শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
গাখীৰেৰে গা ধুই মানিক মুক্ত হ'ল দুঃশ্চিন্তাৰ পৰা

গাখীৰেৰে গা ধুই মানিক মুক্ত হ’ল দুঃশ্চিন্তাৰ পৰা

Raj Saikia
Raj Saikia | Published: 12 Jul 2025 20:04 PM

মানিকৰ পত্নীৰ আছিল পৰকীয়া প্ৰেম। দুবাৰকৈ প্ৰেমিকৰ সৈতে পলাই গৈছিল মানিকৰ পত্নী। বাৰে বাৰে পলায় যায় আৰু মানিকে ওভতাই আনে। একমাত্ৰ কন্যাৰ মুখলৈ চাই বাৰে বাৰে মানিকে পত্নীক গ্ৰহণ কৰিছিল।

গাখীৰেৰে গা ধুই আনন্দ প্ৰকাশ এজন যুৱকৰ। এই যুৱকজনৰ নাম মানিক আলী, ঘৰ মুকালমুৱাত। মানিকৰ মন আজি মুক্ত, আনন্দিত। কাৰণ এটা গধুৰ চিন্তা দূৰ হ’ল মানিকৰ। পত্নীৰ সৈতে আইনীভাৱে বিবাহ বিচ্ছেদ কৰি হেনো চিন্তা মুক্ত হৈছে মানিক। শুনি আচহুৱা যেন লাগিছে নিশ্চয়, আচহুৱা যেন লগাৰে কথা। পৰম হেঁপাহেৰে কাৰোবাক বিয়া কৰোৱাৰ পাছত বিচ্ছেদে কেনেকৈ আনন্দ দিব পাৰে মনত? স্বাভাৱিকতেই বহুতৰ মনত উদয় হ’ব এই প্ৰশ্ন। পিচে মানিক আনন্দিত, উৎফুল্লিত, মুক্ত। তাৰো আছে বিশেষ কাৰণ।

মানিকৰ পত্নীৰ আছিল পৰকীয়া প্ৰেম। দুবাৰকৈ প্ৰেমিকৰ সৈতে পলাই গৈছিল মানিকৰ পত্নী। বাৰে বাৰে পলায় যায় আৰু মানিকে ওভতাই আনে। একমাত্ৰ কন্যাৰ মুখলৈ চাই বাৰে বাৰে মানিকে পত্নীক গ্ৰহণ কৰিছিল। কিন্তু সম্পৰ্ক এটা জানো তেনেদৰে জোৰকৈ বান্ধি ৰাখিব পাৰি। এক দুঃচিন্তা লৈ দিন অতিবাহিত কৰিবলগীয়া হৈছিল মানিকে। কিন্তু এইবাৰ যেন মানিকে বাধা দি ৰাখিব নোৱাৰিলে পত্নীক। সেয়ে আইনীভাৱে পত্নীৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰিলে মানিকে।

পত্নীৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰি মানিকে এতিয়া মুক্ত অনুভৱ কৰিছে নিজকে। সেয়ে চাৰিটা বাল্টিত প্ৰায় ৪০ লিটাৰ গাখীৰ লৈ স্নান কৰিছে তেওঁ।