আলফা(স্বা)ৰ শিবিৰত কৰা আক্ৰমণৰ পৰা পাকিস্তানৰ ৰাজনৈতিক অস্থিৰতালৈ, দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ…
ম্যানমাৰস্থিত আলফ(স্বা)ৰ শিবিৰত আক্ৰমণৰ পৰা গাজাত ইজৰাইলৰ আক্ৰমণলৈ, আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হয়। ইয়াৰে কেইটামান উল্লেখ কৰা হ'ল।

নয়ন অসম আৰু গণেশ অসম
- ম্যানমাৰস্থিত আলফা (স্বা)ৰ শিবিৰত ভয়ংকৰ ড্ৰ’ণ আৰু মিছাইল আক্ৰমণ। ১৩ জুলাইত এক প্ৰেছ বিবৃতিযোগে আলফা (স্বা)য়ে দাবী কৰা অনুসৰি নিশাৰ ভাগত ১০০ ৰো অধিক ড্ৰ’ণেৰে ভাৰতীয় সেনাই আক্ৰমণ কৰিছে। য’ত লেফটেনেন্ট জেনেৰেল নয়ন অসমৰ মৃত্যু হয়। ইয়াৰ পাছতেই কৰা আন এক মিছাইল আক্ৰমণত নিহত হয় ব্ৰিগেদিয়াৰ গণেশ অসম আৰু কৰ্ণেল প্ৰদীপ অসম ।
- আলফ(স্বা)ৰ শিবিৰত কৰা আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, “অসম আৰক্ষী এই ক্ষেত্ৰত জড়িত নহয়। অসমৰ মাটিৰ পৰা কোনো আক্ৰমণ সংঘটিত হোৱা নাই। বিষয়টোত অধিক তথ্যৰ প্ৰয়োজন আছে। বিয়লিলৈ বিষয়টো ক্লিয়াৰ হ’ব”।
- শিবিৰত কৰা আক্ৰমণ সন্দৰ্ভত প্ৰতিশোধ লোৱাৰ হুংকাৰ আলফা (স্বা)ৰ। প্ৰেছ বিবৃতিযোগে আলফা (স্বা)য়ে কয় যে, নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়াৰ মাজতে পুনৰ মিছাইল আক্ৰমণ হয়। যত দুজন আলফা সদস্য নিহত আৰু কেইবাজনো আহত হয়। গতিকে ইয়াৰ প্ৰতিশোধ লোৱা হ’ব।
- দীৰ্ঘদিন ধৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থকা অৰ্চিতা ফুকনৰ সকলো ফটো, ভিডিঅ’ মিছা। AI ৰ জৰিয়তে মৰ্ফ কৰি সামাজিক মাধ্যমত ভাইৰেল হৈছিল এই ফটো। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনিচুকীয়াৰ প্ৰতিম বৰাক। লগতে এতিয়াৰ পৰা অৰ্চিতা ফুকনৰ ফটো ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে।
- ৰাজ্যসভালৈ মনোনীত বিশিষ্ট অধিবক্তা উজ্জ্বল দেৱৰাও নিকমকে ধৰি ৪জন। শনিবাৰে এক অধিসূচনা জাৰি কৰে গৃহ মন্ত্ৰালয়ে। যত কয় যে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুয়ে বিশিষ্ট অধিবক্তা উজ্জ্বল দেৱৰাও নিকম,প্ৰাক্তন বিদেশ সচিব হৰ্ষবৰ্ধন শৃংগলা,বিশিষ্ট ইতিহাসবিদ মীনাক্ষী জৈন আৰু কেৰেলাৰ জ্যেষ্ঠ সমাজকৰ্মী তথা শিক্ষাবিদ চি.সদানন্দ মাষ্টৰক ৰাজ্যসভালৈ মনোনীত কৰিছে।
- অমৰনাথলৈ গৈ থকা সময়ত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত ১০গৰাকীকৈ যাত্ৰা। জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে অমৰনাথলৈ গৈ আছিল তীৰ্থযাত্ৰীৰ দলটো। তেনে সময়তে কুলগামৰ খুদৱানী অঞ্চলত কেইবাখনো বাছৰ সংঘৰ্ষ হয়। যাৰ ফলত ১০গৰাকীকৈ ভক্ত আহত হয়। অৱশ্যে সুস্থ আছে সকলো যাত্ৰী।
- জনপ্ৰিয় অভিনেতা কোটা শ্ৰীনিবাসৰ মৃত্যু। দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবে ১৩ জুলাইত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। তেলেগু চিনেমাৰ সুপৰিচিত অভিনেতা শ্ৰীনিবাসে ৭০০ খনতকৈও অধিক ছবিত কাম কৰিছে। তেওঁৰ মৃত্যুত ছবিজগতত শোকৰ ছা পৰিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ।
- পাকিস্তানত ৰাজনৈতিক অস্থিৰতা। ক্ষমতা সলনিৰ সম্ভাৱনাৰ মাজতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে কয় যে, ভাৰতৰ সৈতে হোৱা সংঘৰ্ষত পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ কোনো সম্ভাৱনা নাছিল। তেওঁ কয়, দেশৰ পাৰমাণৱিক কাৰ্যসূচী “শান্তিপূৰ্ণ কাৰ্যকলাপ আৰু আত্মৰক্ষা”ৰ বাবে। পাকিস্তানৰ ৰাজধানী ইছলামাবাদত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লৈ এই মত প্ৰকাশ কৰে তেওঁ।
- গাজাত পুনৰ বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। পেলেষ্টাইনী চিকিৎসালয়ৰ বিষয়া আৰু প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, শনিবাৰে গাজা ষ্ট্ৰিপৰ এটা সাহায্য কেন্দ্ৰলৈ যোৱাৰ সময়ত কমেও ৩১জন পেলেষ্টাইনীক গুলীয়াই হত্যা কৰা হয়। ইয়াৰ বিপৰীতে ইজৰাইলৰ বিমান আক্ৰমণত চাৰিটা শিশুকে ধৰি কমেও ২৮জন পেলেষ্টাইনী নিহত হয়।
অন্য খবৰ পঢ়কঃ আলফা(স্বা)ৰ শিবিৰত কৰা আক্ৰমণত জড়িত আছে নেকি অসম আৰক্ষী? স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী শৰ্মাই…