শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

লৰ্ডছৰ বেলকনিৰ ঐতিহাসিক উদযাপনৰ ২৩ বছৰঃ জানেনে গাংগুলীৰ এই বিশেষ উদযাপনৰ আঁৰৰ কাৰণ?

আজিৰ দিনটোত ভাৰতীয় ক্ৰিকেটপ্ৰেমীয়ে ৰোমন্থন কৰিছে লৰ্ডছৰ সৈতে জড়িত এক ২৩ বছৰ পুৰণি বিশেষ স্মৃতিৰ। সেয়া আছিল ২০০২ চনৰ ১৩ জুলাইৰ কথা। এই দিনটোতে ক্ৰিকেটৰ মক্কা খ্যাত লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডৰ বেলকনিত সমগ্ৰ ক্ৰিকেট বিশ্বই প্ৰত্যক্ষ কৰিছিল এক ঐতিহাসিক দৃশ্য।

লৰ্ডছৰ বেলকনিৰ ঐতিহাসিক উদযাপনৰ ২৩ বছৰঃ জানেনে গাংগুলীৰ এই বিশেষ উদযাপনৰ আঁৰৰ কাৰণ?
নেটৱেষ্ট শৃংখলাৰ সেই ঐতিহাসিক ক্ষণ Image Credit source: Phil Walter/EMPICS via Getty Images
monjit-dutta
Monjit Dutta | Published: 13 Jul 2025 20:30 PM

ভাৰত আৰু ইংলেণ্ডৰ মাজত লৰ্ডছত চলি আছে দ্বিপাক্ষিক শৃংখলাৰ তৃতীয়খন টেষ্ট স্বাভাৱিকতেই এই মেচখনত দৃষ্টি নিৱদ্ধ সকলো ক্ৰিকেটপ্ৰেমীৰ পিছে আজিৰ দিনটোত ভাৰতীয় ক্ৰিকেটপ্ৰেমীয়ে ৰোমন্থন কৰিছে লৰ্ডছৰ সৈতে জড়িত এক ২৩ বছৰ পুৰণি বিশেষ স্মৃতিৰ সেয়া আছিল ২০০২ চনৰ ১৩ জুলাইৰ কথা এই দিনটোতে ক্ৰিকেটৰ মক্কা খ্যাত লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডৰ বেলকনিত সমগ্ৰ ক্ৰিকেট বিশ্বই প্ৰত্যক্ষ কৰিছিল এক ঐতিহাসিক দৃশ্য এই দৃশ্যই সেই সময়ত সূচনা কৰিছিল বহু বিতৰ্কৰ অৱশ্যে ভাৰতীয় ক্ৰিকেটৰ বাবে এয়া হৈ পৰিছিল এক গৌৰৱান্বিত তথা চিৰ স্মৰণীয় ক্ষণ

২০০২ চনত নেটৱেষ্ট ট্ৰফীৰ বাবে ইংলেণ্ড ভ্ৰমণ কৰিছিল সৌৰভ গাংগুলী নেতৃত্বাধীন ভাৰতীয় দলে ভাৰত, ইংলেণ্ডৰ লগতে এই ত্ৰিদেশীয় শৃংখলাত অংশ লৈছিল শ্ৰীলংকাই লৰ্ডছত অনুষ্ঠিত হোৱা ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে ভাৰত আৰু ইংলেণ্ডে আৰু এই ফাইনেল মেচখনতে লৰ্ডছৰ বেলকনিত থিয় হৈ ভাৰতীয় দলৰ অধিনায়ক সৌৰভ গাংগুলীয়ে এক বিশেষ উদযাপন শৈলীৰে এই ১৩ জুলাই দিনটোক ভাৰতীয় ক্ৰিকেটৰ বাবে ঐতিহাসিক কৰি তোলে

ফাইনেল মেচখনত ঘৰুৱা দল ইংলেণ্ডে প্ৰথমে বেটিং কৰি ভাৰতৰ সমুখত ৩২৬ ৰানৰ বৃহৎ লক্ষ্য থিয় কৰাইছিল এই লক্ষ্য অনুসৰণ কৰি ভাৰতেও শক্তিশালী আৰম্ভণি ঘটায় দুই অপেনাৰ গাংগুলী আৰু সেহৱাগে ১০২ ৰানৰ যুটি বান্ধি দলক এক শক্তিশালী স্থিতি প্ৰদান কৰে কিন্তু ইয়াৰ পিছতে ভাৰতীয় ইনিংছত আকস্মিক ছন্দপতন ঘটে আৰু দলৰ স্ক হয়গৈ ১৪৬/৫ এনে পৰিস্থিতিত সংকটত পৰে ভাৰত

