TCS, Infosys-ৰ কৰ্মীৰ বাবে বেয়া খবৰ, এটা সিদ্ধান্তৰ ফলত হাজাৰ হাজাৰ চাকৰি সংকটত
US H-1B Visa Rules: দক্ষ শ্ৰমিকক আউটচ’ৰ্চ কৰে আমেৰিকাই। কিন্তু এতিয়া সেই বিদেশী শ্ৰমিকসকলক আমেৰিকাত কাম কৰাৰ সুযোগ দিয়াৰ পৰিৱৰ্তে তেওঁলোকক মোটা অংকৰ মাচুল দিবলৈ কোৱা হৈছে। ইয়াৰ প্ৰভাৱ পৰিব বিভিন্ন ভাৰতীয় আৰু বহুজাতিক আই টি কোম্পানী, যিবোৰে আগতে মধ্যভোগী হিচাপে কাম কৰিছিল।
ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এইচ-১বি ভিছাৰ নিয়মত ডাঙৰ সমস্যা। যদিহে আন দেশৰ শ্ৰমিকসকলে এইচ-১বি ভিছাত আমেৰিকাত কাম কৰিবলৈ যায় তেন্তে তেওঁলোকে এক লাখ মাৰ্কিন ডলাৰৰ মাচুল দিব লাগিব। ট্ৰাম্পৰ এই সিদ্ধান্তই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ টাটা কনছালটেন্সি চাৰ্ভিচেছ (টিচিএছ), ইনফ’ছিছৰ দৰে আইটি কোম্পানীয়ে এই সমস্যা আটাইতকৈ বেছি সহ্য কৰিব লাগিব।
আমেৰিকাই দক্ষ শ্ৰমিকক আউটচ’ৰ্চ কৰে। কিন্তু এইবাৰ সেই বিদেশী শ্ৰমিকসকলক আমেৰিকাত কাম কৰাৰ সুযোগ দিয়াৰ পৰিৱৰ্তে তেওঁলোকক অত্যাধিক মাচুল দিবলৈ কোৱা হৈছে। ইয়াৰ প্ৰভাৱ পৰিব বিভিন্ন ভাৰতীয় আৰু বহুজাতিক আই টি কোম্পানীত, যিবোৰে আগতে মধ্যভোগী হিচাপে কাম কৰিছিল। টাটা কনছালটেন্সি চাৰ্ভিচেছ লিমিটেড, ইনফ’ছিছ লিমিটেড আৰু কগনিজেণ্ট ছলিউচছন কৰ্পৰ দৰে কোম্পানীসমূহ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’ব।
ব্লুমবাৰ্গৰ ৰিপোৰ্ট অনুসৰি এই তিনিটা কোম্পানীয়ে ২০২০ চনৰ মে’ৰ পৰা ২০২৪ চনৰ মে’লৈ এইচ-১বি ভিছাত ৯০ শতাংশ শ্ৰমিকক নিযুক্তি দিছিল। আমেৰিকাৰ কনছুলেটেও তেওঁলোকক অনুমোদন দিয়ে। যদিহে ট্ৰাম্পৰ এই মাচুল কাৰ্যকৰী হয় তেন্তে ইয়াৰ বাবে লাখ লাখ টকা খৰচ হ’ব।
এইচ-১বি ভিছাৰ কাম কৰি থকা ইনফ’ছিছৰ ৯৩ শতাংশ নতুন কৰ্মচাৰীয়ে কেইবা বিলিয়ন ডলাৰৰ ভিছা মাচুল দিবলগীয়া হৈছিল। টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ৬,৫০০ কৰ্মচাৰী অৰ্থাৎ ৮২ শতাংশ কৰ্মচাৰীয়ে মাচুল দিবলগীয়া হয়। যদি এই ভিছা মাচুল প্ৰৱৰ্তন কৰা হয় তেন্তে এইচ-১বি ভিছাৰ আবেদনৰ সংখ্যা যথেষ্ট হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছে। যদিও কাম কৰি থকাসকলৰ বাবে কোনো সমস্যা নহ’ব, তথাপিও আমেৰিকাত নতুন চাকৰি পোৱাৰ পথ বহু পৰিমাণে বন্ধ বা সংকুচিত হ’ব। এই কথা বিশেষজ্ঞসকলৰ মতামত।