TV9 ASSAM
সাধাৰণতে মানুহে মানিবেগত টকাৰ লগতে আন প্ৰয়োজনীয় কিছু বস্তুও থয়। বহুলোকে মানিবেগত নিজৰ আপোনজনৰ ফটোও ৰখা দেখা যায়।
পত্নীৰ ফটো মানিবেগত ৰখা অভ্যাস বহুলোকৰে আছে। পিছে এনে অভ্যাসৰ ফলত কি হ’ব পাৰে, জ্যোতিষ শাস্ত্ৰত এই বিষয়ে উল্লেখ আছে।
জ্যোতিষ শাস্ত্ৰ মতে পত্নীৰ ফটো মানিবেগত ৰখাটো অত্যন্ত শুভ। যি লোকে পত্নীৰ ফটো মানীবেগত ৰাখে, তেওঁৰ শুক্ৰৰ উন্নতি হ’বলৈ আৰম্ভ কৰে।
শুক্ৰ হৈছে ধনৰ অধিপতি। সেইবাবেই পত্নীৰ বাবে বিয়াৰ পিছত বহু লোকৰ জীৱনত ধন-সম্পত্তি বৃদ্ধি পায়। পত্নীৰ ফটো মানিবেগত ৰাখিলে আৰ্থিক উন্নতি হয়।
শুক্ৰই যিকোনো ব্যক্তিৰ জীৱনলৈ বিলাসীতা কঢ়িয়াই আনিব পাৰে। সেয়ে পত্নীৰ ফটো এখন মানিবেগত ৰাখিলে জীৱন বিলাসী হৈ পৰে।
এগৰাকী বিবাহিত নাৰীক দেৱী লক্ষ্মীৰ ৰূপ বুলি কোৱা হয়। গতিকে নিজৰ পত্নীৰ ছবি মানিবেগত ৰখাটো শুভ। পত্নীৰ ফটো মানিবেগত ৰাখিলে জীৱন উচ্চ মানদণ্ডৰ হৈ পৰে।
যিহেতু শুক্ৰ ধনৰ অধিপতি, গতিকে কোনো ব্যক্তিয়ে পত্নীৰ ছবি মানিবেগত ৰাখিলে তেওঁৰ ধন বৃদ্ধি হ’ব। লগতে প্ৰেম শক্তিশালী হৈ পৰে আৰু মনটোও শান্ত হৈ পৰে।
এই প্ৰতিবেদনত উল্লেখ কৰা দিশসমূহ জ্যোতিষৰ লগত জড়িত তথ্যৰ ওপৰত আধাৰিত। এই ক্ষেত্ৰত TV9 Assam-ৰ কোনো নিজা মতামত নাই।
পঢ়িবলৈ ক্লিক কৰক
এই বাৰত গাখীৰ উতলি বাগৰি পৰা অশুভ