শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বাবৰৰ পথ অনুসৰণ কৰি সাত ভনী দখলৰ সপোন বাংলাদেশীৰ

ভাৰতৰ পৰা উত্তৰ-পূবক পৃথক কৰাৰ সপোন দেখিছে বাংলাদেশী নেতাই। মোগল সম্ৰাট বাবৰৰ পথ অনুসৰণ কৰি সাত ভনী দখলৰ হুংকাৰ বাংলাদেশৰ। ভাৰতে ইতিমধ্যে এনে ভাবুকি বা উচটনি কোনো ধৰণে সহ্য নকৰে বুলি কৈছে।

বাবৰৰ পথ অনুসৰণ কৰি সাত ভনী দখলৰ সপোন বাংলাদেশীৰ
বাংলাদেশত উত্তেজনাImage Credit source: PTI
raj-saikia
Raj Saikia | Published: 18 Dec 2025 15:08 PM

বাংলাদেশৰ সৈতে দিনক দিনে সম্পৰ্কৰ অৱনতি ঘটিছে ভাৰতৰ। বাংলাদেশৰ একাংশ উগ্ৰবাদীয়ে ভাৰতৰ সাত ভনীৰ ওপৰত কটু দৃষ্টি নিক্ষেপ কৰিছে। বিজয় দিৱসৰ প্ৰাকক্ষণত এন চি পি নেতা হাছনাতে বিচ্ছিন্নতাবাদী আৰু সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ কথা আৰু সাত ভনীক কাঢ়ি নিয়াৰ কথা কোৱা শুনা যায়।

যদিও ভাৰতে এনে উচটনিমূলক মন্তব্যৰ তীব্ৰ প্ৰতিবাদ কৰিছিল, তথাপিও সেই দেশৰ যুৱক-যুৱতীসকলৰ চৰিত্ৰ সলনি নহ’ল। পুনৰ উচ্চায়ুক্তক আক্ৰমণ কৰাৰ হুংকাৰ দি সাত ভনীক কাঢ়ি নিয়াৰ সপোন দেখিছে তেওঁলোকে। ক্ষমতাৰ এই অহংকাৰ ক’ৰ পৰা আহিছে?

নতুন দিল্লীয়ে বুধবাৰে ভাৰতত থকা বাংলাদেশৰ উচ্চায়ুক্ত মহম্মদ ৰিয়াজ হামিদুল্লাক মাতি আনি বাংলাদেশত অৱনতি ঘটা আইন-শৃংখলাৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি স্পষ্ট কৰি দিয়ে যে এনেধৰণৰ আক্ৰমণৰ ভাবুকি বা উচটনিমূলক মন্তব্য সহ্য কৰা নহ’ব।

আনকি বাংলাদেশৰ উচ্চায়ুক্তক মাতি অনাৰ সময়তো ভাৰতীয় উচ্চায়ুক্তৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল একাংশ বাংলাদেশী যুৱকে। জাতীয় গণতন্ত্ৰিক পাৰ্টিৰ উপ-সভাপতি ৰাছেদ প্ৰধানে কোৱা শুনা যায়- “এইবাৰ ইয়াত ৰৈছিলো। অহাবাৰ উচ্চায়ুক্তত প্ৰৱেশ কৰিম। বাংলাৰ মাটিত ভাৰতৰ আধিপত্য অব্যাহত নাথাকিব।”

আনফালে, আন এজন বাংলাদেশী স্থানীয় নেতাই আৰু অধিক হুংকাৰ প্ৰদান কৰে। জনতাৰ সমুখত তেওঁ ক’লে, “বাবৰৰ পথ অনুসৰণ কৰক, সাত ভনীক মুক্ত কৰক।”

ভাৰতে ইতিমধ্যে এনে ভাবুকি বা উচটনি কোনো ধৰণে সহ্য নকৰে বুলি কৈছে। কালি ঢাকাৰ ভাৰতীয় ভিছা চেণ্টাৰ বন্ধ কৰি দিয়া হৈছিল। আজি ৰাজশ্বাহী আৰু খুলনাৰ ভিছা চেণ্টাৰো বন্ধ হৈ পৰে। কিন্তু প্ৰশ্ন উত্থাপন হয় যে এনে জেহাদীমুখী মন্তব্যৰ সন্মুখত আৰক্ষীয়ে কিয় মৌন দৰ্শক হিচাপে থিয় দিলে? ইউনুছ চৰকাৰ পাকিস্তানৰ সম্পূৰ্ণ পুতলা হৈ পৰিছে নেকি?