্তানীক বিভিন্ন দেশৰ পৰা বিতাড়িত কৰা হৈছে। চৌদি আৰবে সৰ্বাধিক ব্যৱস্থা গ্ৰহণ কৰিছিল, ভিক্ষাৰ বাবে ২৪ হাজাৰ লোকক বিতাড়ন কৰিছিল। ইয়াৰ উপৰিও সংযুক্ত আৰব আমিৰশ্বাহীৰ পৰা ৬ হাজাৰ পাকিস্তানী, আজাৰবাইজানৰ পৰা ২৫০০ আৰু আন দেশৰ পৰা আৰু হাজাৰ হাজাৰ পাকিস্তানীক বিতাড়িত কৰা হয়। এই তথ্য প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় বিধানসভাৰ বহিঃৰাজ্যৰ পাকিস্তানী আৰু মানৱ অধিকাৰৰ স্থায়ী সমিতিৰ বৈঠকত।
লগতে পঢ়ক: সাৱধান হ’ব লাগিব এইসকল লোক! বৃহস্পতিবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক ৰাশিফল…