শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
শিৱসাগৰত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল দম্পতীৰ, নিথৰুৱা দুবছৰীয়া কণমানি...

শিৱসাগৰত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল দম্পতীৰ, নিথৰুৱা দুবছৰীয়া কণমানি…

barasha-sarma
Barasha Sarma | Updated On: 18 Dec 2025 13:09 PM

এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই এহাল দম্পতীয়ে। আজি পুৱা সংঘটিত এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইফালে পিতৃ-মাতৃক হেৰুৱাই নিথৰুৱা হৈ পৰে এটি কনমানি।

বৃহস্পতিবাৰে পুৱা শিৱসাগৰৰ ভটীয়াপাৰ ৰূপহীমুখৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা। পুৱতি নিশা HR 39 2359 নম্বৰৰ ডাম্পাৰ আৰু AS04 AJ 3863 হুণ্ডাই Exter যাত্ৰীবাহী বাহনৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনা ইমানেই ভয়ংকৰ আছিল যে থিতাতে এজনৰ মৃত্যু হয়। আহতসকলক হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত আৰু এজনৰ মৃত্যু হয়।

এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে বিপুল হাতীমূৰীয়া আৰু পত্নী নমিতা চেতিয়াই। ইফালে গুৰুতৰভাৱে আহত হৈছে চালক অৰুণজ্যোতি শীল আৰু মৃত দম্পতীৰ কণমাণি সন্তানটি। বৰ্তমান শিৱসাগৰ অসামৰিক চিকিৎসাল‌য়ত তেওঁলোক ভৰ্তি হৈ আছে।এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…