দিয়া নাছিল ৬ মাহৰ ভাড়া! মহিলাৰ সৈতে স্বামী-স্ত্ৰীৰ ভয়ংকৰ কাণ্ড, ছুটকেছত উদ্ধাৰ…
পুনৰ এক ভয়ংকৰ হত্যাকাণ্ডই জোকাৰি গৈছে এটা অঞ্চল। জানিব পৰা মতে, ভাড়া সংগ্ৰহ কৰিবলৈ যোৱা এগৰাকী মহিলাক অতি নৃশংসভাৱে হত্যা কৰে স্বামী-স্ত্ৰীয়ে। ইতিমধ্যে ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হৈছে দুজন।
পুনৰ এক জঘন্য হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে। প্ৰাপ্ত খবৰ অনুসৰি, ফ্লেটৰ ভাড়া বিচাৰিবলৈ যোৱা এগৰাকী মহিলাক ভাড়াতীয়া দম্পতীয়ে ডিঙি চেপি হত্যা কৰে আৰু পাছত মৃতদেহটো টুকুৰা-টুকুৰ কৰি বেগত ভৰাই বিচনাৰ তলত থৈ দিয়ে। দীৰ্ঘদিন ধৰি এইহাল দম্পতীয়ে ঘৰৰ মালিকক ভাড়া দিয়া নাছিল। কিন্তু যেতিয়া মালিকে টকা খুজে তেতিয়া দুয়ো এই জঘন্য কাণ্ড সংঘটিত কৰে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশ গাজিয়াবাদ ৰাজনগৰৰ অ’ৰা চিমেৰা ছ’চাইটিত।
জানিব পৰা মতে, মৃত মহিলাগৰাকী স্বামী উমেশ শৰ্মাৰ সৈতে বিল্ডিঙটোত আছিল। তেওঁলোকে এটা ফ্লেট অজয় গুপ্তা আৰু তেওঁৰ পত্নীক ভাড়ালৈ বুলি দিছিল। কিন্তু প্ৰায় ৬ মাহ ধৰি অজয় গুপ্তাই ফ্লেটৰ ভাড়া দিয়া নাছিল। প্ৰায়ে ঘৰৰ মালিকে তেওঁলোকক টকা বিচাৰিছিল আৰু ইয়াকে লৈ বিবাদো হৈছিল। এই বিবাদৰ পৰিণতিতে ভাড়াতীয়া দম্পতীয়ে মহিলাগৰাকীক অতি নৃশংসভাৱে হত্যা কৰে।
চিচিটিভি ফুটেজত পোহৰলৈ সকলো
১৭ ডিচেম্বৰৰ গভীৰ নিশা পৰ্যন্ত ভুক্তভোগী মহিলাগৰাকী ঘৰলৈ উভতি অহা নাছিল তেতিয়া পৰিয়ালৰ লোক চিন্তিত হৈ পৰে। লগে লগে তেওঁলোকে চচাইটিৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰে। চিচিটিভিৰ ফুটেজত দেখা যায় যে মহিলাগৰাকী সন্ধিয়া ভাড়াতীয়াৰ ফ্লেটৰ পিনে গৈছিল কিন্তু উভতি অহা নাছিল। এই কথাক লৈ পৰিয়ালটোৰ সন্দেহ হয়। এনে পৰিস্থিতিত তেওঁলোকে স্থানীয় লোকৰ সহায়ত ফ্লেটটোত তালাচী চলায়। সেই সময়ত ভাড়াতীয়া দম্পতীহালে পলায়নৰ চেষ্টা কৰে যদিও স্থানীয় লোকে তেওঁলোকক আটক কৰে।
ইয়াৰ পাছত লগে লগে স্থানীয় লোকে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ ঘৰৰ ভিতৰৰ পৰা এটা ৰঙা ছুটকেছ উদ্ধাৰ কৰে। সেই বেগটোৰ ভিতৰতে আছিল ঘৰৰ মালিকনীৰ টুকুৰা-টুকুৰ মৃতদেহ। লগে লগে আৰক্ষীয়ে মৃতদেহ জিম্মাত লৈ তদন্ত আৰম্ভ কৰে।
আৰক্ষীে কয় যে, ১৭ ডিচেম্বৰ,২০২৫ ৰ নিশা প্ৰায় ১১.১৫ মান বজাত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়। প্ৰাৰম্ভিক তদন্তত পোহৰলৈ অহা অনুসৰি, মৃত মহিলাগৰাকীয়ে ভাড়া সংগ্ৰহ কৰিবলৈ ফ্লেটটোলৈ গৈছিল। প্ৰতিমাহে ১৮,০০০ টকাকৈ আছিল ফ্লেটৰ ভাড়া আৰু ৬ মাহ ধৰি কোনো ধন দিয়া নাছিল দম্পতীহালে। কিন্তু টকা খুজিব যোৱাৰ বাবে দুই স্বামী-স্ত্ৰীয়ে তেওঁক হত্যা কৰ। ইতিমধ্যে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
অন্য খবৰ পঢ়কঃ পৰিয়ালে গ্ৰহণ নকৰে মুছলিম বোৱাৰী! পুত্ৰই পিতৃ-মাতৃৰ সৈতে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড…