মালবাহী ৰে’লত ভয়ংকৰ অগ্নিকাণ্ড ! শুনা গৈছিল বিস্ফোৰণৰ শব্দ…
এখন ৰে'লত সংঘটিত হৈছে অগ্নিকাণ্ড। কেইবাফুট ওপৰলৈ উঠিছে জুইৰ শিখা। অগ্নিকাণ্ডৰ বাবে সমগ্ৰ অঞ্চলটোত আতংক বিয়পি পৰিছে। একেৰাহে তিনিটা বিস্ফোৰণৰ খবৰ পোৱা গৈছে।

আজি পুৱাই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এখন ৰে’লত সংঘটিত হৈছে অগ্নিকাণ্ড। কেইবাফুট ওপৰলৈ উঠিছে জুইৰ শিখা। অগ্নিকাণ্ডৰ বাবে সমগ্ৰ অঞ্চলটোত আতংক বিয়পি পৰিছে। জানিব পৰা মতে, আজি পুৱা তামিলনাডুৰ তিৰুভাল্লুৰ ৰে’ল ষ্টেচনৰ সমীপত এখন ৰে’লত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। ৰে’লখনে খাৰুৱা তেল কঢ়িয়াই লৈ আহিছিল। যাৰ বাবে ভয়ংকৰ ৰূপ লৈছে ৰে’লখনত সংঘটিত অগ্নিকাণ্ডই।
দক্ষিণ ৰে’লৱেৰ সূত্ৰ অনুসৰি, ডিপোৰ পৰা তেল লৈ গন্তব্যস্থানলৈ গৈ আছিল ট্ৰেইনখন। তিৰুভাল্লুৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। ৰে’লখনৰ দুটাৰ পৰা তিনিটা ডবা ৰে’লপথৰ পৰা সম্পূৰ্ণৰূপে বাগৰি পৰে। ইয়াৰ পিছতে অগ্নিকাণ্ড সংঘটিত হয়। লগে লগে বিস্ফোৰণো ঘটে আৰু অগ্নিকাণ্ড সংঘটিত হয়।
#WATCH: তামিলনাড়ুতে অপরিশোধিত তেলবাহক মালগাড়িতে ভয়াবহ আগুন!
সব খবর: https://t.co/Z9cGg0kjDs#Tamilnadu | #FireNews | #BREAKING pic.twitter.com/Z8LveOIZkU
— TV9 Bangla (@Tv9_Bangla) July 13, 2025
একেৰাহে তিনিটা বিস্ফোৰণৰ শব্দ শুনাৰ খবৰ পোৱা গৈছে। জুইৰ শিখাই কেইবাফুট ওপৰলৈ উঠি যায় । ইতিমধ্যে অগ্নিকাণ্ড সংঘটিত হোৱা ৪টা ডবা বা টেংকাৰ পৃথক কৰা হৈছে। অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰচেষ্টা অব্যাহত আছে।
#WATCH | Tamil Nadu: Freight train catches fire near Tiruvallur. Efforts to douse the fire underway. https://t.co/urSEbK1eHf pic.twitter.com/3fv3JnMWLg
— ANI (@ANI) July 13, 2025
অগ্নিকাণ্ডৰ বাবে ৰে’লৱে বন্ধ কৰি দিছে ওভাৰহেড পাৱাৰ সংযোগ। ইতিমধ্যে চেন্নাইৰ পৰা মহীশূৰ, বেংগালুৰু, কইম্বাটুৰলৈ যোৱা কেইবাখনো ৰে’ল বাতিল কৰা হৈছে।