পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ…
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই বহু ৰাষ্ট্ৰই নিজৰ আচল ৰূপ দেখুৱাইছে। এইবাৰ ভাৰতৰ আন এখন বন্ধু ৰাষ্ট্ৰই পাকিস্তানৰ সৈতে এখন ঐতিহাসিক চুক্তিত স্বাক্ষৰ কৰে।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই ভাৰতে পাকিস্তানক সমগ্ৰ বিশ্বত সন্ত্ৰাসবাদীৰ মাষ্টাৰমাইণ্ড বুলি চিনাকী কৰাই দিয়াৰ চেষ্টা কৰিছিল। কিন্তু এই চেষ্টা যেন বিফল হোৱাৰ দিশে। পাকিস্তানৰ প্ৰতি আমেৰিকাৰ মোহ জন্মাৰ দৰে এইবাৰ ভাৰতৰ আন এখন বন্ধু ৰাষ্ট্ৰই দেশখনৰ সৈতে ঐতিহাসিক চুক্তি স্বাক্ষৰ কৰিছে। এই চুক্তিৰ বাবে পাকিস্তান চৰকাৰে বহুদিন ধৰি চেষ্টা চলাই আছিল। আচৰিত কথা এয়াই যে, এই চুক্তিখন চুবুৰীয়া ৰাষ্ট্ৰ চীনেও কৰিব বিচাৰিছিল। কিন্তু এই ক্ষেত্ৰত পাকিস্তানে চীনৰ হাত এৰি ভাৰতৰ বন্ধু ৰাষ্ট্ৰৰ হাতত ধৰে। একাংশৰ মতে, এই চুক্তিৰ ফলত পাকিস্তানৰ অৰ্থনৈতিক দিশটোৱে উন্নতি লাভ কৰিব।
ভাৰতৰ অন্যতম প্ৰিয় বন্ধু ৰাছিয়াই পাকিস্তান ষ্টীল মিলছ প্ৰকল্পৰ পুনৰুজ্জীৱিতকৰণ আৰু আধুনিকীকৰণৰ চুক্তিত স্বাক্ষৰ কৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইয়াৰ দ্বাৰা দুয়োখন দেশৰ মাজত সহযোগিতাৰ এক নতুন অধ্যায় আৰম্ভ হ’ব। প্ৰথম অৱস্থাত চুবুৰীয়া ৰাষ্ট্ৰ চীনে পাকিস্তান ষ্টীল মিলছ প্ৰকল্প (PSM)ৰ ক্ষেত্ৰত চুক্তি স্বাক্ষৰ কৰিব বিচাৰিছিল। ইয়াৰ নিৰ্মাণ মূলত ছোভিয়েটৰ সহযোগত হৈছিল। চৰকাৰী সংবাদ সংস্থা এছ’চিয়েটেড প্ৰেছ অৱ পাকিস্তানৰ (এপিপি) এক প্ৰতিবেদন অনুসৰি শুকুৰবাৰে মস্কোত থকা পাকিস্তানৰ দূতাবাসত কৰাচীত পিএছএমক পুনৰুজ্জীৱিত কৰাৰ চুক্তি স্বাক্ষৰিত হয়।
এই প্ৰকল্পৰ লক্ষ্য হৈছে তীখা উৎপাদন পুনৰুদ্ধাৰ আৰু সম্প্ৰসাৰণ, যিয়ে দ্বিপাক্ষিক সহযোগিতাৰ এক নতুন অধ্যায়ৰ সূচনা কৰিব। এই সন্দৰ্ভত জাৰি কৰা এক প্ৰেছ বিবৃতি অনুসৰি, , প্ৰথমে ১৯৭১ চনত পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ সহায়ত পি এছ এম (PSM) নিৰ্মাণ কৰা হৈছিল আৰু ই পাকিস্তান-ৰাছিয়াৰ সম্পৰ্কৰ চিৰস্থায়ী প্ৰতীক হৈ আছে। ২০০৮-০৯ চনত ষ্টীল মিলে ১৬.৯ আৰৱ পাকিস্তানী টকাৰ লোকচান লাভ কৰিছিল, কিন্তু ই ৫ বছৰত ১১৮.৭ আৰৱ পাকিস্তান মুদ্ৰালৈ বৃদ্ধি পাইছিল।
২০০৮ চনৰ পৰা ২০১৮ চনলৈকে ক্ষমতাত থকা পাকিস্তান পিপলছ পাৰ্টি (পিপিপি) আৰু পাকিস্তান মুছলিম লীগ-নৱাজ (পিএমএল-এন) চৰকাৰে এই ঔদ্যোগিক অঞ্চলটো দক্ষতাৰে চলাব পৰা নাছিল। কিন্তু ইমৰাণ খান নেতৃত্বাধীন পাকিস্তান তেহৰিক-ই-ইনছাফ (পিটিআই) চৰকাৰে ইয়াক পুনৰুজ্জীৱিত কৰাৰ বাবে এক পদক্ষেপ আৰম্ভ কৰে, যাৰ ফলত চুক্তি লাভৰ বাবে চীন আৰু ৰাছিয়াৰ মাজত প্ৰতিযোগিতাৰ সৃষ্টি হয়। এতিয়া বহু বছৰ পাছত এই চুক্তিত এতিয়া ৰাছিয়াই স্বাক্ষৰ কৰে।
অন্য খবৰ পঢ়কঃ চীনে ভাৰতৰ বাবে তৈয়াৰ কৰি আছে জলবোমা! উদ্বেগ প্ৰকাশ পেমা খাণ্ডুৰ