শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

উজ্জ্বল নিকম হ’ব ৰাজ্যসভাৰ সাংসদ, হৰ্ষবৰ্ধন শৃংগলাকে ধৰি এই ৪জন ব্যক্তিক ৰাষ্ট্ৰপতিয়ে কৰিছে মনোনীত

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে পূৰ্ব বিদেশ সচিব হৰ্ষবৰ্ধন শৃংগলা, বিখ্যাত উকিল দেৱৰাও নিকম, বিশিষ্ট ইতিহাসবিদ মীনাক্ষী জৈন আৰু কেৰেলাৰ জ্যেষ্ঠ সমাজকৰ্মী তথা শিক্ষাবিদ চি, সদানন্দ মাষ্টৰক ৰাজ্যসভালৈ মনোনীত কৰিছে।

উজ্জ্বল নিকম হ’ব ৰাজ্যসভাৰ সাংসদ, হৰ্ষবৰ্ধন শৃংগলাকে ধৰি এই ৪জন ব্যক্তিক ৰাষ্ট্ৰপতিয়ে কৰিছে মনোনীত
উজ্জ্বল নিকম হ'ব ৰাজ্যসভাৰ সাংসদ
barasha-misra
Barasha Misra | Updated On: 13 Jul 2025 10:38 AM

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে সংসদৰ উচ্চ সদন ৰাজ্যসভালৈ মনোনীত কৰিছে বিশিষ্ট অধিবক্তা উজ্জ্বল দেৱৰাও নিকমক। শনিবাৰে এই অধিসূচনা জাৰি কৰিছে গৃহ মন্ত্ৰালয়ে। পূৰ্ব বিদেশ সচিব হৰ্ষবৰ্ধন শৃংগলা, বিখ্যাত উকিল দেৱৰাও নিকম, বিশিষ্ট ইতিহাসবিদ মীনাক্ষী জৈন আৰু কেৰেলাৰ জ্যেষ্ঠ সমাজকৰ্মী তথা শিক্ষাবিদ চি, সদানন্দ মাষ্টৰকো ৰাজ্যসভালৈ মনোনীত কৰিছে।

সংসদৰ উচ্চ সদনলৈ যোৱা হৰ্ষবৰ্ধন এজন জ্যেষ্ঠ ৰাজনৈতিকবীদৰ লগতে ১৯৮৪ চনৰ ভাৰতীয় বৈদেশিক সেৱাৰ (আই এফ এছ) বিষয়া আছিল। ৩৫ বছৰীয়া দীঘলীয়া কেৰিয়াৰত হৰ্ষবৰ্ধনে ৰাজধানী নতুন দিল্লীৰ লগতে বিদেশতো বহু গুৰুত্বপূৰ্ণ পদত কাম কৰি আহিছে।

তেওঁ আমেৰিকাত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে আছিল (২০১৯)। ইয়াৰ পূৰ্বে তেওঁ বাংলাদেশত ভাৰতৰ উচ্চায়ুক্ত আৰু থাইলেণ্ডত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপেও কাৰ্যনিৰ্বাহ কৰিছে। ইয়াৰ উপৰিও তেওঁ ফ্ৰান্স (ইউনেস্কো)তো কাম কৰি আহিছে। আমেৰিকা (ৰাষ্ট্ৰসংঘ, নিউয়ৰ্ক); ভিয়েটনাম (হোনয় আৰু হো চি মিন চহৰ); ইজৰাইল আৰু দক্ষিণ আফ্ৰিকা (ডাৰবান) ত কাম কৰিছে। হৰ্ষবৰ্ধনে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত যুটীয়া সচিব (মহা সঞ্চালক) হিচাপে কাম কৰিছিল, য’ত তেওঁৰ দায়িত্ব আছিল বাংলাদেশ, শ্ৰীলংকা, ম্যানমাৰ আৰু মালদ্বীপৰ। পিছত ২০২০ চনৰ ২৯ জানুৱাৰীত তেওঁক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৩৩ সংখ্যক বৈদেশিক সচিব হিচাপে নিযুক্তি দিয়া হয়।

দিল্লী বিশ্ববিদ্যালয়ৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা বি এ ডিগ্ৰীধাৰী হৰ্ষ বৰ্ধন শ্ৰিংলাই ভাৰতীয় বৈদেশিক সেৱাত যোগদান কৰাৰ পূৰ্বে ভাৰতৰ কৰ্পৰেট আৰু ৰাজহুৱা খণ্ডত কাম কৰিছিল।