শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পৰিয়ালে গ্ৰহণ নকৰে মুছলিম বোৱাৰী! পুত্ৰই পিতৃ-মাতৃৰ সৈতে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড…

কিমান নৃশংস হ'লে এজন পুত্ৰই নিজ পিতৃ-মাতৃক হত্যা কৰিব পাৰে? শেহতীয়াকৈ পোহৰলৈ আহিছে এনে এক ঘটনা। এজন পুত্ৰই নিজ পিতৃ-মাতৃক হত্যা কৰে আৰু মৃতদেহ টুকুৰা কৰি নদীত পেলাই দিয়ে।

পৰিয়ালে গ্ৰহণ নকৰে মুছলিম বোৱাৰী! পুত্ৰই পিতৃ-মাতৃৰ সৈতে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড…
অভিযুক্ত
Barasha Sarma
Barasha Sarma | Published: 17 Dec 2025 22:34 PM

এজন পুত্ৰৰ নৃশংস কাণ্ডই বুকু কঁপাই তুলিব আপোনাৰ। ঘটনাৰ বিৱৰণী অনুসৰি, অম্বেশ নামৰ যুৱকজনে বৃদ্ধ পিতৃ-মাতৃক ৰডেৰে মৰিয়াই হত্যা কৰি মৃতদেহ দুটা ৬ টুকুৰা কৰে। পাছত টুকুৰা কেইটা চিমেন্টৰ বস্তাত ভৰাই গাড়ীত লৈ গৈ নদীত পেলাই দিয়ে। মৃতদেহ পেলোৱাৰ পাছত অম্বেশ গংগা ঘাটলৈ যায় আৰু তাত গা ধুৱে। কিন্তু অম্বেশৰ ভগ্নীয়ে যেতিয়া পিতৃৃৃ-মাতৃৰ নিৰুদ্দেশৰ এজাহাৰ দাখিল কৰে তেতিয়া এই কাণ্ড পোহৰলৈ আহে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশ জৌনপুৰৰ আহমেদপুৰ গাঁৱত।

মৃত্যু হোৱা বৃদ্ধ পিতৃ-মাতৃহাল শ্যাম বাহাদুৰ (৬৫) আৰু তেওঁৰ ৬৩ বছৰীয়া পত্নী বুলি চিনাক্ত হৈছে। প্ৰাপ্ত খবৰ অনুসৰি, শ্যাম বাহাদুৰৰ এজন পুত্ৰ আৰু ৩ গৰাকী কন্যা সন্তান আছিল। কিন্তু যোৱা কেইটামান মাহ ধৰি অম্বেশে প্ৰায়ে সম্পত্তিক লৈ মাতৃ-পিতৃৰ সৈতে কাজিয়া কৰিছিল। ইয়াৰ মাজতে হঠাতে ৮ ডিচেম্বৰত নিৰুদ্দেশ হয় পুত্ৰ আৰু পিতৃ-মাতৃ। দীৰ্ঘদিন ঘৰলৈ উভতি নহা বাবে আৰক্ষীৰ ওচৰত ১৩ ডিচেম্বৰত তেওঁলোকৰ নিৰুদ্দেশৰ এজাহাৰ দাখিল কৰে শ্যাম বাহাদুৰৰ কন্য়াই। ঘটনা সন্দৰ্ভত তদন্ত কৰি আৰক্ষীয়ে ১৫ ডিচেম্বৰত অম্বেশক উদ্ধাৰ কৰে। কিন্তু অম্বেশৰ সৈতে কথা পাতি আৰক্ষীৰ সন্দেহ হয় আৰু তেতিয়াই পোহৰলৈ আহে এক গাৰ নোম শিয়ৰি উঠা ঘটনা।

মুছলিম যুৱতীৰ সৈতে বিয়া

৩৭ বছৰীয়া অম্বেশে বিটেক সম্পূৰ্ণ কৰি কলকতাৰ এটা কোম্পানীত ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত আছিল। তাতেই তেওঁৰ এগৰাকী মুছলিম যুৱতীৰ সৈতে প্ৰেম হয়। পৰৱৰ্তী সময়ত পৰিয়ালৰ বিৰুদ্ধে গৈ লকডাউনৰ সময়ত অম্বেশে মুছলিম যুৱতীগৰাকীৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। অম্বেশৰ আছে ৪ বছৰীয়া এগৰাকী কন্যা আৰু ডেৰ বছৰীয়া পুত্ৰ সন্তান। কিন্তু বিয়াৰ ইমান বছৰ পাছতো অম্বেশে পৰিয়ালে মুছলিম যুৱতীগৰাকীক বোৱাৰী হিচাপে মানি লোৱা নাছিল।

যাৰ বাবে পৰিয়ালৰ হেঁচাত অম্বেশে পত্নীক বিচ্ছেদ দিবলৈ সাজু হৈছিল। কিন্তু পত্নীয়ে বিচাৰিছিল টকা। ইফালে স্থানীয় ৰাইজে কয় যে, বিয়াৰ পাছত অম্বেশ সলনি  হৈছিল। নামাজ পঢ়িবলৈ আৰম্ভ কৰিছিল। তেওঁ ভয় খাইছিল পিতৃয়ে নাতি-নাতিনীক সম্পত্তিৰ পৰা বেদখল কৰিব বুলি। যাক লৈ সম্পত্তিৰ বাবে তেওঁলোকৰ মাজত প্ৰায়ে কাজিয়া হৈছিল।

কেনেকৈ কৰিলে হত্যা

এই বিবাদৰ পৰিণতিতে ৮ ডিচেম্বৰত অম্বেশে এক ভয়ংকৰ কাণ্ড সংঘটিত কৰে। তেওঁ প্ৰথমে পিতৃ-মাতৃক ৰডেৰে মৰিয়াই হত্যা কৰে আৰু মৃতদেহ কেইটা টুকুৰা টুকুৰ কৰে। পাছত বস্তাত ভৰাই গাড়ীত নি গোমটী নদীত পেলাই দিয়ে। হত্যাৰ সকলো প্ৰমাণ নষ্ট কৰাৰ চেষ্টা কৰিছিল অম্বেশে। কিন্তু তাৰ পাছতো ঘৰত ৰৈ গৈছিল মাতৃৰ কটা ভৰি। যাৰ পাছত তেওঁ ভৰিখন নি অন্য এটা নদীত পেলাই দিয়ে।

ইতিমধ্যে অম্বেশে স্বীকাৰ কৰিছে হত্যাকাণ্ডৰ কথা। আৰক্ষীয়ে উদ্ধাৰ কৰিছে হত্যাত ব্যৱহাৰ কৰা সকলো সামগ্ৰী। জানিব পৰা মতে, পিতৃ-মাতৃক হত্যা কৰাৰ পাছত অম্বেশে গংগাত গা ধুৱে আৰু পাছত কলকতালৈ পলাই যায়। কিন্তু এতিয়া আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

 

অন্য খবৰ পঢ়কঃ প্ৰেম বিবাহিতা মহিলাৰে, বিয়া যুৱতীৰে! প্ৰথমে কাপোৰ খুলিলে আৰু পাছত বিলালৰ ভয়ংকৰ কাণ্ড…