মেছিৰ সৈতে ফটো তোলাৰ সময়ত অঘটন! কি হৈছে শিল্পাৰ লগত?
শিল্পা আৰু তেওঁৰ ব্যৱসায়ী স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে পৰিয়ালক ৬০ কোটি টকা প্ৰতাৰণা কৰাৰ অভিযোগ। দৰাচলতে দুয়োৰে বিৰুদ্ধে লুকাউট চাৰ্কুলাৰ জাৰি কৰা হৈছে। শিল্পাই আইনী সমস্যাত পৰা আজি বহু বছৰ হ’ল। এতিয়া বেংগালুৰুৰ বেষ্টিয়ন ৰেষ্টুৰেণ্টৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে।
পুনৰ বিপদত পৰিছে বলীউডৰ অভিনেত্ৰী শিল্পা শ্বেট্টী। সুখৰ দিনটোত হঠাৎ বিপদৰ খবৰ আহিব তেওঁ ভাবিব পৰা নাছিল। অভিনেত্ৰীগৰাকীয়ে ভাবিছিল ফুটবল তাৰকা লিয়নেল মেছিৰ সৈতে পুত্ৰৰ ফটো তুলি ছ’চিয়েল মিডিয়া দিলে সেয়া ভাইৰেল হৈ পৰিব। ফটোখন তুলিছিল ঠিকেই, কিন্তু ধুমুহা সৃষ্টি হোৱাৰ পূৰ্বেই তেওঁ বিপদত পৰে। আচলতে এই ঘটনাৰ লগত মেছি জড়িত নাই বা কোনো সম্পৰ্ক নাই। শিল্পা বিপদত পৰিছে বেংগালুৰুৰ এখন ৰেষ্টুৰেণ্টত।