TV9 ASSAM
ফুড পইজনিং এক সাধাৰণ স্বাস্থ্যজনিত সমস্যা। ই দূষিত বা বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত খাদ্য খোৱাৰ ফলত হয়। ই খাদ্যৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰে আৰু ই আমাৰ পাচনতন্ত্ৰত প্ৰভাৱিত কৰে।
বিশেষকৈ গৰমৰ দিনত ফুড পইজনিং হয়। খাদ্য ভালদৰে নিসিজালে, বেয়া হাতেৰে খাদ্য খালে, খাদ্য ঢাকি নাৰাখিলে বা বিভিন্ন কাৰণত ফুড পইজনিং হব পাৰে। ষ্ট্ৰীট ফুড, বাহি খাদ্য,ম্যাদ যোৱা খাদ্যৰ ফলত হয়।
ফুড পইজনিং হোৱাৰ ফলত শৰীৰত বিভিন্ন লক্ষণে দেখা দিয়ে। ইয়াক আওকান কৰা উচিত নহয়। কাৰণ ই গুৰুতৰ ৰূপ ধাৰণ কৰিব পাৰে।
ডাঃ সুভাষ গিৰিয়ে কয় যে, ফুড পইজনিঙৰ প্ৰথম অৱস্থাত বমি হয়। ই শৰীৰৰ বেয়া পদাৰ্থসমূহ বাহিৰ কৰাৰ চেষ্টা কৰে। যাৰ বাবে বাৰে বাৰে বমি হ'ব পাৰে। ই আপোনাক দুৰ্বল কৰি তুলিব পাৰে।
খাদ্যত বিষক্ৰিয়া হোৱাৰ ফলত পাচনতন্ত্ৰ প্ৰভাৱিত হয়। যাৰ ফলত ডায়েৰিয়া হব পাৰে। ইয়াৰ ফলত আপুনি দুৰ্বল হৈ পৰাৰ লগতে শৰীৰত পানীৰ অভাৱ হ'ব পাৰে।
খাদ্যত বিষক্ৰিয়া হোৱাৰ ফলত পেটত বিষ হ'ব পাৰে। ই কেতিয়াবা কম আৰু কেতিয়াবা বেছি হব পাৰে। খাদ্য গ্ৰহণ কৰাৰ কিছু সময় পাছতেই এই বিষ হ'ব পাৰে।
সদায় ভালদৰে সিজাই খাদ্য় গ্ৰহণ কৰক। শাক-পাচলি বা খাদ্য সামগ্ৰীসমূহ ভালদৰে ধোৱা দৰকাৰ। বাচন-বৰ্তন আদি চাফ কৰি ৰখা দৰকাৰ। লগতে খাদ্য খোৱাৰ পূৰ্বে হাত ধুব লাগে। সমস্যা অধিক হ'লে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে।
পঢ়িবলৈ ক্লিক কৰক