গৰমৰ দিনত টেঙামৰাৰ পাত বা গুটি কিয় খাব লাগে?

13 July 2025

TV9 ASSAM

Photos Credit: freepix/Unsplash

টেঙামৰা পাত বা ইয়াৰ গুটিৰ সৈতে মাছৰ জোল অসমীয়া পৰম্পৰাগত খাদ্যৰ অংশ। গ্ৰীষ্মকালত অসমীয়া ৰন্ধন প্ৰণালীত প্ৰায়ে এই শাক বিধ ব্যৱহাৰ কৰা হয়।

টেঙামৰা পাত

টেঙামৰাৰ বহুতো ঔষধি গুণ আছে, যেনে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰা, নিম্ন ৰক্তচাপ নিয়ন্ত্ৰণ কৰা, আৰু আভোক দূৰ কৰা। 

ঔষধি গুণ

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে টেঙামৰা পাত বা গুটি অতি উপকাৰী। টেঙামৰাৰ পাতৰ ৰসে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। 

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ

নিম্ন ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে টেঙামৰা উপকাৰী। যিসকল লোকৰ নিম্ন ৰক্তচাপ আছে তেওঁ টেঙামৰা পাত বা গুটি খাব পাৰে।

নিম্ন ৰক্তচাপ নিয়ন্ত্ৰণ

আভোক দূৰ কৰে। টেঙামৰা বীজৰ ৰসে আভোক দূৰ কৰে বুলি কোৱা হয়। এই শাকত অধিক ভিটামিন চি থাকে বাবে শৰীৰৰ বাবে ই উপকাৰী।

আভোক দূৰ কৰে

পেটৰ সমস্যাৰ বাবেও টেঙামৰা পাত উপকাৰী। গৰম দিনত হোৱা পেটৰ সমস্যা যেনে- কোষ্ঠকাঠিন্য, গেষ্ট্ৰিক আদিৰ বাবে টেঙামৰাৰ পাত আৰু গুটি উপকাৰী। 

পেটৰ সমস্যা

টেঙামৰাৰ শাকে স্নায়ু সবল কৰাৰ লগতে দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ লগতে ছালৰ বাবেও ই উপকাৰী।

অন্যান্য উপকাৰিতা

পঢ়িবলৈ ক্লিক কৰক

কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত কাজি নেমুৰ উপকাৰিতা