শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Bangladesh: সাত ভনীক দখলৰ ভাবুকি দিয়াৰ পিছতে ভাৰতে গ্ৰহণ কৰিলে ডাঙৰ সিদ্ধান্ত

India-Bangladesh Relation: ঢাকাৰ যমুনা ফিউচাৰ পাৰ্কত অৱস্থিত ভাৰতীয় ভিছা আবেদন কেন্দ্ৰ। নিৰাপত্তাজনিত কাৰণত বুধবাৰে বিয়লি ২ বজাৰ পৰা বন্ধ কৰি দিয়া হৈছিল ভিছা চেণ্টাৰটো। ভিছা চেণ্টাৰ কেতিয়া খোলা হ’ব সেই সন্দৰ্ভত কোনো তথ্য দিয়া নাই।

Bangladesh: সাত ভনীক দখলৰ ভাবুকি দিয়াৰ পিছতে ভাৰতে গ্ৰহণ কৰিলে ডাঙৰ সিদ্ধান্ত
barasha-misra
Barasha Misra | Published: 18 Dec 2025 13:54 PM

ভাৰতীয় উচ্চায়ুক্তক আক্ৰমণৰ ভাবুকি, সাত ভনীক পৃথক কৰাৰ ভাবুকি বাংলাদেশৰ নেতাৰ ৷ ভাৰতে এই আচৰণ সহ্য কৰা কৰিব পৰা নাই। এতিয়া লৈছে কঠোৰ পদক্ষেপ। ভাৰতত বাংলাদেশীৰ বাবে কোনো প্ৰৱেশ নাই। বুধবাৰৰ পৰা বন্ধ হৈ আছে বাংলাদেশৰ ভাৰতীয় ভিছা আবেদন কেন্দ্ৰ (Indian Visa Application Centre)। বিচ্ছিন্নতাবাদীৰ নিৰন্তৰ ভাবুকি আৰু উচটনিমূলক মন্তব্যৰ পিছতে কেন্দ্ৰীয় চৰকাৰে নিৰাপত্তাৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

ঢাকাৰ যমুনা ফিউচাৰ পাৰ্কত অৱস্থিত ভাৰতীয় ভিছা আবেদন কেন্দ্ৰ। নিৰাপত্তাজনিত কাৰণত বুধবাৰে দুপৰীয়া ২ বজাৰ পৰা এই ভিছা চেণ্টাৰটো বন্ধ কৰি দিয়া হয়। কেতিয়া ভিছা চেণ্টাৰ খোলা হ’ব সেই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ হোৱা নাই। নিৰাপত্তাজনিত কাৰণত ভাৰত চৰকাৰে ভিছা চেণ্টাৰটো বন্ধ কৰিবলগীয়া হৈছিল। বাংলাদেশৰ ভাৰতীয় ভিছা আবেদন কেন্দ্ৰৰ ৱেবছাইটতো এই কথা উল্লেখ কৰা হৈছে। জানিব পৰা মতে, আজি ৰাজশ্বাহী আৰু খুলনাৰ ভিছা চেণ্টাৰো বন্ধ কৰি দিয়া হৈছে। বুধবাৰে যিসকলৰ ভিছা আবেদনৰ বাবে এপইণ্টমেণ্ট আছিল তেওঁলোকক এদিন পিছত এপইণ্টমেণ্ট দিয়া হ’ব। স্থান আৰু সময়ৰ বিষয়ে জনোৱা হ’ব।

ভিছা আবেদন কেন্দ্ৰ বন্ধ হোৱাৰ লগে লগে ভাৰতলৈ আহিব বিচৰা বাংলাদেশীসকলে স্বাভাৱিকতে সমস্যাৰ সন্মুখীন হ’ব। ভাৰতলৈ আহি ইয়াৰ পৰা আন দেশলৈ বিমান যাত্ৰা কৰা সকলেও চৰম সমস্যাৰ সন্মুখীন হ’ব।

প্ৰসংগক্ৰমে কালি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতত থকা বাংলাদেশৰ উচ্চায়ুক্ত মহম্মদ ৰিয়াজ হামিদুল্লাক চমন কৰে। বাংলাদেশৰ অৱনতি ঘটা নিৰাপত্তা পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰা হয়। একে সময়তে ভাৰতে উচ্চ আয়োগক আক্ৰমণৰ ভাবুকি আৰু বাংলাদেশী এন চি পি নেতাই ভাৰতৰ সাত ভনী অৰ্থাৎ উত্তৰ-পূব ভাৰতৰ সাতখন ৰাজ্য কাঢ়ি নিয়াৰ ভাবুকিৰ তীব্ৰ প্ৰতিবাদ কৰিছিল।