কিন্তু সপ্তম উইকেটৰ যুটিত যুৱৰাজ সিং আৰু মহম্মদ কাইফৰ চমকপ্ৰদ বেটিঙে ভাৰতৰ স্থিতি মেচখনত পুনৰ শক্তিশালী কৰি তোলে এককথাত তেওঁলোকৰ এই অসামান্য মেচখনত ভাৰতৰ জয়ৰ ভেটি নিৰ্মাণ কৰে দুয়ো সপ্তম উইকেটত ১২১ ৰানৰ মেচ বিজয়ী যুটি বান্ধে যুৱৰাজে ৬৯ ৰান সংগ্ৰহ কৰি বিদায় লেও কাইফে ৮৭ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে।

আনহাতে শেষলৈ হৰভজন সিঙে মাত্ৰ ৮টা বলত ১৫ ৰান সংগ্ৰহ কৰে মেচৰ অন্তিম অভাৰৰ তৃতীয় বলত জাহিৰ খানৰ বেটৰ পৰা বিজয়ী ৰান অহাৰ লগে লগে উৎফুল্লিত হৈ উঠে খেলুৱৈৰ লগতে প্ৰতিগৰাকী ভাৰতীয় অনুৰাগী সেই বিজয়ক্ষণতে লৰ্ডছৰ বেলকনিত দেখিবলৈ পোৱা যায় ভাৰতীয় ক্ৰিকেট ইতিহাসৰ সেই বিশেষ গৌৰৱান্বিত দৃশ্যটি।

ভাৰতীয় দলৰ বিজয়ৰ লগে লগে বেলকনিত থকা ভাৰতীয় অধিনায়ক গাংগুলীয়ে পৰিধান কৰি থকা ভাৰতীয় দলৰ জাৰ্চি খুলি হাতত লয় আৰু হাতেৰে জাৰ্চিটো জোকাৰি জোকাৰি সেই বিজয় উদযাপন কৰে গাংগুলীৰ এই আগ্ৰাসী বিজয় উদযাপন আছিল অৱজ্ঞা, সমালোচনা আৰু অপমানৰ প্ৰতি এক তীক্ষ্ণ সঁহাৰি। সমান্তৰালকৈ ভাৰতীয় ক্ৰিকেটৰ সফলতাৰ পথত এক চিৰস্মৰণীয় মাইলষ্ট

উল্লেখ্য যে ভাৰতীয় ক্ৰিকেট ইতিহাসৰ অন্যতম এগৰাকী শ্ৰেষ্ঠ অধিনায়ক হিচাপে পৰিগণিত হৈ ৰোৱা গাংগুলীৰ লৰ্ডছৰ এই বিজয় উদযাপন আছিল এক পুৰণি কাৰ্যৰ প্ৰত্যুত্তৰ এই শৃংখলাৰ পূৰ্বে ইংলেণ্ডৰ ভাৰত ভ্ৰমণৰ সময়ত ইংলেণ্ডৰ তাৰকা এণ্ড্ৰিউ ফ্লিণ্টফে ৱাংখেড়ে ষ্টেডিয়ামত খেলপথাৰৰ ভিতৰতে জাৰ্চি খুলি বিজয় উদযাপন কৰিছিল ফ্লিণ্টফৰ এই কাৰ্যত ক্ষুণ্ণ হৈছিল প্ৰবল আত্মবিশ্বাসী দাদা খ্যাত গাংগুলী

ৱাংখেড়েৰ বুকুত ফ্লিণ্টফৰ এই উদযাপন পাহৰিব পৰা নাছিল গাংগুলীয়ে আৰু নেটৱেষ্ট শৃংখলা জয় কৰাৰ লগে লগে ফ্লিণ্টফৰ এই অপমানৰ প্ৰত্যুত্তৰ দি জাৰ্চি খুলি এইদৰে বিজয় উদযাপন কৰিছিল ভাৰতীয় ক্ৰিকেটৰদাদা আৰু আজি এই বিশেষ ঘটনাই ২৩টা বছৰ স্পৰ্শ কৰিলে স্বাভাৱিকতেই অদূৰ ভৱিষ্যতেও গাংগুলীৰ এই উদযাপন সুঁৱৰিব ভাৰতীয় ক্ৰিকেটে