শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰে’লত উঠিল ভ্ৰমণবিলাসী বান্দৰ! খিৰিকীৰ কাষৰ আসনত বহি উঠালে ‘ভ্ৰমণৰ মজা’, নেটিজেনেও পালে আনন্দ

সামাজিক মাধ্যমত এতিয়া ব্যাপক ৰূপে চৰ্চিত হৈছে এটি ভ্ৰমণবিলাসী বান্দৰ। ৰে’লত ইঠি এই বান্দৰটোৱে ভ্ৰমণৰ আনন্দ বাৰুকৈয়ে উপভোগ কৰিছে। সমান্তৰালকৈ নেটিজেনৰ মাজতো দিছে আনন্দৰ খোৰাক।

ৰে’লত উঠিল ভ্ৰমণবিলাসী বান্দৰ! খিৰিকীৰ কাষৰ আসনত বহি উঠালে ‘ভ্ৰমণৰ মজা’, নেটিজেনেও পালে আনন্দ
ভ্ৰমণবিলাসী বান্দৰImage Credit source: TV9 Bharatvarsh
monjit-dutta
Monjit Dutta | Published: 13 Jul 2025 18:31 PM

‘বান্দৰৰ বান্দৰামি’ৰ বহু কাহিনী আমি শৈশৱতে শুনিছো। বা এতিয়াও কোনো কোনো মাধ্যমৰ জৰিয়তে অথবা স্বচক্ষুৱে হ’লেও কেতিয়াবা বান্দৰৰ কোনো আজৱ কাৰ্য দেখিবলৈ পাইছে। বান্দৰক মহাধূৰ্ত জন্তু বুলিয়েই আমি প্ৰায় জানো। পিছে এতিয়া দেখিবলৈ পোৱা গৈছে বান্দৰৰ ভ্ৰমণবিলাসী স্বভাৱো। সামাজিক মাধ্যমত এতিয়া ব্যাপক ৰূপে চৰ্চিত হৈছে এটি ভ্ৰমণবিলাসী বান্দৰ। ৰে’লত ইঠি এই বান্দৰটোৱে ভ্ৰমণৰ আনন্দ বাৰুকৈয়ে উপভোগ কৰিছে। সমান্তৰালকৈ নেটিজেনৰ মাজতো দিছে আনন্দৰ খোৰাক।

সাধাৰণতে অধিকাংশ লোকেই ভ্ৰমণৰ সময়ত খিৰিকীৰ কাষৰ আসন বিচাৰে খিৰিকীৰ কাষৰ আসনত বহি বাহিৰলৈ চাই যাত্ৰাপথৰ সৌন্দৰ্য উপভোগৰ ইচ্ছা বহুলোকৰে থাকে এই আশাকে যেন কঢ়িয়াই ফুৰিছিল এই বান্দৰটোৱে আৰু অৱশেষত এই আশাকে যেন বাস্তৱায়িত কৰিবলৈ ৰেলত উঠল বান্দৰটো আৰু বহি লে খিৰিকীৰ কাষৰে আসনত

ইয়াৰ পিছতে সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হৈ পৰে বান্দৰটোৰ এই কাৰ্যৰ ছবি তথা ভিডিঅ এই ঘটনা ঘটিছে ঝাৰখণ্ডত ৰাজ্যখনৰ চিল্লী ষ্টেচনৰ পৰা খড়গপুৰ-ৰাঁচী লোকেল ৰেলত উঠিল এটা বান্দৰ তাৰ পিছত, ডবাটোৰ আন যাত্ৰীসকলক সংগ দি খিৰিকীৰ কাষৰ আসনত বহি যাত্ৰা আৰম্ভ কৰিলে। ডবাটোৰ কোনো যাত্ৰীৰ ক্ষতি নকৰাকৈয়ে একে স্থানতে বহি ৰাঁচী ষ্টেচন পালেগৈ।

যাত্ৰা সম্পূৰ্ণ কৰাৰ পিছত ৰেলৰ পৰা নামি আন যাত্ৰীৰ দৰেই আঁতৰি বান্দৰটো। অৱশ্যে চিল্লী আৰু ৰাঁচীৰ মাজত যাত্ৰা কৰা যাত্ৰীসকলৰ মতে এই বান্দৰটোৱে প্ৰায়ে এইদৰে লোকেল ৰে’লত যাত্ৰা কৰে এই লোকসকলৰ মতে, ভ্ৰমণবিলাসী এই বান্দৰটোৱে চিল্লীৰ আশে-পাশে থকা কোনো হাবিত বাস কৰে আৰু খাদ্যৰ সন্ধানত ৰেলত উঠি ৰাঁচীলৈ যাত্ৰা কৰে।

কোনো যাত্ৰীক অশান্তি নিদিয়াকৈ অতি শান্তিপূৰ্ণভাৱে ৰেলৰ খিৰিকীৰ কাষৰ আসনত মনে মনে বহি থাকে বান্দৰটো। ৰাঁচীৰ চাৰিওফালে ঘূৰি ফুৰি নিজৰ প্ৰিয় বস্তু খোৱাৰ পিছত বান্দৰটোৱে পুনৰ লোকেল ৰেলত উঠি চিল্লী ষ্টেচনলৈ উভতি যায় বুলিও স্থানীয় লোকসকলে কয়। বহু যাত্ৰীয়ে বান্দৰটোৰ এনে কাৰ্যকলাপ দেখিছে আৰু সেয়ে এতিয়া তেওঁলোকৰ বাবে ই এক অতি স্বাভাৱিক কথা হৈ পৰিছে।

এতিয়া যাত্ৰীসকলে ৰেলৰ আসনত সহযাত্ৰী হিচাপে এই বান্দৰটোৰ সৈতে যাত্ৰা কৰিবলৈ কুণ্ঠাবোধ নকৰে। যাত্ৰাৰ সময়ত বহু লোকে লগত লৈ অহা খাদ্যও বান্দৰটোক খাবলৈ দিয়ে চিল্লী আৰু ৰাঁচীৰ মাজত লোকেল ৰে’লত যাত্ৰা কৰা বান্দৰটোৰ ফটো সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে এই ভ্ৰমণবিলাসী বান্দৰটোৰ বিষয়ে এতিয়া নেটিজেনে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

কিছুলোকে কৈছে যে বান্দৰটো সঁচাকৈয়ে মানুহৰ দৰেই বুদ্ধিমান, সেইবাবেই চিল্লী ষ্টেচনৰ পৰা ৰেলত উঠে আৰু পোনে পোনে ৰাঁচী ষ্টেচনত নামি যায়। একাংশ লোকে আকৌ ধেমালিতে কৈছে যে জীৱ-জন্তুও এতিয়া আধুনিক যাতায়তৰ লগত খোজ মিলাইছে, কাৰণ তেওঁলোকেও উপলব্ধি কৰিছে যে আধুনিক যাতায়ত ব্যৱহাৰ কৰি অতি সহজে এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে।