শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Gold Price Today: মধ্যবিত্তৰ বাবে বেয়া খবৰ! পুনৰ আকাশলংঘী সোণৰ মূল্য

Gold Price Today: মধ্যবিত্তৰ বাবে বেয়া খবৰ! পুনৰ আকাশলংঘী সোণৰ মূল্য

barasha-misra
Barasha Misra | Published: 12 Jul 2025 19:57 PM

২৪ কেৰেট সোণৰ মূল্য এতিয়া ১১৫০ টকা বৃদ্ধি পাই প্ৰতি ১০ গ্ৰামত ৯৮,২০০ টকা হৈছে। আমেৰিকাত মুদ্ৰাস্ফীতিৰ হাৰ আশা কৰাতকৈ কম হোৱাৰ বাবে তাত সুতৰ হাৰ কৰ্তনৰ সম্ভাৱনা বৃদ্ধি পাইছে। এই বিশ্বব্যাপী প্ৰভাৱ ভাৰতৰ সোণ-ৰূপৰ বজাৰতো দেখা গ’ল।

ভাৰতৰ বজাৰত একেৰাহে বৃদ্ধি পাইছে সোণৰ মূল্য। ১২ জুলাইত পুনৰ সোণৰ দাম বৃদ্ধি হোৱা দেখা গৈছে। ২৪ কেৰেট সোণৰ মূল্য এতিয়া ১১৫০ টকা বৃদ্ধি পাই প্ৰতি ১০ গ্ৰামত ৯৮,২০০ টকা হৈছে। আমেৰিকাত মুদ্ৰাস্ফীতিৰ হাৰ আশা কৰাতকৈ কম হোৱাৰ বাবে তাত সুতৰ হাৰ কৰ্তনৰ সম্ভাৱনা বৃদ্ধি পাইছে। এই বিশ্বব্যাপী প্ৰভাৱ ভাৰতৰ সোণ-ৰূপৰ বজাৰতো দেখা গ’ল।

১২ জুলাইত ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯০,০১৭ টকা হয়। অৱশ্যে দুদিন বৃদ্ধিৰ অন্তত বুলিয়নৰ বজাৰত সুস্থিৰ হৈ পৰিল ৰূপ। ১০ জুলাইত ১ কেজি ৰূপৰ মূল্য আছিল ১,০৯,২৩০ টকা, যিটো ১১ জুলাইত ১,১৩,২৫০ টকালৈ বৃদ্ধি পাইছিল।

গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি, আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,৯৭১ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,১৪০ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰামত ৭,৪৭৯ টকা। ইফালে আজিৰ দিনটোত গুৱাহাটীত ৰূপৰ মূল্য হৈছে প্ৰতি গ্ৰামত ১১৫ টকা আৰু প্ৰতি কিলোগ্ৰামত ১,১৫,০০০ টকা।

সবিশেষ ভিডিঅ’টোত চাওক…