শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

হঠাতে কি হ’ল! ভাৰত-বাংলাদেশ সীমান্তত চলিল গুলী, পৰিস্থিতিয়ে ল’লে এনে ৰূপ

ভাৰত-বাংলাদেশ সীমান্তত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। গুলীচালনাত আনকি এজনৰ মৃত্যুৰ তথ্যও পোহৰলৈ আহিছে। আনহাতে এই ঘটনাত চোকা অস্ত্ৰৰ আক্ৰমণত বি এছ এফৰ এগৰাকী জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে।

হঠাতে কি হ’ল! ভাৰত-বাংলাদেশ সীমান্তত চলিল গুলী, পৰিস্থিতিয়ে ল’লে এনে ৰূপ
ভাৰত-বাংলাদেশ সীমান্তত গুলীচালনাImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 13 Jul 2025 15:54 PM

চুবুৰীয়া দেশ পাকিস্তানৰ সৈতে বিগত কিছুদিন পূৰ্বে ভাৰতৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছিল দুয়োখন দেশৰ মাজত দেখা দিয়া যুদ্ধময় পৰিস্থিতিৰ সময়ত আন এখন চুবুৰীয়া দেশ বাংলাদেশৰ স্থিতিক লৈয়ো সন্দেহৰ অৱতাৰণা হৈছিল অৱশ্যে ভাৰতপাকিস্তানৰ মাজত পূৰ্ণ যুদ্ধৰ ৰূপ লোৱাৰ পূৰ্বেই যুদ্ধবিৰতি ঘোষণা হয় তথাপি অৱশ্যে সীমান্তত অত্যন্ত সজাগ হৈ আছে নিৰাপত্তা বাহিনী তাৰ মাজতে এতিয়া ভাৰতবাংলাদেশ সীমান্তত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে গুলীচালনাত আনকি এজনৰ মৃত্যুৰ তথ্যও পোহৰলৈ আহিছে

পিছে ভাৰতবাংলাদেশ সেনাৰ মাজত হোৱা নাই এই গুলীবৰ্ষণ বাংলাদেশী অনুপ্ৰৱেশকাৰী আৰু সৰবৰাহকাৰীৰ আক্ৰমণৰ চেষ্টা প্ৰতিহত কৰিবলৈ বি এছ এফৰ সেনাই চলালে গুলী এই গুলীচালনাত এগৰাকী বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ মৃত্যু হয় ইফালে এই ঘটনাত এগৰাকী বি এছ এফৰ জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে

প্ৰকাশিত খবৰ অনুসৰি উত্তৰ দিনাজপুৰ জিলাৰ কিষানগঞ্জ ছেক্টৰৰ পাৰিয়াল সীমান্ত আউটপোষ্ট এলেকাত সংঘটিত হয় এই ঘটনা। সীমান্তত বাংলাদেশী অনুপ্ৰৱেশকাৰীক বাধা দিবলৈ চেষ্টা কৰিছিল বিএছএফৰ জোৱানে কিন্তু বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে বিএছএফৰ জোৱানৰ হাতৰ পৰা অটোমেটিক ৰাইফল কাঢ়ি নিবলৈ চেষ্টা কৰে এনে পৰিস্থিতিত অৱশেষত গুলীচালনা কৰিবলৈ বাধ্য হ’ল বি এছ এফৰ জোৱান।

বি এছ এফৰ সূত্ৰ অনুসৰি সীমান্তত ৮৭ নং বেটেলিয়নৰ জোৱানক লাঠি আৰু চোকা অস্ত্ৰৰে আক্ৰমণ কৰা হয়। ইয়াৰ পিছত অনুপ্ৰৱেশকাৰীয়ে ৰাইফল কাঢ়ি নিবলৈ চেষ্টা কৰে বি এছ এফৰ জোৱানে প্ৰথমে শূন্যলৈ গুলী চলাইছিল। কিন্তু ইয়াৰ পিছত অনুপ্ৰৱেশকাৰীসকল অধিক আক্ৰমণাত্মক হৈ পৰে আনকি অনুপ্ৰৱেশকাৰীয়ে চোকা অস্ত্ৰৰে আঘাত কৰি জোৱানৰ পৰা চাৰ্ভিচ ৰাইফল কাঢ়ি নিবলৈও চেষ্টা কৰে। অস্ত্ৰৰ আঘাতত জোৱানজন গুৰুতৰভাৱে আহত হয়।

ইয়াৰ পিছত জোৱানজনে দুস্কৃতিকাৰীৰ ওপৰত কেইবাবাৰো গুলীচালনা কৰে। গুলীৰ আঘাতত থিতাতে মৃত্যু হয় এজন বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ। এনে পৰিস্থিতিত দলটোৰ বাকী লোকসকলে বাংলাদেশ অভিমুখে পলায়ন কৰে। আনহাতে অস্ত্ৰৰ আঘাতত দেশৰ কেইবাস্থানতো আঘাত পোৱা জোৱানজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয় সম্প্ৰতি অৱশ্যে জোৱানজন সুস্থ বুলি জানিব পৰা গৈছে